--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া উপনিৰ্বাচনৰ বাবে সাজু হৈছে দলসমূহ৷ অসম সন্মিলিত মঞ্চ চমুকৈ 'অসম’ৰ উমৈহতীয়া প্ৰাৰ্থী সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত ৫ জনীয়া কমিটী গঠন কৰা হয়। সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ, অসম সন্মিলিত মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈ, চিপিএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু জন ইংতি কাথাৰক লৈ গঠন কৰা এই কমিটিখনে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত অসমৰ প্ৰাৰ্থী সন্দৰ্ভত আলোচনা কৰি এক প্ৰতিবেদন দাখিল কৰিব।

অসমৰ আজিৰ বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙো উপস্থিত আছিল। অসমৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সঞ্চলনাত অনুষ্ঠিত বৈঠকখনত ১৮টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত চিপিএম, চিপিআই, চিপিআইএমএলকে ধৰি একাংশ নেতাই ২০২৬লৈকে মিত্ৰজোঁটৰ শক্তি অটুত ৰাখিবৰ বাবে বিহালী বিধানসভা সমষ্টিটোত চিপিআইএমএলৰ বিবেক দাসক প্ৰাৰ্থিত্ব দিয়াৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি চৰকাৰক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিবেক দাসৰ নাম প্ৰস্তাৱ কৰে। একেদৰে অজিত কুমাৰ ভূঞাইয়ো বিজেপিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ বাবে উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰে। কংগ্ৰেছ দলৰ হৈ দেৱব্ৰত শইকীয়াই বক্তব্য প্ৰদান কৰে। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ পৰামৰ্শ অনুযায়ী সভা পৰিচালনা কৰা অসমৰ সভাপতি ভূপেন কুমাৰ বৰাই এই সন্দৰ্ভত এখন প্ৰতিবেদন কংগ্ৰেছ হাইকমাণ্ডক দাখিল কৰিবৰ বাবে ওপৰত উল্লেখিত ৫জন নেতাক লৈ কমিটিখন ঘোষণা কৰে। এই কমিটিখনে ১৯-২০ অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে৷  

উল্লেখযোগ্য যে উপ নিৰ্বাচন সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে ১৮ অক্টোবৰৰ পৰা মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ আৰু ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ ভোটদান প্ৰক্ৰিয়া চলি থাকিব। পাঁচটা সমষ্টি ক্ৰমে ধলা‌ই এচ চিত, চিডলী,বিহালী,চামগুৰিত সৰ্বমুঠ ৯,১০,৬৬৫ ভোটাৰে নিৰ্ণয় কৰিব কেনে মাৰিব শেষ হাঁহি৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ