--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাতে আছে প্ৰেমে কোনো বাধা নামানে। সেয়া লাগিলে বয়সেই হওঁক বা আন্তঃৰাষ্ট্ৰীয় সীমাই হওঁক। পাবজী গেম খেলি খেলি এজন ভাৰতীয় যুৱকৰ সৈতে প্ৰেমত পৰিল এগৰাকী পাকিস্তানী মহিলা।  সেই প্ৰেমৰ বাবেই পািস্তানৰ মহিলাগাকীয়ে  সীমান্তৰ বেৰ পাৰ হৈ এই দেশলৈ আহিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেওঁ অৱশ্যে অকলশৰীয়া নহয়। তেওঁ তেওঁৰ লগত নিজৰ চাৰিটা সন্তানো ভাৰতলৈ লৈ আহিছে।  

মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা পোনে পোনে  গ্ৰেটাৰ নয়ডালৈ আহিছে। কিন্তু সেই প্ৰেমৰ সমাপ্তি বেছ সুখকৰ  হৈ নুঠিল।ভাৰতত অবৈধভাবে প্ৰৱেশ কৰাৰ অভিযোগত পাকিস্তানৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেটাৰ নয়ডাৰ উপায়ুক্ত চাদ মিয়াই কয়  যে পাকিস্তানী মহিলাগৰাকীয়ে পাবজী খেলি খেলি  নয়ডাৰ শচীন নামৰ যুৱক জনৰ প্ৰেমত পৰিছিল। 

তেওঁলোকৰ মাজত বহুদিন ধৰি বাৰ্তালাপ হৈছিল। লাহে লাহে বন্ধুত্ব গভীৰ হৈ পৰিছিল আৰু মহিলাগৰাকীয়ে প্ৰেমিক শচীনক লগ পাবলৈ  ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত লৈছিল। ভাৰতলৈ আহি পাক মহিলাগৰাকীয়ে শচীনৰ সৈতে এখন নতুন সংসাৰ আৰম্ভ কৰাৰ সপোন দেখিছিল। শচীনে গ্ৰেটাৰ নয়ডাত এটা ঘৰ ভাড়াত লৈছিল আৰু মহিলাগৰাকীৰ  সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। কিন্তু মহিলাগৰাকীৰ ওচৰত ভাৰতত  থাকিবলৈ উপযুক্ত  নথিপত্ৰ নাছিল। সেয়ে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

মহিলাগৰাকীৰ লগতে  আৰু তেওঁৰ সংগী শচীনকো সোধা-পোছা কৰা হৈছে। আৰক্ষীয়ে মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা গ্ৰেটাৰ নয়ডালৈ অহা সঠিক উদ্দেশ্যটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। আৰক্ষীয়ে জানিব পাৰিছে যে মহিলাগৰাকীয়ে যোৱা মাহত নেপালৰ মাজেৰে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ বাছযোগে গ্ৰেটাৰ নয়ডাত উপস্থিত হৈছিল। ভাড়াঘৰটোৰ গৰাকী ব্ৰিজেশে কয়  যে তেওঁ মে’ মাহত তেওঁলোকৰ ঘৰটো ভাড়াত লৈছিল। তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে পঞ্জীয়ন কৰি  আৰু বিবাহ কৰিছে। অৱশ্যে  পিছত তেওঁ জানিব পাৰিছিল যে মহিলাগৰাকীয়ে  পাকিস্তানৰ পৰা পলায়ন কৰি ভাৰতলৈ আহিছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান