--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে প্ৰেমে কোনো বাধা নামানে। সেয়া লাগিলে বয়সেই হওঁক বা আন্তঃৰাষ্ট্ৰীয় সীমাই হওঁক। পাবজী গেম খেলি খেলি এজন ভাৰতীয় যুৱকৰ সৈতে প্ৰেমত পৰিল এগৰাকী পাকিস্তানী মহিলা।  সেই প্ৰেমৰ বাবেই পািস্তানৰ মহিলাগাকীয়ে  সীমান্তৰ বেৰ পাৰ হৈ এই দেশলৈ আহিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেওঁ অৱশ্যে অকলশৰীয়া নহয়। তেওঁ তেওঁৰ লগত নিজৰ চাৰিটা সন্তানো ভাৰতলৈ লৈ আহিছে।  

মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা পোনে পোনে  গ্ৰেটাৰ নয়ডালৈ আহিছে। কিন্তু সেই প্ৰেমৰ সমাপ্তি বেছ সুখকৰ  হৈ নুঠিল।ভাৰতত অবৈধভাবে প্ৰৱেশ কৰাৰ অভিযোগত পাকিস্তানৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেটাৰ নয়ডাৰ উপায়ুক্ত চাদ মিয়াই কয়  যে পাকিস্তানী মহিলাগৰাকীয়ে পাবজী খেলি খেলি  নয়ডাৰ শচীন নামৰ যুৱক জনৰ প্ৰেমত পৰিছিল। 

তেওঁলোকৰ মাজত বহুদিন ধৰি বাৰ্তালাপ হৈছিল। লাহে লাহে বন্ধুত্ব গভীৰ হৈ পৰিছিল আৰু মহিলাগৰাকীয়ে প্ৰেমিক শচীনক লগ পাবলৈ  ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত লৈছিল। ভাৰতলৈ আহি পাক মহিলাগৰাকীয়ে শচীনৰ সৈতে এখন নতুন সংসাৰ আৰম্ভ কৰাৰ সপোন দেখিছিল। শচীনে গ্ৰেটাৰ নয়ডাত এটা ঘৰ ভাড়াত লৈছিল আৰু মহিলাগৰাকীৰ  সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু মহিলাগৰাকীৰ ওচৰত ভাৰতত  থাকিবলৈ উপযুক্ত  নথিপত্ৰ নাছিল। সেয়ে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

মহিলাগৰাকীৰ লগতে  আৰু তেওঁৰ সংগী শচীনকো সোধা-পোছা কৰা হৈছে। আৰক্ষীয়ে মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা গ্ৰেটাৰ নয়ডালৈ অহা সঠিক উদ্দেশ্যটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। আৰক্ষীয়ে জানিব পাৰিছে যে মহিলাগৰাকীয়ে যোৱা মাহত নেপালৰ মাজেৰে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ বাছযোগে গ্ৰেটাৰ নয়ডাত উপস্থিত হৈছিল। ভাড়াঘৰটোৰ গৰাকী ব্ৰিজেশে কয়  যে তেওঁ মে’ মাহত তেওঁলোকৰ ঘৰটো ভাড়াত লৈছিল। তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে পঞ্জীয়ন কৰি  আৰু বিবাহ কৰিছে। অৱশ্যে  পিছত তেওঁ জানিব পাৰিছিল যে মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা পলায়ন কৰি ভাৰতলৈ আহিছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস