--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পাহাৰ বগাই বগাই চেনীমাই কপৌফুল আনি দিম'... বিহুগীতত এনেদৰে গোৱা হয়তো সকলোৱে শুনিছে। আমা্ৰ অসমীয়া প্ৰেমিকে এনেদৰে প্ৰেমিকাৰ মন ভুলাবলৈ যত্ন কৰে। হাজাৰ কষ্ট কৰি হ’লেও পাহাৰ বগাই কপৌফুল আনি চেনেহীৰ খোপাত গুজি দিয়ে চেনাইধনে। ঠিক আমাৰ অসমীয়া তেজাল প্ৰেমিকৰ দৰেই বলীউড অভিনেতা ৰণবীৰ সিঙে মৰমী পত্নী দীপিকা পাডুকনৰ বাবে পাহাৰ বগাই বগাই আনিলে ফুল। পিছে ৰণবীৰে দীপিকাৰ বাবে কপৌফুল অনা নাই। ৰণবীৰে দীপিকাৰ বাবে আনিছিল বহুমূলীয়া ছাৰ্বিকা ৰাম'ণ্ডা ফুল। দীপিকাৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবেই অশেষ কষ্ট স্বীকাৰ কৰি, বহু বাধা-বিঘিনি আঁতৰাই ৰণবীৰে ছাৰ্বিকা ৰাম'ণ্ডা ফুল সংগ্ৰহ কৰে। 

ৰণবীৰ সিং বৰ্তমান নেটফ্লিক্সৰ শ্ব’ Ranveer vs Wild with Bear Gryllsৰ শ্বুটিঙত ব্যস্ত আছে। এই শ্ব’টোত ৰণবীৰে বিশ্বখ্যাত দুঃসাহসিক ব্যক্তি বিয়াৰ গ্ৰীলছৰ সৈতে ছাৰ্বিয়াৰ জংঘলত অতি কঠিন যাত্ৰা কৰিছে। শ্ব’টোত ৰণবীৰ সিঙৰ উদ্দেশ্য আছিল তেওঁৰ পত্নী দীপিকা পাডুকনৰ বাবে ছাৰ্বিকা ৰাম'ণ্ডা ফুল সংগ্ৰহ কৰা। এই বিশেষ দুঃসাহসিক অভিযানত ৰণবীৰ সিঙে পাহাৰ পাৰ হৈ নৈত জপিয়াই, পিঁপৰা, পোক-পৰুৱা খাইছিল, লগতে কুকুৰনেচীয়া বাঘৰ পৰা খাদ্য কাঢ়ি লৈছিল। হাবিত ৰাতিটো কটাবলৈ বিয়েৰ গ্ৰীলছ আৰু ৰণবীৰ সিঙক খাদ্যৰ প্ৰয়োজন আছিল। দুদিন ভোকাতুৰ হৈ থকাৰ পিছত ৰণবীৰে দেখিলে কেইটামান কুকুৰনেচীয়া বাঘে বনৰীয়া গাহৰি খাই আছে। এনে অৱস্থাত তেওঁ কুকুৰনেচীয়া বাঘবোৰৰ পৰা খাদ্য চুৰি কৰাৰ সিদ্ধান্ত ল’লে। তেওঁৰ প্ৰিয় বন্ধু কৰণ কাপাদিয়াও আহিছিল ৰণবীৰক এই কামত সহায় কৰিবলৈ। চুৰি কৰাৰ আগতে ৰণবীৰ সিঙে কুকুৰনেচীয়াবোৰৰ সন্মুখত নৃত্য কৰি সিহঁতক অন্যমনস্ক কৰি তুলিছিল। ইয়াৰ মাজতে তেওঁৰ বন্ধু কৰণে মৰা বনৰীয়া গাহৰিটো চুৰি কৰিছিল। 

ৰণবীৰে গম পালে যে গাহৰিৰ মাংসখিনি পচি গৈছে আৰু তাত পোক লাগি আছে। সেয়েহে সেয়া খোৱাও তেওঁলোকে বাদ দিবলগীয়া হ’ল। সকলো অসুবিধাৰ সন্মুখীন হৈ এইবাৰ ৰণবীৰ সিঙে ছাৰ্বিকা ৰাম'ণ্ডা ফুল আনিবলৈ পাহাৰ পালেগৈ। ৰণবীৰে বিয়াৰ গ্ৰীলছৰ সৈতে সেই পাহাৰটো বগাইছিল। পাহাৰ বগাই থাকোতে তেওঁৰ চকুপানীও ওলাই আহিছিল। ৰণবীৰে সেই সময়ত ‘জয় বজৰং বলী’ বুলি চিঞৰিছিল। ৰণবীৰ সিঙে কয় যে তেওঁ হাৰ নামানে আৰু দীপিকাৰ বাবে এই কাম কৰি যাব। পাহাৰৰ উচ্চতাত উপনীত হোৱাৰ পিছতো বহুত কান্দিছিল ৰণবীৰ সিঙে। আৱেগিক হৈ ৰণবীৰে অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰি দীপিকা পাডুকনক মেছেজ দি ক’লে–‘‘বেবী, মই তোমাক কৈছিলো ন গোটেই পৃথিৱীত বিচাৰি চোৱা, তুমি মোৰ দৰে প্ৰেমিক নাপাবা।’’ সম্প্ৰতি দীপিকাৰ প্ৰতি থকা ৰণবীৰৰ প্ৰেমে বিশেষভাৱে চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ