--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় ৰাজনীতিত লোকসভা নিৰ্বাচনক লৈ আৰম্ভ হৈছে তৎপৰতা৷ ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছে বিৰোধী ৰাজনৈতিক দলৰ নেতা৷ শেহতীয়াকৈ শাৰদ পাৱাৰেও ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ বিৰুদ্ধে বিৰোধী ৰণনীতিৰ প্ৰস্তাৱ আগবঢ়াইছে। বিৰোধী দলৰ শক্তিশালী নেতাজনে কয় যে ভাৰতীয় জনতা পাৰ্টী দলটোৱে শাসন কৰি থকা বেছিভাগ ৰাজ্যতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে৷ 

এনচিপিৰ মুৰব্বীগৰাকীয়ে লগতে কয়, যদি ৰাইজে ৰাজ্যিক পৰ্যায়ত বিজেপিক প্ৰত্যাখ্যান কৰে, তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়ত ভোটাৰৰ দৃষ্টিভংগী বেলেগ নহ’ব৷ 

২৩ জুনত বিহাৰৰ পাটনাত অনুষ্ঠিতব্য বিৰোধী দলসমূহৰ বৈঠকত তেওঁ নিজৰ মতামত আগবঢ়াব বুলি অৱগত কৰি পাৱাৰে কয়, সকলো অ-বিজেপি দলে একেলগে বহি উমৈহতীয়া ন্যূনতম কাৰ্যসূচীৰ আধাৰত বিৰোধী ঐক্য গঢ়ি তোলাৰ বিষয়ে চিন্তা কৰিব লাগিব।

বিজেপিয়ে বহুত আশ্বাস দিছিল, মানুহৰ প্ৰত্যাশা বৃদ্ধি কৰিছিল কিন্তু তাৰ বিপৰীতে ন বছৰত একো নকৰিলে। এতিয়া ভোটাৰক এটা বিকল্প প্ৰদান কৰাৰ সময় বুলি দোহাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে মহাৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি পাৱাৰে কয় যে প্ৰকাশ আম্বেদকাৰৰ ‘বঞ্চিত বহুজন আঘাদী (ভিবিএ)’ৰ উপস্থিতিৰ বাবে ২০১৯ ৰ নিৰ্বাচনত কংগ্ৰেছ-এনচিপি মিত্ৰজোঁট নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হৈছিল।

তেওঁ কয়, যদিও সকলো দলৰ যিকোনো ৰাজ্যতে তেওঁলোকৰ ভেটি সম্প্ৰসাৰিত কৰাৰ অধিকাৰ আছে, তথাপিও বি আৰএছ বিজেপিৰ বি টীম হয় নে নাই সেয়া চাবলৈ বাকী আছে।

ৰাৱে বৃহস্পতিবাৰে নাগপুৰত এটা দলীয় কাৰ্যালয় খুলিছিল আৰু কৈছিল যে বিআৰএছে নিজৰ শক্তিৰে আগন্তুক নিৰ্বাচনত যুঁজিবলৈ মহাৰাষ্ট্ৰত ইয়াৰ সাংগঠনিক শক্তি সম্প্ৰসাৰিত কৰিব।

ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে সোধাত পাৱাৰে কয় যে জাতি আৰু ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিকৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰয়োজন আছে৷ কিন্তু জানিব লাগিব যে ইউচিচি এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে নেকি আৰু তেতিয়া আমি এই বিষয়ত কথা পাতিব পাৰোঁ৷

কৰ্ণাটকৰ নৱনিৰ্বাচিত কংগ্ৰেছ চৰকাৰে হিন্দুত্ববাদী চিন্তাবিদ ভি ডি সাভাৰকাৰ আৰু আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ হেডগেৱাৰৰ অধ্যায়সমূহ বিদ্যালয়ৰ কিতাপৰ পৰা আঁতৰাই দিয়া সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত পাৱাৰে কয় যে কংগ্ৰেছে ইয়াৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত এনে পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। তাত থকা কংগ্ৰেছে সামাজিক ঐক্যক প্ৰভাৱিত কৰা অধ্যায়বোৰ আঁতৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ যদি কৰ্ণাটকৰ জনসাধাৰণে তেওঁলোকক ক্ষমতালৈ অনাৰ বাবে ভোট দিছে, ইয়াৰ অৰ্থ হৈছে তেওঁলোকে কংগ্ৰেছৰ দৃষ্টিভংগীৰ সৈতে একমত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement