--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মাতৃৰ জঘন্য প্ৰেমৰ চিকাৰ হ'ল এটি কণমানি দেৱশিশু। শিশুটিৰ বয়স হৈছিল মাত্ৰ ১৬ মাহ। নিজ মাতৃৰে পৈশাচিকতাৰ বলি হৈ নেদেখা দেশলৈ গুচি গ'ল কন্যা শিশুটি। ঘটনাটো বৃটেইনৰ। ২০ বছৰীয়া ফ্ৰেংকি স্মিথ আৰু ২৮ বৰ্ষীয় ছাৱানা ব্ৰকহিলৰ মাজত আছিল সমকামী প্ৰেমৰ সম্পৰ্ক। ছাৱানা ব্ৰকহিলৰ ঘৰত দুয়ো বহুদিন ধৰি একেলগে বাস কৰিছিল। লগত আছিল ফ্ৰেংকি স্মিথৰ ১৬ মহীয়া কন্যা সন্তান ষ্টাৰ হাবচন। মৰমলগা কণমানি ষ্টাৰ যেন চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছিল ফ্ৰেংকি আৰু ছাৱানাৰ বাবে কাৰণ দুয়ো বিচাৰিছিল তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ মাজত কোনো নাথাকক।

এদিনাখন ষ্টাৰ হাবচনক তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ফুল যেন কোমল দেহটোত আঘাত আৰু প্ৰহাৰৰ চিহ্ন স্পষ্ট আছিল। চিকিৎসকে বহু চেষ্টা কৰিও ষ্টাৰৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত ফ্ৰেংকি আৰু ছাৱানাক সোধাপোছা কৰে আৰু তেওঁলোকে কয় যে ষ্টাৰ এক দুৰ্ঘটনাত পতিত হৈছিল, যাৰবাবে তেওঁ গুৰুতৰভাবে আঘাত পায়। কিন্তু শিশুটিৰ অৱস্থা দেখি আৰক্ষীয়ে ফ্ৰেংকি আৰু ছাৱানাৰ মন্তব্য অযুক্তিকৰ বুলি বুজি পাইছিল। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে আৰু শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত লিখা আছিল যে মাৰপিট,তীব্ৰ আঘাত, ঘোচা, পেটত লাথ মৰা আৰু ভৰিৰে গচকি গচকি পিষ্ট কৰাৰ ফলত মৃত্যু হৈছিল ১৬ মহীয়া ষ্টাৰৰ। কেঁচুৱাটোৰ সোঁভৰিৰ দুডাল হাড় ভঙা আছিল। মূৰৰ পিছফালে হাড় ভঙা আৰু আঘাতৰ কথাও উল্লেখ কৰা হৈছিল প্ৰতিবেদনত। কণমানিজনীক বিভিন্ন সময়ত কেইবাবাৰো অত্যাচাৰ কৰা হৈছিল।

দুৰ্ভগীয়া ষ্টাৰ হাবচন

আৰু পঢ়কঃ পাচলি কিনিবলৈ গৈ দুই ভগ্নীয়ে ল’লে ভয়ংকৰ পদক্ষেপ! ৰসহ্যঘন ঘটনাটোত আৰক্ষীও হায়ৰাণ

কেৱল সেয়াই নহয়, হত্যাৰ দিনা অধিক আঘাতপ্ৰাপ্ত হোৱাৰ পিছত দুয়োগৰাকী মহিলাই এম্বুলেন্সখনক বহু পলমকৈ মাতিছিল। প্ৰতিবেদনৰ পৰা স্পষ্ট হৈ পৰে যে সেয়া কোনো দুৰ্ঘটনা নাছিল, কেঁচুৱাজনীক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। প্ৰতিবেদনৰ পিছতেই আৰক্ষীয়ে দুই সমকামী প্ৰেমিকাক গ্ৰেপ্তাৰ কৰে। ঘটনাটো এবছৰ পুৰণি যদিও আদালতত এতিয়াও এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। প্ৰথমে দুয়ো অভিযোগবোৰ অস্বীকাৰ কৰে আৰু ষ্টাৰ দুৰ্ঘটনাত পতিত হৈয়ে মৃত্যুক সাবটা বুলি বাৰে বাৰে কয় আৰক্ষীক আৰু আদালতক। কিন্তু সত্য জানো লুকাই থাকে, অৱশেষত ফ্ৰেংকি আৰু ছাৱানাই ষ্টাৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। এই দুই পিশাচিনীৰ কঠোৰতকৈও কঠোৰ শাস্তিৰ কামনা কৰিছে বৃটেইনবাসীয়ে। এই হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে বিভিন্নজনে মন্তব্য কৰিছে যে, ''ক্ষমা কৰিবা ষ্টাৰ এই পৃথিৱী হয়তো তোমাৰ বাবে নাছিল…যোৱা ষ্টাৰ আকাশতে তুমি 'ষ্টাৰ' হৈ জিলিকি থাকা।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ