--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ ক্ষেত্ৰত বলীউডৰ অন্যতম জনপ্ৰিয় আৰু চৰ্চিত অভিনেত্ৰী কংগনা ৰানাৱত। এইবাৰ কংগনাই ছলমান খানক প্ৰেমৰ প্ৰস্তাৱ দিয়ে ‘বিগ বছ’ৰ মঞ্চত। কিন্তু তাৰ ভিতৰত আটাইতকৈ চকু কপালত তুলিব পৰা কথাটো হ’ল ‘বিগ বছ’ৰ আয়োজক ছলমানৰ সৈতে তেওঁৰ কথা-বতৰা৷

বিগ বছ'ৰ মঞ্চত ছলমান অহাৰ আগতেই আহিছিল কংগনা। তেওঁ নিজকে ছলমানৰ দৰে আদৰণি জনাইছিল। ভাইজান আহি পিছফালে থিয় হ’ল। কংগনাৰ অনুকৰণ দেখি যথেষ্ট আচৰিত হ’ল। অৱশ্যে ইয়াৰ বাবে তেওঁ আমনি কৰা নাছিল, বৰঞ্চ তেওঁক কংগনাৰ সৈতেও কেইবা মুহূৰ্তলৈ ধেমালি কৰা দেখা গৈছিল।

ছলমানে কংগনাক সুধিলে, যদি কোনোবাই চেটত তাইৰ লগত ফ্লাৰ্ট কৰে তেন্তে তাইৰ খং উঠে নেকি? কংগনাৰ পোনপটীয়া উত্তৰ, "আপোনাৰ দৰে হেণ্ডছাম হ’লে কামত বেছি মনোনিৱেশ কৰা হ'ব।" কংগনাৰ উত্তৰ শুনি ভাইজনে আৰু সাহস পালে। ইয়াৰ পিছত কংগনাক ক’লে, “তোমাক আজি বৰ ধুনীয়া দেখা গৈছে। ১০ বছৰৰ পাছত কি কৰি আছা?'' ছলমানৰ প্ৰশ্ন শুনি কংগনাই হাঁহিলে।

উল্লেখ্য যে এই সপ্তাহত মুক্তি পাব কংগনাৰ পৰৱৰ্তী ছবি ‘তেজস’। কংগনা এতিয়া এই দেশপ্ৰেমমূলক ছবিখনৰ প্ৰচাৰত ব্যস্ত। সেই কামৰ আধাৰত অভিনেত্ৰীগৰাকীয়ে ‘বিগ বছ ১৭’ৰ ঘৰত প্ৰৱেশ কৰিছিল। তালৈ আহি তেওঁ প্ৰতিযোগীসকলৰ লগত মত বিনিময় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান