--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৭ চন ছেপ্টেম্বৰ। সুন্দৰ বতৰ। সমগ্ৰ আমেৰিকাৰ সকলো নাগৰিকে ছেপ্তেম্বৰ মাহৰ সময়খিনি উপভোগ কৰি আছিল। সেই মাহৰে এটা সন্ধিয়া এটা ৰহস্যময় ঘটনা ঘটে।

আমেৰিকাৰ জৰ্জিয়া ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে আটলাণ্টা। মিনি উইন্সটন আৰু উইলিয়াম উইন্সটন সেই চহৰৰে বাসিন্দা আছিল। সত্তৰৰ দশকৰ দম্পতীহালৰ ঘৰতে হয় এটা ৰহস্যময় ঘটনা। যি তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছিল। সেই ঘৰটোৰ "ৰক্তাক্ত" ইতিহাস আজিও বহুতে পাহৰা নাই।

সেইসময়ত মিনিৰ বয়স ৭৭ বছৰ। জানিব পৰা মতে, ৮ ছেপ্টেম্বৰৰ সন্ধিয়া মিনি গা ধুই বাথৰুমৰ পৰা ওলাই আহিছিল মাত্ৰ। দেখা পালে বাথৰুমৰ বাহিৰতে তেজ পৰি আছে। ক’ৰ পৰা তেজখিনি আহি পৰিল একো উৱাদিহ নাপালে।

মিনিয়ে প্ৰথমে তাইৰ শৰীৰটো পৰীক্ষা কৰিলে, কিন্তু ক’তো তেজৰ কোনো লক্ষণ দেখা নগ’ল। তেওঁ লক্ষ্য কৰিলে বাথৰুমৰ মজিয়াত তেজৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। তাই দৌৰি গ’ল স্বামীৰ ওচৰলৈ।

মিনিৰ স্বামী উইলিয়ামৰ বয়স আছিল ৭৯ বছৰ। শোৱা কোঠাতে শুই আছিল তেওঁ। পত্নীৰ কথা শুনি উঠি আহিল। বাথৰুমৰ সন্মুখলৈ গৈ দুয়োজনে তেজৰ প্ৰকাৰ পৰীক্ষা কৰিলে।

প্ৰথম অৱস্থাত দম্পতীহালে ভাবিছিল যে আঘাতপ্ৰাপ্ত হৈ তেওঁলোকৰ ঘৰত নিগনি বা আন কোনো জন্তু প্ৰৱেশ কৰিছে। কিন্তু গোটেই ঘৰটো বিচৰাৰ পিছতো একো পোৱা নগ’ল। বৰঞ্চ যি হ’ল সেয়া আৰু ভয়ানক।

বৃদ্ধ দম্পতীহালে কেৱল বাথৰুমৰ পৰাই নহয়, গোটেই ঘৰটোতে তেজ বৈ আছে। ঘৰৰ প্ৰতিখন বেৰ, দুৱাৰ, খিৰিকীৰ চিল, আনকি বেছমেণ্টতো তেজ লাগি আছে। গোটেই ঘৰখন ৰঙা হৈ পৰিল। যেন ঘৰটোৰ পৰাহে তেজ নিগৰিছে।

দম্পতীহালে আৰক্ষীক ফোন কৰে। আৰক্ষীয়ে প্ৰথমে তেওঁলোকৰ ঘৰলৈ কোনোবা আহিছে নেকি বা কোনোবাই ঘৰত লুকাই চুৰকৈ সোমাইছে নে নাই চাবলৈ আহিছিল। কিন্তু ক’তো একো পোৱা নগ’ল।

ঘৰখনক কেন্দ্ৰ কৰি ৰহস্য বাঢ়ি গৈ থাকিল। আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি ডিটেক্টিভলৈকে কোনেও তেজৰ উৎস বিচাৰি নাপালে। সেই ঘৰত কোনো পোহনীয়া জন্তুও নাছিল। দম্পতীহালে অকলে বাস কৰিছিল। এই কাণ্ডক ‘অত্যন্ত আচৰিত’ বুলি অভিহিত কৰা হ’ল।

একাংশই দাবী কৰিছিল যে মিশ্ৰিত এটা ৰঙা তৰল পদাৰ্থকে প্ৰকৃততে তেজ বুলি ভুল কৰা হৈছে। অৱশ্যে পৰীক্ষাৰ অন্তত সেই দাবী নুই কৰে বিশেষজ্ঞসকলে।

পৰীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে ঘৰৰ বেৰৰ পৰা তেজ বৈ গৈছে। ই কোনো জন্তুৰ তেজ নহয়, বৰঞ্চ মানুহৰ তেজ! কেৱল সেয়াই নহয়, তেজবোৰৰ গ্ৰুপ আছিল অ’ গ্ৰুপ!

দম্পতীহালৰ তেজৰ গ্ৰুপ আছিল এ গ্ৰুপ। ফলত বেৰত থকা তেজ তেওঁলোকৰ শৰীৰৰ নহয়। তেওঁলোকৰ পৰিয়ালৰ আন কাৰো সদস্যৰো অ’ গ্ৰুপৰ তেজ নাছিল।

এই ঘটনাটোৰ তদন্ত দীৰ্ঘদিন ধৰি চলি থাকিল। উত্তৰ বিচাৰি আৰক্ষী বিফল হ’ল। ৰহস্যৰ কোনো সমাধান পোৱা নগ’ল।

লাহে লাহে ঘৰটো সমগ্ৰ আমেৰিকাত চৰ্চাৰ কেন্দ্ৰ হৈ পৰিল। দিনে নিশাই সাংবাদিকৰ ভীৰ বাঢ়ি আহিল। ‘ৰক্তাক্ত’ ঘৰটো চাবলৈ বহুতে ভিৰ কৰিছিল।

বহুতে ইয়াক সম্পূৰ্ণ প্ৰৱঞ্চনা বুলিও দাবী কৰিছিল। আৰক্ষীয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিল যে উইন্সটন পৰিয়ালে ঘৰটোত কোনো অলৌকিক ঘটনা সংঘটিত হোৱা দেখিছিল নেকি? কিন্তু দম্পতীহালে জনায় যে তেওঁলোকে কেতিয়াও তেনেকুৱা একো দেখা নাই। যোৱা ২২ বছৰ ধৰি সেই ঘৰতেই বসবাস কৰি আছে বুলিও কয়। কেতিয়াও অস্বাভাৱিক কোনো কথাৰ সন্মুখীন হোৱা নাছিল।

আৰক্ষীৰ মতে, বৃদ্ধ দম্পতীহাল আৰু তেওঁলোকৰ সন্তানৰ মাজত সম্পৰ্ক ভাল নাছিল। সম্পৰ্কৰ এই তিক্ততা মূলতঃ সম্পত্তিকেন্দ্ৰীক। তেওঁলোকৰ এগৰাকী কন্যাই চিকিৎসালয়ত কাম কৰিছিল। মাক-দেউতাকক পাগল প্ৰতিপন্ন কৰি ঘৰটোৰ সম্পত্তি দখল কৰিবলৈকে তেজ বিয়পাইছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছিল।

ইয়াৰ উপৰিও উইলিয়াম নিজেই ডায়েলাইছিছ ৰোগী আছিল। ৰোগবিধৰ ফলতে তেওঁৱেই কোনো কাৰণত তেজ বিয়পাইছে নেকি তদন্ত কৰে আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ এই সকলোবোৰ তত্ত্বই উপযুক্ত প্ৰমাণ নাপালে।

এতিয়াও এই ঘৰটোৰ ৰহস্যৰ সমাধান হোৱা নাই। এই সম্পৰ্কে কেইবাখনো গ্ৰন্থও প্ৰকাশ হৈছে। কিন্তু আজিও ৰহস্যৰ আৱৰ্তত আটলাণ্টাৰ ব্লাড হাউছ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন