--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত ৰাস্তাৰ কাষৰ সৰু দোকানসমূহত পোৱা খাদ্য নিশ্চয় সকলোৰে প্ৰিয়৷পুস্কা,ম’ম’,চাওমিন আদি খাদ্য ইয়াৰ ভিতৰত উল্লেখযোগ্য৷কিন্তু তাৰে কিছুমান খাদ্য খাদ্যপ্ৰেমীৰ মাজত পছন্দ কৰা নাযায়৷শেহতীয়াকৈ অনলাইন খাদ্য আৰু ভ্ৰমণ গাইড টেষ্টএটলাছে সৰ্বনিম্ন ৰেটিং পোৱা ভাৰতীয় ষ্ট্ৰীট ফুডৰ তালিকা প্ৰস্তুত কৰিছে। এই তালিকাত শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰৰ বিখ্যাত দহী পুৰীয়ে। ২৫০৮টা ৰেটিঙৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হৈছিল, ইয়াৰে ১৭ আগষ্টলৈকে টেষ্টএটলাছে মাত্ৰ ১,৭৭৩টা ৰেটিংক বৈধ বুলি গণ্য কৰিছিল।

মধ্যপ্ৰদেশৰ আটা আৰু মছলাৰে তৈয়াৰী টেঙা খাদ্য ছেভৰ স্থান দ্বিতীয় সৰ্বাধিক। ইয়াৰ ঠিক পিছতে গুজৰাটৰ ডাবেলি, য’ত আলু পিটিকা আৰু কিছু মছলা ভৰাই থোৱা টোষ্ট কৰা লেডি পাভ বান থাকে।

এই তালিকাত চতুৰ্থ স্থানত আছে বম্বে চেণ্ডউইচ। পাওৰুটিৰ টুকুৰাৰ মাজত ভৰাই থোৱা শাক-পাচলি আৰু মছলাৰে গঠিত এইবিধ মুম্বাইৰ খাদ্য।পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থানত আন্দা ভূৰজী, দহি ভড়া আৰু সাবুদানা ভড়াই স্থান লাভ কৰিছে।

অষ্টম স্থানত উত্তৰ ভাৰত, পাকিস্তান আৰু বাংলাদেশত জনপ্ৰিয় বিখ্যাত পাপৰি চাটে টেষ্টএটলাছৰ ৰেটিঙত কম ৰেটিং লাভ কৰিছে।নৱম স্থানত উত্তৰ ভাৰতৰ পৰম্পৰাগত গোবী পৰঠা, ফুলকবিৰে ভৰাই থোৱা ফ্লেটব্ৰেডবিধে তালিকাত স্থান লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস