--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ সময়ত জ্বলি উঠা বংগত নিৰ্বৈাচনী হিংসাত নিহত লোকৰ সংখ্যা ৩৭ গৰাকীলৈ বৃদ্ধি পাইছে। ৰাজ্য খনত আজিও চেপা উত্তেজনাই বিৰাজ কৰি আছে। বিভিন্ন স্থানত আজিও অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰি ৰাখিবলগীয়া হৈছে। আজি বংগত আৰু এজন লোকৰ মৃত্যু হৈছে । দক্ষিণ ২৪ পৰগণাৰ কুলতালীত   শনিবাৰে বুথ দখলক লৈ টিএমচি আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ হৈছিল। 

এই ঘটনাত আহত এজনৰ আজি মৃত্যু ঘটে। ইয়াকে ধৰি ৰাজ্য খনত নিৰ্বাচনী হিংসাত নিহতৰ সংখ্যা ৩৭ গৰাকী হ’লগৈ। শেহতীয়াকৈ মৃতু্য ঘটা ব্যক্তিজনআবু চালেম খান (৪৮) বুলি জানিব পৰা গৈছে। 

স্থানীয় সূত্ৰঅনুসৰি, শনিবাৰে সন্ধিয়া কুলতালীৰ জালাবেৰিয়া-১ পঞ্চায়ত অঞ্চলৰ পশ্চিম গাবটালাত শাসক আৰু বিৰোধী দলসমূহৰ মাজত সংঘৰ্ষ  আৰম্ভ হয়। দুয়োপক্ষই বুথটো দখল কৰিবলৈ চেষ্টা চলাইছিল।   তেতিয়াই লোক জনক  প্ৰহাৰ কৰা  হৈছিল। টিএমচিয়ে অভিযোগ কৰিছিল যে বিজেপি আৰু চিপিআই(এম)য়ে বুথটো দখল কৰিবলৈ চেষ্টা কৰিছিল।

 শনিবাৰে পুৱা মুৰ্ছিদাবাদ জিলাৰ খড়গ্ৰাম থানাৰ অন্তৰ্গত ৰতনপুৰ নলদীপ গাঁৱত তৃণমূল কংগ্ৰেছ কৰ্মীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে দুৰ্বৃত্তই। আৰক্ষীৰ মতে, মৃত লোকজনৰ নাম সতোৰুদ্দিন শ্বেখ। উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় বাহিনীৰ ৮২২ টা কোম্পানীৰ সৈতে ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল। সকলো ভোটকেন্দ্ৰত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ পিছতো হিংসা বন্ধ কৰিব পৰা নগ‘ল। অৱশ্যে কিছু কেন্দ্ৰত  কেন্দ্ৰীয় বাহিনীয়ে উপস্থিত  হ'ব নোৱাৰিলে। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰাজীৱ সিঙে কয়  যে ৬০,০০০ বুথত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ প্ৰচেষ্টা কৰা হৈছিল, কিন্তু শেষত, তেওঁলোকে কেৱল এক চতুৰ্থাংশ কেন্দ্ৰতহে সেয়া সম্ভৱ হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস