--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে আয়োজন কৰা   জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰে চীনৰ ৰাষ্ট্ৰপতি   ঝি জিনপিঙে । চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে কয় যে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে এই সপ্তাহান্তত দিল্লীত অনুষ্ঠিত হ'বলগীয়া ১৮ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব। সোমবাৰে আবেলি চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ   মুখপাত্ৰ মাও নিংয়ে কয়, "ভাৰত গণৰাজ্য চৰকাৰৰ আমন্ত্ৰণত ৰাজ্যিক পৰিষদৰ প্ৰিমিয়াৰ লি কিয়াঙে ৯ আৰু ১০ ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ১৮ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিব।"

 মুখপাত্ৰজনে লগতে কয়, "চীনে আশা কৰিছে যে সন্মিলনখনে দুয়োখন দেশৰ মাজত  সহমত বৃদ্ধি  কৰিব পাৰে, আত্মবিশ্বাস প্ৰকাশ বঢ়াব পাৰে আৰু উন্নয়নৰ পথ সূচল কৰিব পাৰে"। ঘোষণাটোৰ জড়িয়তে তেওঁ জি ২০ সন্মিলনত যে   ৰাষ্ট্ৰপতি ঝি  জিনপিং উপস্থিত নাথাকে সেই কথা একপ্ৰকাৰ স্পষ্ট কৰি দিছে। একে সময়তে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো  বাইডেনে  ঝি  জিনপিঙে জি-২০ সন্মিলনত ভাগ নোলোৱাৰ কথাটোত   হতাশা ব্যক্ত কৰিছে।  বিডেনে ডেলাৱেৰৰ ৰেহোবোথ বীচত সাংবাদিকক কয়, "মই হতাশ হৈছো,  মই তেওঁ থাকিব বুলি ভাবিছিলো।"  

এই বছৰ ভাৰতে আয়োজন কৰা জি-২০ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ঝি  জিনপিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ মাজত বৈঠক অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছিল।  

উল্লেখ্য যোৱা বছৰ ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত জি-২০ সন্মিলনত বিডেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত বিভিন্ন বিষয়ত উত্তেজনা বৃদ্ধি পাইছে, যাৰ ভিতৰত আছে প্ৰযুক্তি, গুপ্তচরবৃত্তি, অৰ্থনৈতিক প্ৰতিযোগিতা, আৰু সামৰিক শক্তি। দক্ষিণ চীন সাগৰ আৰু টাইৱান ষ্ট্ৰেইটত একাধিক  সংঘৰ্ষৰ লগতে ফেব্ৰুৱাৰীত এটা গুপ্তচৰ বেলুনৰ ঘটনাকলৈ চীন-আমেৰিকাৰ সম্পৰ্ক বেয়া হৈছে। সেইবাবেই হয়তো জিনপিঙে বাইডেনক লগ পোৱাটো এৰাই চলিবলৈ ভাৰতলৈ নহাৰ সিদ্ধান্ত লৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান