--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ সময়ত জ্বলি উঠা বংগত নিৰ্বৈাচনী হিংসাত নিহত লোকৰ সংখ্যা ৩৭ গৰাকীলৈ বৃদ্ধি পাইছে। ৰাজ্য খনত আজিও চেপা উত্তেজনাই বিৰাজ কৰি আছে। বিভিন্ন স্থানত আজিও অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰি ৰাখিবলগীয়া হৈছে। আজি বংগত আৰু এজন লোকৰ মৃত্যু হৈছে । দক্ষিণ ২৪ পৰগণাৰ কুলতালীত   শনিবাৰে বুথ দখলক লৈ টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ হৈছিল। 

এই ঘটনাত আহত এজনৰ আজি মৃত্যু ঘটে। ইয়াকে ধৰি ৰাজ্য খনত নিৰ্বাচনী হিংসাত নিহতৰ সংখ্যা ৩৭ গৰাকী হ’লগৈ। শেহতীয়াকৈ মৃতু্য ঘটা ব্যক্তিজনআবু চালেম খান (৪৮) বুলি জানিব পৰা গৈছে। 

স্থানীয় সূত্ৰঅনুসৰি, শনিবাৰে সন্ধিয়া কুলতালীৰ জালাবেৰিয়া-১ পঞ্চায়ত অঞ্চলৰ পশ্চিম গাবটালাত শাসক আৰু বিৰোধী দলসমূহৰ মাজত সংঘৰ্ষ  আৰম্ভ হয়। দুয়োপক্ষই বুথটো দখল কৰিবলৈ চেষ্টা চলাইছিল।   তেতিয়াই লোক জনক  প্ৰহাৰ কৰা  হৈছিল। টিএমচিয়ে অভিযোগ কৰিছিল যে বিজেপি আৰু চিপিআই(এম)য়ে বুথটো দখল কৰিবলৈ চেষ্টা কৰিছিল।

 শনিবাৰে পুৱা মুৰ্ছিদাবাদ জিলাৰ খড়গ্ৰাম থানাৰ অন্তৰ্গত ৰতনপুৰ নলদীপ গাঁৱত তৃণমূল কংগ্ৰেছ কৰ্মীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে দুৰ্বৃত্তই। আৰক্ষীৰ মতে, মৃত লোকজনৰ নাম সতোৰুদ্দিন শ্বেখ। উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় বাহিনীৰ ৮২২ টা কোম্পানীৰ সৈতে ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল। সকলো ভোটকেন্দ্ৰত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ পিছতো হিংসা বন্ধ কৰিব পৰা নগ‘ল। অৱশ্যে কিছু কেন্দ্ৰত  কেন্দ্ৰীয় বাহিনীয়ে উপস্থিত  হ'ব নোৱাৰিলে। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰাজীৱ সিঙে কয়  যে ৬০,০০০ বুথত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ প্ৰচেষ্টা কৰা হৈছিল, কিন্তু শেষত, তেওঁলোকে কেৱল এক চতুৰ্থাংশ কেন্দ্ৰতহে সেয়া সম্ভৱ হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক