--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • Lachit The Warrior-এ বিশ্ব মঞ্চত অসাধাৰণ সফলতা অর্জন কৰিছে। চলচ্চিত্ৰখনে সর্বশ্রেষ্ঠ ডকুমেন্টৰী, সর্বশ্রেষ্ঠ এনিমেটেড ফিল্ম আদি বিভিন্ন শ্ৰেণীৰ বঁটা লাভ কৰাৰ লগতে ৫০খন প্রতিষ্ঠিত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে।

ডিজিটেল ডেস্ক : অসমীয়াৰ শৌর্য, দেশপ্ৰেমৰ শাশ্বত প্রতীক আৰু অসমীয়া সামৰিক ইতিহাসৰ অমৰ সেনাপতি বীৰ লাচিত বৰফুকনৰ জন্মোৎসৱৰ পৱিত্ৰ দিনটোত প্রশংসিত অসমীয়া চুটি চলচ্চিত্র 'Lachit -The Warrior', Pi Media-ৰ সকলো সামাজিক মাধ্যমত আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে আগবঢ়োৱা হৈছে।


Lachit The Warrior-এ বিশ্ব মঞ্চত অসাধাৰণ সফলতা অর্জন কৰিছে। চলচ্চিত্ৰখনে সর্বশ্রেষ্ঠ ডকুমেন্টৰী, সর্বশ্রেষ্ঠ এনিমেটেড ফিল্ম আদি বিভিন্ন শ্ৰেণীৰ বঁটা লাভ কৰাৰ লগতে ৫০খন প্রতিষ্ঠিত আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে। 


 উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত আছে ৫৪ সংখ্যক ভাৰতীয় আন্তর্জাতিক চলচ্চিত্র উৎসৱ, গোৱা, নিউয়ক লিফ্ট অব্ ফিল্ম ফেষ্টিভেল, মিলান ছর্ট ফিল্ম ফেষ্টিভেল, নিউর্বন ছর্ট ফিল্ম ফেষ্টিভেল, বার্লিন আৰু বিশ্ববিখ্যাত কাঁ মার্চে ডু ফিল্ম আদি। চলচ্চিত্ৰখনৰ অপূৰ্ব সফলতাক অধিক গৌৰৱান্বিত কৰিছে ইয়াৰ বঁটাবোৰৰ সংখ্যাই। চলচ্চিত্ৰখনৰ এতিয়ালৈকে লাভ কৰা মুখ্য স্বীকৃতিসমূহ হ'ল- শ্রেষ্ঠ তথ্য চিত্র বঁটা ১৯টা, বেষ্ট এনিমেশ্যন ছর্ট ফিল্ম এৱাৰ্ড ৫টা, এটাকৈ শ্রেষ্ঠ চুটি ছবি, উৎকৃষ্টতা, প্রশংসা বঁটা, বিশেষ আৰু সন্মানীয় বঁটা তিনিটা, প্ৰদৰ্শিত আৰু জুৰীৰ নিৰ্বাচিত বঁটা ২০টা। বীৰ লাচিত বৰফুকনৰ অদম্য সাহস, শৌর্য আৰু দেশৰ প্ৰতি সমৰ্পণৰ কাহিনী বিশ্ব দৰবাৰত নিৱেদন কৰা এই সংক্ষিপ্ত চলচ্চিত্রখনে অসমীয়াৰ গৌৰৱ, ইতিহাস আৰু পৰিচয়ক অধিক উচ্চলৈ লৈ গৈছে। ড° পাৰ্থসাৰথি মহন্তৰ দ্বাৰা ৰচিত আৰু পৰিচালনাত নির্মিত Lachit-The Warrior চুটি চলচ্চিত্রখন অতি উৎকৃষ্ট আৰু পৰিচিত সৃষ্টিশীল দলৰ সক্রিয় অৱদানেৰে নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই। বর্ণনা যুগুতাইছে ড° অমৰজ্যোতি চৌধুৰীয়ে। সংগীত পৰিচালনা কৰিছে ৰূপম তালুকদাৰে। ষ্ট'ৰীব'ৰ্ড আৰু অলংকৰণৰ দায়িত্ব পালন কৰিছে হৃষীকেশ বৰুৱাই। এনিমেশ্যন কৰিছে ৰাতুল দত্ত আৰু হৃষীকেশ বৰুৱাই। ভি এফ এ আৰু কম্প'জিশ্যনৰ কাম সম্পাদন কৰিছে ৰাতুল দত্তই। ছাবটাইটেল প্রস্তুত কৰিছে ড° জ' ভিয়েল কলিতাই। 


চলচ্চিত্রখন শব্দৰে সুন্দৰকৈ সজাই তুলিছে দেৱজিত গায়নে আৰু সামগ্রিক সৃষ্টিশীল পৰিচালনা কৰিছে অনুপম মহন্তই।কালিৰ পৱিত্ৰ দিনটোত ছবিখন ৰাইজৰ বাবে আগ বঢ়োৱা হৈছে বীৰ লাচিত বৰফুকনৰ শৌৰ্য আৰু দেশপ্রেমক গভীৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেওঁৰ নৈতিক দৃঢ়তা আৰু দেশৰ বাবে কৰা অদ্বিতীয় ত্যাগ আজিও সময়ৰ কাষত প্ৰতিধ্বনি হৈ আছে। চলচ্চিত্ৰখনৰ সৃষ্টিকর্তাসকলে আশা প্রকাশ কৰিছে যে এই সৃষ্টি বিশেষকৈ যুৱ প্ৰজন্মক অনুপ্রাণিত কৰাৰ লগতে অসমীয়াৰ সাহস, সংস্কৃতি আৰু পৰিচয়ৰ গৌৰৱবোধক অধিক শক্তিশালী কৰি তুলিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ