--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পাহাৰ বগাই বগাই চেনীমাই কপৌফুল আনি দিম'... বিহুগীতত এনেদৰে গোৱা হয়তো সকলোৱে শুনিছে। আমা্ৰ অসমীয়া প্ৰেমিকে এনেদৰে প্ৰেমিকাৰ মন ভুলাবলৈ যত্ন কৰে। হাজাৰ কষ্ট কৰি হ’লেও পাহাৰ বগাই কপৌফুল আনি চেনেহীৰ খোপাত গুজি দিয়ে চেনাইধনে। ঠিক আমাৰ অসমীয়া তেজাল প্ৰেমিকৰ দৰেই বলীউড অভিনেতা ৰণবীৰ সিঙে মৰমী পত্নী দীপিকা পাডুকনৰ বাবে পাহাৰ বগাই বগাই আনিলে ফুল। পিছে ৰণবীৰে দীপিকাৰ বাবে কপৌফুল অনা নাই। ৰণবীৰে দীপিকাৰ বাবে আনিছিল বহুমূলীয়া ছাৰ্বিকা ৰাম'ণ্ডা ফুল। দীপিকাৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ বাবেই অশেষ কষ্ট স্বীকাৰ কৰি, বহু বাধা-বিঘিনি আঁতৰাই ৰণবীৰে ছাৰ্বিকা ৰাম'ণ্ডা ফুল সংগ্ৰহ কৰে। 

ৰণবীৰ সিং বৰ্তমান নেটফ্লিক্সৰ শ্ব’ Ranveer vs Wild with Bear Gryllsৰ শ্বুটিঙত ব্যস্ত আছে। এই শ্ব’টোত ৰণবীৰে বিশ্বখ্যাত দুঃসাহসিক ব্যক্তি বিয়াৰ গ্ৰীলছৰ সৈতে ছাৰ্বিয়াৰ জংঘলত অতি কঠিন যাত্ৰা কৰিছে। শ্ব’টোত ৰণবীৰ সিঙৰ উদ্দেশ্য আছিল তেওঁৰ পত্নী দীপিকা পাডুকনৰ বাবে ছাৰ্বিকা ৰাম'ণ্ডা ফুল সংগ্ৰহ কৰা। এই বিশেষ দুঃসাহসিক অভিযানত ৰণবীৰ সিঙে পাহাৰ পাৰ হৈ নৈত জপিয়াই, পিঁপৰা, পোক-পৰুৱা খাইছিল, লগতে কুকুৰনেচীয়া বাঘৰ পৰা খাদ্য কাঢ়ি লৈছিল। হাবিত ৰাতিটো কটাবলৈ বিয়েৰ গ্ৰীলছ আৰু ৰণবীৰ সিঙক খাদ্যৰ প্ৰয়োজন আছিল। দুদিন ভোকাতুৰ হৈ থকাৰ পিছত ৰণবীৰে দেখিলে কেইটামান কুকুৰনেচীয়া বাঘে বনৰীয়া গাহৰি খাই আছে। এনে অৱস্থাত তেওঁ কুকুৰনেচীয়া বাঘবোৰৰ পৰা খাদ্য চুৰি কৰাৰ সিদ্ধান্ত ল’লে। তেওঁৰ প্ৰিয় বন্ধু কৰণ কাপাদিয়াও আহিছিল ৰণবীৰক এই কামত সহায় কৰিবলৈ। চুৰি কৰাৰ আগতে ৰণবীৰ সিঙে কুকুৰনেচীয়াবোৰৰ সন্মুখত নৃত্য কৰি সিহঁতক অন্যমনস্ক কৰি তুলিছিল। ইয়াৰ মাজতে তেওঁৰ বন্ধু কৰণে মৰা বনৰীয়া গাহৰিটো চুৰি কৰিছিল। 

ৰণবীৰে গম পালে যে গাহৰিৰ মাংসখিনি পচি গৈছে আৰু তাত পোক লাগি আছে। সেয়েহে সেয়া খোৱাও তেওঁলোকে বাদ দিবলগীয়া হ’ল। সকলো অসুবিধাৰ সন্মুখীন হৈ এইবাৰ ৰণবীৰ সিঙে ছাৰ্বিকা ৰাম'ণ্ডা ফুল আনিবলৈ পাহাৰ পালেগৈ। ৰণবীৰে বিয়াৰ গ্ৰীলছৰ সৈতে সেই পাহাৰটো বগাইছিল। পাহাৰ বগাই থাকোতে তেওঁৰ চকুপানীও ওলাই আহিছিল। ৰণবীৰে সেই সময়ত ‘জয় বজৰং বলী’ বুলি চিঞৰিছিল। ৰণবীৰ সিঙে কয় যে তেওঁ হাৰ নামানে আৰু দীপিকাৰ বাবে এই কাম কৰি যাব। পাহাৰৰ উচ্চতাত উপনীত হোৱাৰ পিছতো বহুত কান্দিছিল ৰণবীৰ সিঙে। আৱেগিক হৈ ৰণবীৰে অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰি দীপিকা পাডুকনক মেছেজ দি ক’লে–‘‘বেবী, মই তোমাক কৈছিলো ন গোটেই পৃথিৱীত বিচাৰি চোৱা, তুমি মোৰ দৰে প্ৰেমিক নাপাবা।’’ সম্প্ৰতি দীপিকাৰ প্ৰতি থকা ৰণবীৰৰ প্ৰেমে বিশেষভাৱে চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু