--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী "ভদ্ৰ চোৰ"! চুৰি কৰি ধৰা পৰাৰ ভয়ত শৌচালয়ত আঙঠি পেলাই দিয়া এগৰাকী অদ্ভুত চোৰ৷ এই আচহুৱা খবৰ আহিছে হায়দৰাবাদৰ পৰা৷সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, হায়দৰাবাদৰ এখন ছাল আৰু চুলিৰ ক্লিনিকৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে এজন গ্ৰাহকৰ পৰা ৩০.৬৯ লাখ টকাৰ হীৰাৰ আঙঠি এটা চুৰি কৰিছিল আৰু এই সন্দৰ্ভত ধৰা পৰাৰ ভয়ত টয়লেট কুমুডত পেলাই দিয়ে৷

তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে এজন প্লাম্বাৰৰ সহায়ত কুমুডত সংযোগ কৰা পাইপলাইনৰ পৰা আঙঠিটো উদ্ধাৰ কৰে আৰু পৰৱৰ্তী সময়ত মহিলা কৰ্মচাৰীগৰাকীক চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায়৷

আৰক্ষীৰ মতে, অভিযোগকাৰী মহিলাগৰাকীয়ে যোৱা সপ্তাহত চুলি সৰাৰ বাবে আড়ম্বৰপূৰ্ণ জুবিলী হিলছত অৱস্থিত ক্লিনিকখনলৈ গৈছিল আৰু চুলি সৰাৰ প্ৰতিৰোধী পদ্ধতি গ্ৰহণ কৰা মহিলা কৰ্মচাৰীয়ে তেওঁক আঙঠিটো এটা বাকচত ৰাখিবলৈ কয়৷তাৰ পাছত তেওঁৰ ঘৰত উপস্থিত হোৱাৰ পাছতহে অভিযোগকাৰীয়ে ক্লিনিকত নিজৰ আঙঠিটো পাহৰি যোৱাৰ কথা উপলব্ধি কৰে আৰু কৰ্মচাৰীসকলৰ সৈতে এই বিষয়ে সোধা-পোছা কৰে আৰু একো ফলাফল নোপোৱাৰ বাবে আৰক্ষীৰ অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে তদন্ত গ্ৰহণ কৰি কৰ্মচাৰীসকলক সোধা-পোছা কৰাৰ পাছত মহিলা কৰ্মচাৰীগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে যে তেওঁ আঙঠিটো "চুৰি" কৰি পাৰ্ছত ৰাখিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস