--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স, জাতি, ধৰ্ম, একোৱেই প্ৰেমৰ বাধা হ’ব নোৱাৰে। এনে বহু উদাহৰণ আছে। কিন্তু ইজনে সিজনৰ ভাষা নজনাকৈ প্ৰেমত পৰাটো সম্ভৱনে? তেন্তে ইয়াৰ উত্তৰ হ’ব সম্ভৱ!

ইংলেণ্ডৰ ক্ল’ স্মিথ আৰু ইটালীৰ ডেনিয়েল মাৰিস্কোৰ মাজত চলি থকা প্ৰেমৰ সম্পৰ্কই এই কথাকে সুঁৱৰাই দিছে। ইজনে সিজনৰ ভাষা বুজি নাপায়। গুগল ট্ৰেন্সলেট ব্যৱহাৰ কৰি এই কথা-বতৰা পাতে দুয়ো। তেনেকৈয়ে ভাষাৰ বাধা অতিক্ৰম কৰি দুয়ো প্ৰেমত বান্ধ খাই পৰিল।

দুবছৰমান আগতে ইবিজাৰ এটা নাইট ক্লাবত ২৩ বছৰীয়া ক্ল’ই ২৫ বছৰীয়া ডেনিয়েলক লগ পাইছিল। ইজনে সিজনৰ ভাষা নাজানিলেও ক্ল’ই ডেনিয়েলৰ প্ৰতি আকৰ্ষিত হয়। ক্ল’-ইয়ে প্ৰথমে ডেনিয়েলক বন্ধুত্বৰ হাত আগবঢ়াইছিল। তাই ডেনিয়েলক ইমানেই ভাল পায় যে ক্ল’ই তাৰ ফোন নম্বৰটো বিচাৰে।

প্ৰেমৰ প্ৰাৰম্ভিক পৰ্যায়ত ইজনে সিজনৰ লগত কথা পাতি সম্পৰ্কৰ ভেটি মজবুত কৰে। কিন্তু দুয়োজনে নাজানে ইজনে সিজনৰ ভাষা। ভাষাৰ বাধাৰ কথা তেওঁলোকে গুৰুত্ব নিদিলে।

ইজনে সিজনক ভালদৰে বুজিবলৈ একেলগে ভিডিঅ’ আৰু চিনেমা চাবলৈ ধৰিলে। তেওঁলোকে নিজৰ ভাষা বুজিবলৈ গুগল ট্ৰেঞ্চলেটৰৰ ওপৰত নিৰ্ভৰ কৰে।

পৰিচয়ৰ এসপ্তাহৰ ভিতৰতে ক্ল’ই ডেনিয়েল আৰু তেওঁৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ ইটালীৰ নেপলছলৈ যাত্ৰা কৰে। ডেনিয়েলে কয় যে, ''এই সকলোবোৰ প্ৰেমৰ বাবেই সম্ভৱ হৈছিল। ক্ল’ই বহুত কথা পাতিছিল আৰু হাঁহিছিল। তেওঁৰ ভাষা মই বুজি পোৱা নাছিলো। মই মাথোঁ বুজিলোঁ যে তেওঁ আনতকৈ পৃথক। প্ৰথম দেখাৰ পৰাই ভাল পাইছিলোঁ। মই সিদ্ধান্ত ললোঁ যে তেওঁক মোৰ জীৱন সংগী কৰি ল’ম।’’

দুবছৰ ধৰি ক্ল’-ডেনিয়েলৰ সম্পৰ্ক চলি আহিছে। ক্ল’ই ডেনিয়েলক ইংৰাজী শিকোৱাৰ দায়িত্ব লয় আৰু ডেনিয়েলে ক্ল’ক ইটালীয় খাদ্য কেনেকৈ খাব লাগে শিকোৱাৰ দায়িত্ব লয়। ইজনে সিজনৰ ভাষা নুবুজিলেও ইজনে সিজনৰ লগত জীৱনটো কটাবলৈ উলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ