--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী "ভদ্ৰ চোৰ"! চুৰি কৰি ধৰা পৰাৰ ভয়ত শৌচালয়ত আঙঠি পেলাই দিয়া এগৰাকী অদ্ভুত চোৰ৷ এই আচহুৱা খবৰ আহিছে হায়দৰাবাদৰ পৰা৷সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, হায়দৰাবাদৰ এখন ছাল আৰু চুলিৰ ক্লিনিকৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে এজন গ্ৰাহকৰ পৰা ৩০.৬৯ লাখ টকাৰ হীৰাৰ আঙঠি এটা চুৰি কৰিছিল আৰু এই সন্দৰ্ভত ধৰা পৰাৰ ভয়ত টয়লেট কুমুডত পেলাই দিয়ে৷

তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে এজন প্লাম্বাৰৰ সহায়ত কুমুডত সংযোগ কৰা পাইপলাইনৰ পৰা আঙঠিটো উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত মহিলা কৰ্মচাৰীগৰাকীক চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায়৷

আৰক্ষীৰ মতে, অভিযোগকাৰী মহিলাগৰাকীয়ে যোৱা সপ্তাহত চুলি সৰাৰ বাবে আড়ম্বৰপূৰ্ণ জুবিলী হিলছত অৱস্থিত ক্লিনিকখনলৈ গৈছিল আৰু চুলি সৰাৰ প্ৰতিৰোধী পদ্ধতি গ্ৰহণ কৰা মহিলা কৰ্মচাৰীয়ে তেওঁক আঙঠিটো এটা বাকচত ৰাখিবলৈ কয়৷তাৰ পাছত তেওঁৰ ঘৰত উপস্থিত হোৱাৰ পাছতহে অভিযোগকাৰীয়ে ক্লিনিকত নিজৰ আঙঠিটো পাহৰি যোৱাৰ কথা উপলব্ধি কৰে আৰু কৰ্মচাৰীসকলৰ সৈতে এই বিষয়ে সোধা-পোছা কৰে আৰু একো ফলাফল নোপোৱাৰ বাবে আৰক্ষীৰ অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে তদন্ত গ্ৰহণ কৰি কৰ্মচাৰীসকলক সোধা-পোছা কৰাৰ পাছত মহিলা কৰ্মচাৰীগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে যে তেওঁ আঙঠিটো "চুৰি" কৰি পাৰ্ছত ৰাখিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান