--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ যেন ৰোষত পৰিছে হিমাচল প্ৰদেশ। বিগত কিছুদিন ধৰি হৈ থকা  ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত জনজীৱন ব্যাহত হৈ পৰিছে। বহু ঠাইত পানীৰ ঢলে  ৰাষ্ট্ৰীয় ঘাইপথ খহাই পেলাইছে।  বহু ঠাইত পানীয়ে গাড়ী উটুৱাই নিছে। 

আনকি কিছুমান ঠাইত দোকান ,  এটিএমবোৰো  পানীত  ডুব গৈছে । চম্বা, কাংৰা, কুল্লু, মাণ্ডি, উনা, হামিৰপুৰ আৰু বিলাসপুৰত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট  জাৰি কৰিছে।

আনহাতে, চিমলা, চিৰমূৰ আৰু চোলানত কমলা সতৰ্কবাণী জাৰি কৰিছে।  লাহৌল আৰু স্পিতিত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যিক বতৰ বিজ্ঞান বিভাগৰ মতে যোৱা দুদিনত হিমাচল প্ৰদেশত  ২০৪  মিমি বৰষুণ হৈছে। পাহাৰীয়া জিলাসমূহত ১০ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।বৰষুণৰ ফলত প্ৰায় ৯০ টা পথ ক্ষতিগ্ৰস্ত হৈছিল।

ইয়াৰ ভিতৰত কেৱল চিমলাতে  ৩৯  টা পথ ক্ষতিগ্ৰস্ত হৈছে । যোৱা দুদিনৰ বৰষুণৰ ফলত  বিট্টা নদী বিপজ্জনক ভাবে বাঢ়ি আহিছে। বহু ঠাইত নদীখন বিপদসীমাৰ ওপৰেৰে বৈ আছে। কুল্লুৰ চণ্ডিগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ  পানীয়ে খহাই নিয়াত যাতায়াত ব্যাহত হৈ পৰিছে।  মাণ্ডি আৰু কুল্লুৰ মাজত বহুতো বাহন আৱদ্ধ হৈ পৰিছে। আনহাতে, কুল্লু আৰু উনাত  বহু বাহন পানীয়ে উটুৱাই নিছে।  শেহতীয়া বানত হিমাচলত পৰ্যটকৰো মৃত্যু ঘটিছে। ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত বান আৰু  ভূমিস্খলনৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস