--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অন্ত পৰিল এক অনন্য যুগৰ। ভাৰতীয় চিনেমাৰ ইতিহাসৰ এক উজ্জ্বল অধ্যায়ৰ স্মৰণীয় পৃষ্ঠা হৈ চিৰদিনলৈ চকু মুদিলে বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰই।

ডিজিটেল ডেস্কঃ সাংস্কৃতিক জগতৰ বাবে এক দুখবৰ । অন্ত পৰিল এক অনন্য যুগৰ। ভাৰতীয় চিনেমাৰ ইতিহাসৰ এক উজ্জ্বল অধ্যায়ৰ স্মৰণীয় পৃষ্ঠা হৈ চিৰদিনলৈ চকু মুদিলে বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰই।


বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান


বহু দিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল। কিছুদিন পূৰ্বে উশাহ-নিশাহৰ সমস্যাৰ বাবে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বিগত কিছুদিন ধৰি নিবিড় চিকিৎসকৰ তত্বাৱধানত থকা ৮৯ বছৰীয়া অভিনেতাজন বৰ্তমান আৰু নাই।


কি ৰোগত ভুগি আছিল ধৰ্মেন্দ্ৰ ?


খবৰ অনুসৰি, ধৰ্মেন্দ্ৰই প্ৰথমে চিকিৎসালয়লৈ গৈছিল নিয়মীয়া পৰীক্ষাৰ বাবে, কিন্তু পৰীক্ষাৰ অন্তত চিকিৎসকে তেওঁক ভৰ্তি কৰাটোৱেই উত্তম বুলি সিদ্ধান্ত লয়। ব্ৰিচ কেণ্ডি হাস্পতালৰ এজন কৰ্মচাৰীয়ে কয় যে ধৰ্মেন্দ্ৰই উশাহ লোৱাত অসুবিধা অনুভৱ কৰিছিল, যাৰ বাবে তেওঁক আই চি ইউত ৰখা হৈছিল। 


তেওঁৰ অৱস্থাৰ বিষয়ে সোধাত চিকিৎসালয়খনে কয় যে চিন্তাৰ কোনো গুৰুতৰ কাৰণ নাই। তেওঁৰ হৃদস্পন্দন আছিল প্ৰায় ৭০, ৰক্তচাপ প্ৰায় ১৪০/৮০, আৰু প্ৰস্ৰাৱৰ উৎপাদন স্বাভাৱিক আছিল। সাৱধানতা স্বৰূপে তেওঁক কিছুদিন পৰ্যবেক্ষণত ৰখাৰ পৰামৰ্শ দিয়ে চিকিৎসকে। তেওঁৰ মৃত্যুৰ খবৰ আহিছিল যদিও কন্যাই সেইবোৰ অস্বীকাৰ কৰিছিল আৰু পিছত তেওঁক ডিচচাৰ্জ দিয়া হৈছিল।


৮৯ বছৰ বয়সত তেওঁৰ হাওঁফাওঁ আৰু হৃদযন্ত্ৰ আৰু আগৰ দৰে শক্তিশালী নাছিল। ইয়াৰ ফলত সামান্য পৰিশ্ৰম বা অক্সিজেনৰ অভাৱ হ’লেও তেওঁৰ উশাহ-নিশাহৰ কষ্ট অনুভৱ হৈছিল। প্ৰায়ে তৰল পদাৰ্থ জমা হোৱা, হাওঁফাওঁৰ মৃদু সংক্ৰমণ বা হৃদযন্ত্ৰৰ ছন্দৰ বিঘিনিৰ বাবে এনে হৈছিল। সাধাৰণতে বৃদ্ধ ব্যক্তিৰ ভাগৰ বা বতৰৰ পৰিৱৰ্তনৰ বাবে উশাহ লোৱাত কষ্ট হোৱাটো গুৰুতৰ বুলি গণ্য কৰা হয়। কিন্তু ধৰ্মেন্দ্ৰৰ ক্ষেত্ৰত এই সমস্যা হঠাৎ আৰু বাৰে বাৰে ঘটিছিল, যিটো হৃদযন্ত্ৰ, হাওঁফাওঁ বা ৰক্ত সঞ্চালনৰ গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।


এই ছবিখনত অভিনয় কৰিবলৈ সাজু হৈছিল ধৰ্মেন্দ্ৰ


চলিত বৰ্ষৰ এপ্ৰিল মাহত ধৰ্মেন্দ্ৰৰ চকুৰ অপাৰেচন কৰা হৈছিল। অপাৰেচনৰ পৰা তেওঁ সোনকালে সুস্থ হৈ উঠিছিল আৰু এই বয়সতো তেওঁ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰি আহিছিল। 


কৰ্মক্ষেত্ৰত শেহতীয়াকৈ ধৰ্মেন্দ্ৰক দেখা গৈছিল ছাহিদ কাপুৰ আৰু কৃতি ছানন অভিনীত 'তেৰী বাটৌ মেই এইছা উলজা জিয়া' ছবিখনত। শ্ৰীৰাম ৰাঘৱনৰ ২১ নং ছবিতো তেওঁ অভিনয় কৰিবলৈ সাজু হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ