--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হুইল চেয়াৰত বহি যোৱাৰ বাবে ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাবলৈ নিদিলে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক। যুৱতীগৰাকীৰ নাম সৃষ্টি পাণ্ডে। হাৰিয়ানাৰ গুৰুগ্ৰামৰ ‘ৰাস্তা’ নামৰ এখন বিখ্যাত ৰেষ্টুৰেণ্টত সোমাবলৈ নিদিলে সৃষ্টিক। সৃষ্টিয়ে এই সমগ্ৰ ঘটনাৰ বিৱৰণ টুইটাৰ যোগে প্ৰকাশ কৰাৰ পিছতে ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সৃষ্টিয়ে কয় যে তেওঁ বেষ্ট ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ডৰ পৰিয়ালৰ সৈতে শুকুৰবাৰে সন্ধিয়া প্ৰথমবাৰৰ বাবে বাহিৰলৈ ফুৰিবলৈ ওলাই আহি গুৰুগ্ৰামৰ ‘ৰাস্তা’ নামৰ বিখ্যাত ৰেষ্টুৰেণ্টখনলৈ গৈছিল। যেতিয়া তেওঁৰ বন্ধুৰ ভাতৃয়ে তেওঁলোকৰ বাবে এখন টেবুল বুক কৰিবলৈ যায়, ৰেষ্টুৰেণ্টৰ ফ্ৰণ্ট ডেস্কে তেওঁক টেবুল প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু কৰ্মচাৰীসকলে সৃষ্টিৰ হুইলচেয়াৰৰ ফালে আঙুলিয়াই কয়, “হুইলচেয়াৰ ভিতৰত আনিবলৈ দিয়া নহয়।” প্ৰথমে তেওঁলোকে ভাবিছিল যে হুইল চেয়াৰখন ভিতৰলৈ লৈ যোৱাত অসুবিধা হ’ব বুলি ভাবি ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে তেনেকৈ কৈছে। যেতিয়া তেওঁলোকে কলে যে “হুইল চেয়াৰখন ভিতৰলৈ লৈ যোৱাৰ মেনেজ আমি কৰিম”, তেতিয়া হোটেলৰ কৰ্মচাৰীয়ে “হুইল চেয়াৰ ভিতৰলৈ নিব দিব নোৱাৰো, ভিতৰত থকা গ্ৰাহকে অসুবিধা পাব” বুলি কয়। এই কথা শুনাৰ লগে লগে সৃষ্টি পাণ্ডেৰ লগতে বন্ধু পৰিয়ালৰ অন্তৰত আঘাত লাগে। বহু সময় যুক্তি-তর্কৰ পিছত ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে তেওঁলোকক বাহিৰত ঠাণ্ডাত বহিবলৈ কয় অন্যথা গুচি যাবলৈ কয়।সৃষ্টিয়ে গোটেই ঘটনাটোৰ এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅটো শ্বেয়াৰ কৰি সৃষ্টিয়ে কয় “এই ঘটনাই মোৰ হৃদয় ভাগি পেলাইছিল। সঁচাকৈয়ে মোৰ বাবে এয়া অতি দুখজনক ঘটনা।”   ভিডিঅ’টো ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে ৰেষ্টুৰেণ্টখনৰ এনে তীব্ৰ আচৰণৰ বিৰোধিতা কৰিছে। একাংশই ঘটনাটোৰ সন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে। দুখজনক ঘটনাটোক লৈ ‘ৰাস্তা’ৰ প্ৰতিষ্ঠাপক অংশীদাৰ গৌমতেশ সিঙে টুইটাৰযোগে ক্ষমা বিচাৰে। গৌমতেশ সিঙে সমগ্ৰ বিষয়টোৰ নিজাববীয়াকৈ তদন্ত কৰি দোষী কৰ্মচাৰীৰ প্ৰতি বিহিত ব্যৱস্থা লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ৰেষ্টুৰেণ্টখনৰ এই অসংবেদনশীল কাৰ্যই মানৱ সমাজক লজ্জানত কৰিছে। বহুতে এনে কাৰ্যক একমুখে ধিক্কাৰ জনাইছে। আৰু পঢ়কঃ মহা প্ৰৱঞ্চক! ৭ ৰাজ্যৰ পৰা ১৪গৰাকী বিয়া পাতি জে’লত সোমাল ৬০ বছৰীয়া ব্যক্তি

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক