--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ যেন ৰোষত পৰিছে হিমাচল প্ৰদেশ। বিগত কিছুদিন ধৰি হৈ থকা  ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত জনজীৱন ব্যাহত হৈ পৰিছে। বহু ঠাইত পানীৰ ঢলে  ৰাষ্ট্ৰীয় ঘাইপথ খহাই পেলাইছে।  বহু ঠাইত পানীয়ে গাড়ী উটুৱাই নিছে। 

আনকি কিছুমান ঠাইত দোকান ,  এটিএমবোৰো  পানীত  ডুব গৈছে । চম্বা, কাংৰা, কুল্লু, মাণ্ডি, উনা, হামিৰপুৰ আৰু বিলাসপুৰত বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট  জাৰি কৰিছে।

আনহাতে, চিমলা, চিৰমূৰ আৰু চোলানত কমলা সতৰ্কবাণী জাৰি কৰিছে।  লাহৌল আৰু স্পিতিত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যিক বতৰ বিজ্ঞান বিভাগৰ মতে যোৱা দুদিনত হিমাচল প্ৰদেশত  ২০৪  মিমি বৰষুণ হৈছে। পাহাৰীয়া জিলাসমূহত ১০ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।বৰষুণৰ ফলত প্ৰায় ৯০ টা পথ ক্ষতিগ্ৰস্ত হৈছিল।

ইয়াৰ ভিতৰত কেৱল চিমলাতে  ৩৯  টা পথ ক্ষতিগ্ৰস্ত হৈছে । যোৱা দুদিনৰ বৰষুণৰ ফলত  বিট্টা নদী বিপজ্জনক ভাবে বাঢ়ি আহিছে। বহু ঠাইত নদীখন বিপদসীমাৰ ওপৰেৰে বৈ আছে। কুল্লুৰ চণ্ডিগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ  পানীয়ে খহাই নিয়াত যাতায়াত ব্যাহত হৈ পৰিছে।  মাণ্ডি আৰু কুল্লুৰ মাজত বহুতো বাহন আৱদ্ধ হৈ পৰিছে। আনহাতে, কুল্লু আৰু উনাত  বহু বাহন পানীয়ে উটুৱাই নিছে।  শেহতীয়া বানত হিমাচলত পৰ্যটকৰো মৃত্যু ঘটিছে। ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত বান আৰু  ভূমিস্খলনৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান