--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী আৰু বিগত দুদিনধৰি নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে দিল্লীৰ সকলো বিদ্যালয় এদিনৰ বাবে বন্ধ ৰখা হ’ব বুলি দেওবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰে। 

উত্তৰ-পশ্চিম ভাৰতত তীব্ৰ বৰষুণে জনজীৱন ব্যাহত কৰিছে৷ দিল্লীতো এই ঋতুৰ প্ৰৱল বৰষুণে ব্যাহত কৰিছে স্বাভাৱিক জীৱনযাত্ৰা৷ দিল্লীত চৌবিশ ঘণ্টাত ১৫৩ মি:মি: বৰষুণে ১৯৮২চনৰ অভিলেখ ভংগ কৰিছে৷ দিল্লীত ১৯৮২ চনৰ পাছত জুলাইত এটা দিনত এয়া সৰ্বাধিক বৰষুণ৷ 

লগতে, ১৯৫৮ চনৰ পিছত জুলাই মাহৰ বাবে এয়া তৃতীয় সৰ্বাধিক এদিনীয়া বৰষুণ বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ বতৰ বিজ্ঞান বিভাগে দিল্লীত পৰৱৰ্তী ২-৩ দিনৰ বাবে প্ৰৱল বৃষ্টিপাতৰ আশংকা কৰি সতৰ্কতা জাৰি কৰিছে৷

দেওবাৰে ধাৰাসাৰ বৰষুণৰ ফলত এখন দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ সীমাৰ দেৱাল খহি পৰে। দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়া, অধ্যক্ষ আৰু উপ-অধ্যক্ষসকলক সকলো চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস