--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। ৰাজ্য খনৰ এখন বিদ্যালয়ৰ  দশম শ্ৰেণীৰ এগৰাকী  শিক্ষাৰ্থীয়ে শিক্ষয়িত্ৰীৰ গালি আৰু প্ৰহাৰৰ সন্মুখীন হৈ জীৱনৰ  চূড়ান্ত সিদ্ধান্ত লৈছে। 

ঘটনাটো ঝাৰখণ্ডৰ ধানবাদত সংঘটিত হৈছে । ইংৰাজী মাধ্যমৰ এখন প্ৰতিষ্ঠিত বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ঊষা কুমাৰীয়ে কপালত ফোট  পিন্ধি বিদ্যালয়লৈ গৈছিল। তেওঁ কিয় টিপ ফোট  পিন্ধি বিদ্যালয়লৈ আহিছে সেই বিষয়ত শ্ৰেণী শিক্ষয়িত্ৰীয়ে তেওঁক প্ৰশ্ন কৰে।   অভিযোগ কৰা হৈছে যে শিক্ষয়িত্ৰীগৰাকীয়ে  বিদ্যালয়ৰ প্ৰাৰ্থনাৰ সময়ত ছাত্ৰীগৰাকীক  সহপাঠীসকলৰ সন্মুখতে দুৰ্ব্যৱহাৰ কৰিছিল।

 ছাত্ৰীগৰাকীক শিক্ষয়িত্ৰীয়ে চৰো মাৰিছিল।  এই অপমান সহ্য কৰিব নোৱাৰি ছাত্ৰীগৰাকীয়ে  ঘৰলৈ উভতি অহাৰ পিছত  ফাঁচী লগাই আত্মহত্যা কৰে। ধনবাদ আৰক্ষীৰ মতে ঊষা হনুমানগড়ী কলনিৰ বাসিন্দা আছিল। মৃতদেহটো তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। তেওঁ আত্মহত্যা কৰাৰ আগতে এটা চুইচাইড নোটো লিখি থৈ গৈছে। আৰক্ষীয়ে উষাই লিখি থৈ যোৱা  চিঠিখন তেওঁৰ বিদ্যালয়ৰ ইউনিফৰ্মৰ পকেটত উদ্ধাৰ কৰিছে। 

তেতুলমাৰী আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি ঊষাই কয় যে তেওঁৰ মৃত্যুৰ বাবে শিক্ষয়িত্ৰীগৰাকী আৰু বিদ্যালয়খনৰ অধ্যক্ষক  দায়ী কৰিছে। ঊষাৰ মৃত্যুৰ পিছত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। এই ঘটনাৰ পিছতে উষাৰ চুবুৰীয়াসকলে বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছে। তেওঁলোকে শিক্ষয়িত্ৰীগৰাকীৰ লগতে  আৰু অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। 

প্ৰতিবাদৰ খবৰ পোৱাৰ পিছতে  আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। তেতুলমাৰী আৰক্ষী থানাৰ বিষয়া আশীষ কুমাৰ যাদৱে কয়  যে অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অভিযুক্ত শিক্ষয়িত্ৰী  আৰু ছেইণ্ট জেভিয়াৰ স্কুলৰ অধ্যক্ষক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ লগতে প্ৰতিবাদকাৰীসকলক আশ্বাস দিয়ে যে যদি তেওঁলোক দোষী সাব্যস্ত হয়  তেন্তে তেওঁলোকক উপযুক্ত শাস্তি বিহা  হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত