--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অন্ত পৰিল এক অনন্য যুগৰ। ভাৰতীয় চিনেমাৰ ইতিহাসৰ এক উজ্জ্বল অধ্যায়ৰ স্মৰণীয় পৃষ্ঠা হৈ চিৰদিনলৈ চকু মুদিলে বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰই।

ডিজিটেল ডেস্কঃ সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ । অন্ত পৰিল এক অনন্য যুগৰ। ভাৰতীয় চিনেমাৰ ইতিহাসৰ এক উজ্জ্বল অধ্যায়ৰ স্মৰণীয় পৃষ্ঠা হৈ চিৰদিনলৈ চকু মুদিলে বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰই।


বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান


বহু দিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল। কিছুদিন পূৰ্বে উশাহ-নিশাহৰ সমস্যাৰ বাবে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বিগত কিছুদিন ধৰি নিবিড় চিকিৎসকৰ তত্বাৱধানত থকা ৮৯ বছৰীয়া অভিনেতাজন বৰ্তমান আৰু নাই।


কি ৰোগত ভুগি আছিল ধৰ্মেন্দ্ৰ ?


খবৰ অনুসৰি, ধৰ্মেন্দ্ৰই প্ৰথমে চিকিৎসালয়লৈ গৈছিল নিয়মীয়া পৰীক্ষাৰ বাবে, কিন্তু পৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁক ভৰ্তি কৰাটোৱেই উত্তম বুলি সিদ্ধান্ত লয়। ব্ৰিচ কেণ্ডি হাস্পতালৰ এজন কৰ্মচাৰীয়ে কয় যে ধৰ্মেন্দ্ৰই উশাহ লোৱাত অসুবিধা অনুভৱ কৰিছিল, যাৰ বাবে তেওঁক আই চি ইউত ৰখা হৈছিল। 


তেওঁৰ অৱস্থাৰ বিষয়ে সোধাত চিকিৎসালয়খনে কয় যে চিন্তাৰ কোনো গুৰুতৰ কাৰণ নাই। তেওঁৰ হৃদস্পন্দন আছিল প্ৰায় ৭০, ৰক্তচাপ প্ৰায় ১৪০/৮০, আৰু প্ৰস্ৰাৱৰ উৎপাদন স্বাভাৱিক আছিল। সাৱধানতা স্বৰূপে তেওঁক কিছুদিন পৰ্যবেক্ষণত ৰখাৰ পৰামৰ্শ দিয়ে চিকিৎসকে। তেওঁৰ মৃত্যুৰ খবৰ আহিছিল যদিও কন্যাই সেইবোৰ অস্বীকাৰ কৰিছিল আৰু পিছত তেওঁক ডিচচাৰ্জ দিয়া হৈছিল।


৮৯ বছৰ বয়সত তেওঁৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ আৰু আগৰ দৰে শক্তিশালী নাছিল। ইয়াৰ ফলত সামান্য পৰিশ্ৰম বা অক্সিজেনৰ অভাৱ হ’লেও তেওঁৰ উশাহ-নিশাহৰ কষ্ট অনুভৱ হৈছিল। প্ৰায়ে তৰল পদাৰ্থ জমা হোৱা, হাওঁফাওঁৰ মৃদু সংক্ৰমণ বা হৃদযন্ত্ৰৰ ছন্দৰ বিঘিনিৰ বাবে এনে হৈছিল। সাধাৰণতে বৃদ্ধ ব্যক্তিৰ ভাগৰ বা বতৰৰ পৰিৱৰ্তনৰ বাবে উশাহ লোৱাত কষ্ট হোৱাটো গুৰুতৰ বুলি গণ্য কৰা হয়। কিন্তু ধৰ্মেন্দ্ৰৰ ক্ষেত্ৰত এই সমস্যা হঠাৎ আৰু বাৰে বাৰে ঘটিছিল, যিটো হৃদযন্ত্ৰ, হাওঁফাওঁ বা ৰক্ত সঞ্চালনৰ গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।


এই ছবিখনত অভিনয় কৰিবলৈ সাজু হৈছিল ধৰ্মেন্দ্ৰ


চলিত বৰ্ষৰ এপ্ৰিল মাহত ধৰ্মেন্দ্ৰৰ চকুৰ অপাৰেচন কৰা হৈছিল। অপাৰেচনৰ পৰা তেওঁ সোনকালে সুস্থ হৈ উঠিছিল আৰু এই বয়সতো তেওঁ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰি আহিছিল। 


কৰ্মক্ষেত্ৰত শেহতীয়াকৈ ধৰ্মেন্দ্ৰক দেখা গৈছিল ছাহিদ কাপুৰ আৰু কৃতি ছানন অভিনীত 'তেৰী বাটৌ মেই এইছা উলজা জিয়া' ছবিখনত। শ্ৰীৰাম ৰাঘৱনৰ ২১ নং ছবিতো তেওঁ অভিনয় কৰিবলৈ সাজু হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু