--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসমত ধাৰাবাহিক ভাৱে ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে কংগ্ৰেছ৷ কংগ্ৰছৰ এই ধাৰবাহিক ব্যৰ্থতাৰ সময়ছোৱাত এ.আই.চি.চিৰ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল জিতেন্দ্ৰ সিং৷ তেওঁৰ নেতৃত্বত দলটোৱে উপৰ্যুপৰি চূড়ান্ত ব্যৰ্থতাৰ সন্মুখীন হৈ আহিছে৷ দলটোৰ শক্তিশালী কৰাৰ ক্ষেত্ৰটো তত্ত্বাবধায়কগৰাকীৰ কোনো বিশেষ ৰণকৌশল পৰিলক্ষতি হোৱা নাই৷   

উল্লেখযোগ্য যে ২০১৪ চনৰ পৰা জিতেন্দ্ৰ সিঙৰ ব্যক্তিগত ৰাজনৈতিক যাত্ৰাও বিশেষ সফল বুলি ক’ব নোৱাৰি। তেওঁ একেৰাহে দুটাকৈ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল। অসমৰ দায়িত্ব লাভ কৰাৰ ঠিক আগতে তেওঁ ওড়িশাৰ দায়িত্বত আছিল, ওড়িশাতো বিগত বছৰৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ ব্যৰ্থ হৈছিল। অসমত প্ৰদেশ কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত সময়ত দলটোৱে শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছিল যদিও ব্যৰ্থতাৰ মুখহে দেখিলে দলটোৱে৷ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনতো যি তিনিগৰাকী কংগ্ৰেছৰ নেতাই নিৰ্বাচনত জয়ী হৈছিল তেওঁলোকৰ নিজা শক্তি আৰু ভৱমূৰ্তিৰ বাবেহে জয়ী হৈছিল৷

জিতেন্দ্ৰ সিঙৰ নেতৃত্বত দলটোক কি দৰে জনসাধাৰণৰ মাজলৈ লৈ যোৱা হ’ব, শক্তিশালী কৰিতোলো হ’ব কোনো দিশতে তেওঁৰ সবল নেতৃত্ব পৰিলক্ষিত হোৱা নাই৷ সততে অসমৰ মুখ্যমনন্ত্ৰীয়ে কংগ্ৰেছত বিজেপিৰ এজেণ্ট আছে বুলি কৰা মন্তব্যই জিতেন্দ্ৰ সিঙৰ প্ৰতি সন্দেহৰ আঙুলি উঠিছে৷ তেওঁৰ নেতৃত্বত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছতো তেওঁক তত্ত্বাবধায়কৰ পদৰ পৰা কিয় অপসাৰণ কৰা হোৱা নাই? তেওঁৰ কাৰ্যকলাপে দলক বিপৰ্যয়ৰ দিশলৈ থেলি দিয়াৰ বিপৰীতে শাসক পক্ষক সহায় কৰা দৰেহে হৈছে৷ ক’ৰবাত যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য সচা প্ৰমাণিত হৈছে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ