--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মাতৃৰ জঘন্য প্ৰেমৰ চিকাৰ হ'ল এটি কণমানি দেৱশিশু। শিশুটিৰ বয়স হৈছিল মাত্ৰ ১৬ মাহ। নিজ মাতৃৰে পৈশাচিকতাৰ বলি হৈ নেদেখা দেশলৈ গুচি গ'ল কন্যা শিশুটি। ঘটনাটো বৃটেইনৰ। ২০ বছৰীয়া ফ্ৰেংকি স্মিথ আৰু ২৮ বৰ্ষীয় ছাৱানা ব্ৰকহিলৰ মাজত আছিল সমকামী প্ৰেমৰ সম্পৰ্ক। ছাৱানা ব্ৰকহিলৰ ঘৰত দুয়ো বহুদিন ধৰি একেলগে বাস কৰিছিল। লগত আছিল ফ্ৰেংকি স্মিথৰ ১৬ মহীয়া কন্যা সন্তান ষ্টাৰ হাবচন। মৰমলগা কণমানি ষ্টাৰ যেন চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছিল ফ্ৰেংকি আৰু ছাৱানাৰ বাবে কাৰণ দুয়ো বিচাৰিছিল তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ মাজত কোনো নাথাকক।

এদিনাখন ষ্টাৰ হাবচনক তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ফুল যেন কোমল দেহটোত আঘাত আৰু প্ৰহাৰৰ চিহ্ন স্পষ্ট আছিল। চিকিৎসকে বহু চেষ্টা কৰিও ষ্টাৰৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত ফ্ৰেংকি আৰু ছাৱানাক সোধাপোছা কৰে আৰু তেওঁলোকে কয় যে ষ্টাৰ এক দুৰ্ঘটনাত পতিত হৈছিল, যাৰবাবে তেওঁ গুৰুতৰভাবে আঘাত পায়। কিন্তু শিশুটিৰ অৱস্থা দেখি আৰক্ষীয়ে ফ্ৰেংকি আৰু ছাৱানাৰ মন্তব্য অযুক্তিকৰ বুলি বুজি পাইছিল। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে আৰু শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত লিখা আছিল যে মাৰপিট,তীব্ৰ আঘাত, ঘোচা, পেটত লাথ মৰা আৰু ভৰিৰে গচকি গচকি পিষ্ট কৰাৰ ফলত মৃত্যু হৈছিল ১৬ মহীয়া ষ্টাৰৰ। কেঁচুৱাটোৰ সোঁভৰিৰ দুডাল হাড় ভঙা আছিল। মূৰৰ পিছফালে হাড় ভঙা আৰু আঘাতৰ কথাও উল্লেখ কৰা হৈছিল প্ৰতিবেদনত। কণমানিজনীক বিভিন্ন সময়ত কেইবাবাৰো অত্যাচাৰ কৰা হৈছিল।

দুৰ্ভগীয়া ষ্টাৰ হাবচন

আৰু পঢ়কঃ পাচলি কিনিবলৈ গৈ দুই ভগ্নীয়ে ল’লে ভয়ংকৰ পদক্ষেপ! ৰসহ্যঘন ঘটনাটোত আৰক্ষীও হায়ৰাণ

কেৱল সেয়াই নহয়, হত্যাৰ দিনা অধিক আঘাতপ্ৰাপ্ত হোৱাৰ পিছত দুয়োগৰাকী মহিলাই এম্বুলেন্সখনক বহু পলমকৈ মাতিছিল। প্ৰতিবেদনৰ পৰা স্পষ্ট হৈ পৰে যে সেয়া কোনো দুৰ্ঘটনা নাছিল, কেঁচুৱাজনীক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। প্ৰতিবেদনৰ পিছতেই আৰক্ষীয়ে দুই সমকামী প্ৰেমিকাক গ্ৰেপ্তাৰ কৰে। ঘটনাটো এবছৰ পুৰণি যদিও আদালতত এতিয়াও এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। প্ৰথমে দুয়ো অভিযোগবোৰ অস্বীকাৰ কৰে আৰু ষ্টাৰ দুৰ্ঘটনাত পতিত হৈয়ে মৃত্যুক সাবটা বুলি বাৰে বাৰে কয় আৰক্ষীক আৰু আদালতক। কিন্তু সত্য জানো লুকাই থাকে, অৱশেষত ফ্ৰেংকি আৰু ছাৱানাই ষ্টাৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। এই দুই পিশাচিনীৰ কঠোৰতকৈও কঠোৰ শাস্তিৰ কামনা কৰিছে বৃটেইনবাসীয়ে। এই হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে বিভিন্নজনে মন্তব্য কৰিছে যে, ''ক্ষমা কৰিবা ষ্টাৰ এই পৃথিৱী হয়তো তোমাৰ বাবে নাছিল…যোৱা ষ্টাৰ আকাশতে তুমি 'ষ্টাৰ' হৈ জিলিকি থাকা।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু