--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে আয়োজন কৰা   জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে চীনৰ ৰাষ্ট্ৰপতি   ঝি জিনপিঙে । চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে কয় যে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে এই সপ্তাহান্তত দিল্লীত অনুষ্ঠিত হ'বলগীয়া ১৮ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব। সোমবাৰে আবেলি চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ   মুখপাত্ৰ মাও নিংয়ে কয়, "ভাৰত গণৰাজ্য চৰকাৰৰ আমন্ত্ৰণত ৰাজ্যিক পৰিষদৰ প্ৰিমিয়াৰ লি কিয়াঙে ৯ আৰু ১০ ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ১৮ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব।"

 মুখপাত্ৰজনে লগতে কয়, "চীনে আশা কৰিছে যে সন্মিলনখনে দুয়োখন দেশৰ মাজত  সহমত বৃদ্ধি  কৰিব পাৰে, আত্মবিশ্বাস প্ৰকাশ বঢ়াব পাৰে আৰু উন্নয়নৰ পথ সূচল কৰিব পাৰে"। ঘোষণাটোৰ জড়িয়তে তেওঁ জি ২০ সন্মিলনত যে   ৰাষ্ট্ৰপতি ঝি  জিনপিং উপস্থিত নাথাকে সেই কথা একপ্ৰকাৰ স্পষ্ট কৰি দিছে। একে সময়তে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো  বাইডেনে  ঝি  জিনপিঙে জি-২০ সন্মিলনত ভাগ নোলোৱাৰ কথাটোত   হতাশা ব্যক্ত কৰিছে।  বিডেনে ডেলাৱেৰৰ ৰেহোবোথ বীচত সাংবাদিকক কয়, "মই হতাশ হৈছো,  মই তেওঁ থাকিব বুলি ভাবিছিলো।"  

এই বছৰ ভাৰতে আয়োজন কৰা জি-২০ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ঝি  জিনপিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ মাজত বৈঠক অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছিল।  

উল্লেখ্য যোৱা বছৰ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনত বিডেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত বিভিন্ন বিষয়ত উত্তেজনা বৃদ্ধি পাইছে, যাৰ ভিতৰত আছে প্ৰযুক্তি, গুপ্তচরবৃত্তি, অৰ্থনৈতিক প্ৰতিযোগিতা, আৰু সামৰিক শক্তি। দক্ষিণ চীন সাগৰ আৰু টাইৱান ষ্ট্ৰেইটত একাধিক  সংঘৰ্ষৰ লগতে ফেব্ৰুৱাৰীত এটা গুপ্তচৰ বেলুনৰ ঘটনাকলৈ চীন-আমেৰিকাৰ সম্পৰ্ক বেয়া হৈছে। সেইবাবেই হয়তো জিনপিঙে বাইডেনক লগ পোৱাটো এৰাই চলিবলৈ ভাৰতলৈ নহাৰ সিদ্ধান্ত লৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস