--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। ৰাজ্য খনৰ এখন বিদ্যালয়ৰ  দশম শ্ৰেণীৰ এগৰাকী  শিক্ষাৰ্থীয়ে শিক্ষয়িত্ৰীৰ গালি আৰু প্ৰহাৰৰ সন্মুখীন হৈ জীৱনৰ  চূড়ান্ত সিদ্ধান্ত লৈছে। 

ঘটনাটো ঝাৰখণ্ডৰ ধানবাদত সংঘটিত হৈছে । ইংৰাজী মাধ্যমৰ এখন প্ৰতিষ্ঠিত বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ঊষা কুমাৰীয়ে কপালত ফোট  পিন্ধি বিদ্যালয়লৈ গৈছিল। তেওঁ কিয় টিপ ফোট  পিন্ধি বিদ্যালয়লৈ আহিছে সেই বিষয়ত শ্ৰেণী শিক্ষয়িত্ৰীয়ে তেওঁক প্ৰশ্ন কৰে।   অভিযোগ কৰা হৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে  বিদ্যালয়ৰ প্ৰাৰ্থনাৰ সময়ত ছাত্ৰীগৰাকীক  সহপাঠীসকলৰ সন্মুখতে দুৰ্ব্যৱহাৰ কৰিছিল।

 ছাত্ৰীগৰাকীক শিক্ষয়িত্ৰীয়ে চৰো মাৰিছিল।  এই অপমান সহ্য কৰিব নোৱাৰি ছাত্ৰীগৰাকীয়ে  ঘৰলৈ উভতি অহাৰ পিছত  ফাঁচী লগাই আত্মহত্যা কৰে। ধনবাদ আৰক্ষীৰ মতে ঊষা হনুমানগড়ী কলনিৰ বাসিন্দা আছিল। মৃতদেহটো তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। তেওঁ আত্মহত্যা কৰাৰ আগতে এটা চুইচাইড নোটো লিখি থৈ গৈছে। আৰক্ষীয়ে উষাই লিখি থৈ যোৱা  চিঠিখন তেওঁৰ বিদ্যালয়ৰ ইউনিফৰ্মৰ পকেটত উদ্ধাৰ কৰিছে। 

তেতুলমাৰী আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি ঊষাই কয় যে তেওঁৰ মৃত্যুৰ বাবে শিক্ষয়িত্ৰীগৰাকী আৰু বিদ্যালয়খনৰ অধ্যক্ষক  দায়ী কৰিছে। ঊষাৰ মৃত্যুৰ পিছত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। এই ঘটনাৰ পিছতে উষাৰ চুবুৰীয়াসকলে বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছে। তেওঁলোকে শিক্ষয়িত্ৰীগৰাকীৰ লগতে  আৰু অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। 

প্ৰতিবাদৰ খবৰ পোৱাৰ পিছতে  আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তেতুলমাৰী আৰক্ষী থানাৰ বিষয়া আশীষ কুমাৰ যাদৱে কয়  যে অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অভিযুক্ত শিক্ষয়িত্ৰী  আৰু ছেইণ্ট জেভিয়াৰ স্কুলৰ অধ্যক্ষক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ লগতে প্ৰতিবাদকাৰীসকলক আশ্বাস দিয়ে যে যদি তেওঁলোক দোষী সাব্যস্ত হয়  তেন্তে তেওঁলোকক উপযুক্ত শাস্তি বিহা  হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস