--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • Lachit The Warrior-এ বিশ্ব মঞ্চত অসাধাৰণ সফলতা অর্জন কৰিছে। চলচ্চিত্ৰখনে সর্বশ্রেষ্ঠ ডকুমেন্টৰী, সর্বশ্রেষ্ঠ এনিমেটেড ফিল্ম আদি বিভিন্ন শ্ৰেণীৰ বঁটা লাভ কৰাৰ লগতে ৫০খন প্রতিষ্ঠিত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে।

ডিজিটেল ডেস্ক : অসমীয়াৰ শৌর্য, দেশপ্ৰেমৰ শাশ্বত প্রতীক আৰু অসমীয়া সামৰিক ইতিহাসৰ অমৰ সেনাপতি বীৰ লাচিত বৰফুকনৰ জন্মোৎসৱৰ পৱিত্ৰ দিনটোত প্রশংসিত অসমীয়া চুটি চলচ্চিত্র 'Lachit -The Warrior', Pi Media-ৰ সকলো সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে আগবঢ়োৱা হৈছে।


Lachit The Warrior-এ বিশ্ব মঞ্চত অসাধাৰণ সফলতা অর্জন কৰিছে। চলচ্চিত্ৰখনে সর্বশ্রেষ্ঠ ডকুমেন্টৰী, সর্বশ্রেষ্ঠ এনিমেটেড ফিল্ম আদি বিভিন্ন শ্ৰেণীৰ বঁটা লাভ কৰাৰ লগতে ৫০খন প্রতিষ্ঠিত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে। 


 উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত আছে ৫৪ সংখ্যক ভাৰতীয় আন্তর্জাতিক চলচ্চিত্র উৎসৱ, গোৱা, নিউয়ক লিফ্ট অব্ ফিল্ম ফেষ্টিভেল, মিলান ছর্ট ফিল্ম ফেষ্টিভেল, নিউর্বন ছর্ট ফিল্ম ফেষ্টিভেল, বার্লিন আৰু বিশ্ববিখ্যাত কাঁ মার্চে ডু ফিল্ম আদি। চলচ্চিত্ৰখনৰ অপূৰ্ব সফলতাক অধিক গৌৰৱান্বিত কৰিছে ইয়াৰ বঁটাবোৰৰ সংখ্যাই। চলচ্চিত্ৰখনৰ এতিয়ালৈকে লাভ কৰা মুখ্য স্বীকৃতিসমূহ হ'ল- শ্রেষ্ঠ তথ্য চিত্র বঁটা ১৯টা, বেষ্ট এনিমেশ্যন ছর্ট ফিল্ম এৱাৰ্ড ৫টা, এটাকৈ শ্রেষ্ঠ চুটি ছবি, উৎকৃষ্টতা, প্রশংসা বঁটা, বিশেষ আৰু সন্মানীয় বঁটা তিনিটা, প্ৰদৰ্শিত আৰু জুৰীৰ নিৰ্বাচিত বঁটা ২০টা। বীৰ লাচিত বৰফুকনৰ অদম্য সাহস, শৌর্য আৰু দেশৰ প্ৰতি সমৰ্পণৰ কাহিনী বিশ্ব দৰবাৰত নিৱেদন কৰা এই সংক্ষিপ্ত চলচ্চিত্রখনে অসমীয়াৰ গৌৰৱ, ইতিহাস আৰু পৰিচয়ক অধিক উচ্চলৈ লৈ গৈছে। ড° পাৰ্থসাৰথি মহন্তৰ দ্বাৰা ৰচিত আৰু পৰিচালনাত নির্মিত Lachit-The Warrior চুটি চলচ্চিত্রখন অতি উৎকৃষ্ট আৰু পৰিচিত সৃষ্টিশীল দলৰ সক্রিয় অৱদানেৰে নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। বর্ণনা যুগুতাইছে ড° অমৰজ্যোতি চৌধুৰীয়ে। সংগীত পৰিচালনা কৰিছে ৰূপম তালুকদাৰে। ষ্ট'ৰীব'ৰ্ড আৰু অলংকৰণৰ দায়িত্ব পালন কৰিছে হৃষীকেশ বৰুৱাই। এনিমেশ্যন কৰিছে ৰাতুল দত্ত আৰু হৃষীকেশ বৰুৱাই। ভি এফ এ আৰু কম্প'জিশ্যনৰ কাম সম্পাদন কৰিছে ৰাতুল দত্তই। ছাবটাইটেল প্রস্তুত কৰিছে ড° জ' ভিয়েল কলিতাই। 


চলচ্চিত্রখন শব্দৰে সুন্দৰকৈ সজাই তুলিছে দেৱজিত গায়নে আৰু সামগ্রিক সৃষ্টিশীল পৰিচালনা কৰিছে অনুপম মহন্তই।কালিৰ পৱিত্ৰ দিনটোত ছবিখন ৰাইজৰ বাবে আগ বঢ়োৱা হৈছে বীৰ লাচিত বৰফুকনৰ শৌৰ্য আৰু দেশপ্রেমক গভীৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেওঁৰ নৈতিক দৃঢ়তা আৰু দেশৰ বাবে কৰা অদ্বিতীয় ত্যাগ আজিও সময়ৰ কাষত প্ৰতিধ্বনি হৈ আছে। চলচ্চিত্ৰখনৰ সৃষ্টিকর্তাসকলে আশা প্রকাশ কৰিছে যে এই সৃষ্টি বিশেষকৈ যুৱ প্ৰজন্মক অনুপ্রাণিত কৰাৰ লগতে অসমীয়াৰ সাহস, সংস্কৃতি আৰু পৰিচয়ৰ গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু