--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এক বিশেষ নিৰ্দেশৰ জৰিয়তে সংবাদ শিৰোনাম দখল কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চতম ন্যায়ালয়ে আজি কয় যে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে যিকোনো আদালতে আদেশ দিয়াটো সাংবিধানিক দৰ্শনৰ বিৰোধী।

বিষয়টো ধৰ্ষণৰ পৰা ৰক্ষা পোৱা এগৰাকী মহিলাই কৰা আবেদনৰ সৈতে জড়িত, য’ত তেওঁৰ গৰ্ভাৱস্থা বন্ধ কৰাৰ অনুমতি বিচাৰিছিল। উচ্চতম ন্যায়ালয়ে বিষয়টো তালিকাভুক্ত কৰাৰ পাছত শনিবাৰে উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশ গৃহীত কৰি উচ্চতম ন্যায়ালয়ে এই কঠোৰ মন্তব্য প্ৰদান কৰে। উচ্চ ন্যায়ালয়ে আবেদনকাৰীক সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁৰ গৰ্ভধাৰণ বন্ধ কৰাৰ অনুমতি দিছে।

উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰাথ্না আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে আদেশৰ খবৰ পোৱাৰ পাছতে কয় যে, "গুজৰাট উচ্চ ন্যায়ালয়ত কি হৈছে? ভাৰতৰ কোনো আদালতে উচ্চতম ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে আদেশ দিব নোৱাৰে। ই সাংবিধানিক দৰ্শনৰ বিৰুদ্ধে।"

গুজৰাট চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে শনিবাৰৰ এই নিৰ্দেশ কেৱল এটা “কেৰাণীৰ ভুল” সমাধানৰ বাবেহে গৃহীত কৰা হৈছে। পূৰ্বৰ আদেশত কেৰাণীৰ ভুল আছিল আৰু সেইটো শনিবাৰে ঠিক কৰা হৈছিল।এয়া ভুল বুজাবুজি আছিল বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰ হিচাপে আমি ন্যায়াধীশক আদেশ পুনৰ আহ্বান কৰিবলৈ অনুৰোধ কৰিম।

শনিবাৰে উচ্চতম ন্যায়ালয়ে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ আবেদনৰ সিদ্ধান্ত লোৱাত উচ্চ ন্যায়ালয়ে পলম কৰাৰ কথা উল্লেখ কৰি কয় যে তেওঁ “মূল্যৱান সময়” হেৰুৱাইছে। তাৰ পাছত ন্যায়াধীশ নাগাৰাথ্না আৰু ন্যায়াধীশ ভূঞাৰ বিচাৰপীঠে আজি বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব বুলি কয়।

উচ্চ ন্যায়ালয়ৰ “অপৰাধ্য মনোভাৱ”ক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ে শনিবাৰে গুজৰাট চৰকাৰ আৰু অন্যান্যসকলক জাননী জাৰি কৰি মহিলাগৰাকীৰ আবেদনৰ ওপৰত তেওঁলোকৰ সঁহাৰি বিচাৰিছে।২৫ বছৰীয়া যুৱতীগৰাকীৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত জনোৱা মতে,মহিলাগৰাকী যোৱা ৭ আগষ্টত আদালতৰ কাষ চাপিছিল আৰু পাছদিনা বিষয়টোৰ শুনানি গ্ৰহণ কৰা হৈছিল। ৮ আগষ্টত উচ্চ ন্যায়ালয়ে আবেদনকাৰীৰ গৰ্ভাৱস্থাৰ অৱস্থা আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত চকু ৰাখিবলৈ চিকিৎসা ব’ৰ্ড গঠন কৰিবলৈ নিৰ্দেশ দিছিল।ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীক এখন চিকিৎসা মহাবিদ্যালয়ে পৰীক্ষা কৰি ১০ আগষ্টত প্ৰতিবেদন দাখিল কৰে।আবেদনকাৰীৰ অধিবক্তাই জনোৱা মতে, প্ৰতিবেদনত গৰ্ভধাৰণ বন্ধ কৰিব পৰা যাব বুলি ৰায় দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে প্ৰতিবেদনখন ১১ আগষ্টত উচ্চ ন্যায়ালয়ে ৰেকৰ্ডত লৈছিল যদিও আচৰিতভাৱে বিষয়টো ১২ দিনৰ পাছত তালিকাভুক্ত কৰা হয়৷বিচাৰপীঠে লগতে উল্লেখ কৰে যে আবেদনকাৰীৰ অধিবক্তাই জনাইছে যে বিষয়টোৰ গোচৰৰ অৱস্থাৰ পৰা দেখা গৈছে যে উচ্চ ন্যায়ালয়ে ১৭ আগষ্টত আবেদন নাকচ কৰিছিল, কিন্তু কোনো কাৰণ দিয়া হোৱা নাই, আৰু এই আদেশ এতিয়াও উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা হোৱা নাই।

ইয়াৰ পৰছত আবেদনকাৰীৰ অধিবক্তাই আদালতত কয় যে তেওঁ অতি সোনকালে গৰ্ভাৱস্থাৰ ২৮ সপ্তাহৰ কাষ চাপিব আৰু লগতে কয় যে নতুন চিকিৎসা প্ৰতিবেদন বিচাৰিব লাগে। ইয়াৰ পাছত আদালতে আবেদনকাৰীক পুনৰ মেডিকেল ব’ৰ্ডৰ সন্মুখত হাজিৰ হ’বলৈ কয়।

সতেজ পৰীক্ষাৰ অন্তত আজি উচ্চতম ন্যায়ালয়ে গৰ্ভধাৰণ বন্ধ কৰাৰ অনুমতি প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ে কয় যে,"কৰিবলগীয়া চিকিৎসা পদ্ধতিৰ পাছত যদি ভ্ৰুণটো জীয়াই থকা দেখা যায়, তেন্তে ভ্ৰুণটো জীয়াই থকাটো নিশ্চিত কৰিবলৈ চিকিৎসালয়খনে ইনকিউবেচনকে ধৰি সকলো সুবিধা দিব লাগে। তাৰ পাছত ৰাজ্যই শিশুটিক দত্তক লোৱাটো নিশ্চিত কৰাৰ বাবে পদক্ষেপ ল'ব লাগিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ