--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগনা ৰানাউটৰ শেহতীয়াকৈ মুক্তি পোৱা ছবি ঢাকাদ ফ্লপ হৈছিল। ছবিখনৰ ব্যৱসায় ইমানেই বেয়া আছিল যে কিছুদিনৰ বাবে ইয়াৰ শ্ব’সমূহ বাতিল কৰিবলগীয়া হৈছিল আৰু ছবিখনৰ উপাৰ্জন মাত্ৰ কেইহাজাৰমানলৈ হ্ৰাস কৰা হৈছিল।

শেহতীয়াকৈ ফ্লপ ছবিখনৰ সম্পৰ্কে কিছুমান জনপ্ৰবাদ চৰ্চাত‌ আহিছিল যে ঢাকাডৰ প্ৰযোজক দীপক মুকুটে নিজৰ ঋণ পৰিশোধ কৰিবলৈ নিজৰেই অফিচ বিক্ৰী কৰিবলগীয়া হৈছিল। আৰু এই সম্পৰ্কে এতিয়া দীপক মুকুটে নিজেই আগবাঢ়ি আহি উক্ত বিষয়ৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

 কিয় ‘ঢাকাদ’ বক্স অফিচত ফ্লপ হৈছিল আৰু ইমান বেয়া অভিনয়ৰ পাছত ছবিখন অ’টিটিত মুক্তি দিয়াৰ ক্ষেত্ৰত প্ৰযোজকজনে কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি - এনে কিছুমান প্ৰশ্নৰ সম্পৰ্কে প্ৰযোজক দীপক মুকুটে শেহতীয়াকৈ এক সাক্ষাৎকাৰত নিজৰ মন্তব্য আগবঢ়ায় সকলো স্পষ্ট কৰে।তেওঁ কয়,"এই সকলোবোৰ ভিত্তিহীন উৰাবাতৰি আৰু ভুৱা বাতৰি। ইতিমধ্যে মই বেছিভাগ লোকচানৰ পৰা আৰোগ্য লাভ কৰিছো আৰু যি বাকী আছে সেয়া পিছত আদায় কৰা হ’ব।"

বক্স অফিচত ছবিখনৰ অভিনয়ৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে তেওঁলোকে বহুত চিন্তা-চৰ্চা আৰু কঠোৰ পৰিশ্ৰম কৰি ঢাকাদ বনাইছিল। কি ভুল হ’ল সেই সম্পৰ্কে তেওঁলোক জ্ঞাত নহয় আনহাতে সকলো মানুহৰে নিজস্ব পছন্দ সমূহ সুকীয়া বুলি প্ৰযোজক গৰাকীয়ে মন্তব্য কৰে।

মানুহে এখন ছবিৰ অন্তৰালত যি বিচাৰে তাকেই দেখা পায় আৰু দৃষ্টিভংগী বেলেগ হ'লে সেইখিনি দেখা নাপায়।প্ৰযোজক গৰাকীৰ মতে তেওঁলোক গৌৰৱান্বিত যে তেওঁলোকে এখন ভাল থ্ৰিলাৰ ছবি নিৰ্মাণ কৰিছিল, য’ত এগৰাকী নাৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। যিটো বলিউডৰ ধাৰাত বৰ্তমানলৈকে খুব কমকৈ  নিৰ্মাণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ