--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হুইল চেয়াৰত বহি যোৱাৰ বাবে ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাবলৈ নিদিলে এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক। যুৱতীগৰাকীৰ নাম সৃষ্টি পাণ্ডে। হাৰিয়ানাৰ গুৰুগ্ৰামৰ ‘ৰাস্তা’ নামৰ এখন বিখ্যাত ৰেষ্টুৰেণ্টত সোমাবলৈ নিদিলে সৃষ্টিক। সৃষ্টিয়ে এই সমগ্ৰ ঘটনাৰ বিৱৰণ টুইটাৰ যোগে প্ৰকাশ কৰাৰ পিছতে ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সৃষ্টিয়ে কয় যে তেওঁ বেষ্ট ফ্ৰেণ্ড আৰু বেষ্ট ফ্ৰেণ্ডৰ পৰিয়ালৰ সৈতে শুকুৰবাৰে সন্ধিয়া প্ৰথমবাৰৰ বাবে বাহিৰলৈ ফুৰিবলৈ ওলাই আহি গুৰুগ্ৰামৰ ‘ৰাস্তা’ নামৰ বিখ্যাত ৰেষ্টুৰেণ্টখনলৈ গৈছিল। যেতিয়া তেওঁৰ বন্ধুৰ ভাতৃয়ে তেওঁলোকৰ বাবে এখন টেবুল বুক কৰিবলৈ যায়, ৰেষ্টুৰেণ্টৰ ফ্ৰণ্ট ডেস্কে তেওঁক টেবুল প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু কৰ্মচাৰীসকলে সৃষ্টিৰ হুইলচেয়াৰৰ ফালে আঙুলিয়াই কয়, “হুইলচেয়াৰ ভিতৰত আনিবলৈ দিয়া নহয়।” প্ৰথমে তেওঁলোকে ভাবিছিল যে হুইল চেয়াৰখন ভিতৰলৈ লৈ যোৱাত অসুবিধা হ’ব বুলি ভাবি ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে তেনেকৈ কৈছে। যেতিয়া তেওঁলোকে কলে যে “হুইল চেয়াৰখন ভিতৰলৈ লৈ যোৱাৰ মেনেজ আমি কৰিম”, তেতিয়া হোটেলৰ কৰ্মচাৰীয়ে “হুইল চেয়াৰ ভিতৰলৈ নিব দিব নোৱাৰো, ভিতৰত থকা গ্ৰাহকে অসুবিধা পাব” বুলি কয়। এই কথা শুনাৰ লগে লগে সৃষ্টি পাণ্ডেৰ লগতে বন্ধু পৰিয়ালৰ অন্তৰত আঘাত লাগে। বহু সময় যুক্তি-তর্কৰ পিছত ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে তেওঁলোকক বাহিৰত ঠাণ্ডাত বহিবলৈ কয় অন্যথা গুচি যাবলৈ কয়।সৃষ্টিয়ে গোটেই ঘটনাটোৰ এটা চমু ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅটো শ্বেয়াৰ কৰি সৃষ্টিয়ে কয় “এই ঘটনাই মোৰ হৃদয় ভাগি পেলাইছিল। সঁচাকৈয়ে মোৰ বাবে এয়া অতি দুখজনক ঘটনা।”   ভিডিঅ’টো ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে ৰেষ্টুৰেণ্টখনৰ এনে তীব্ৰ আচৰণৰ বিৰোধিতা কৰিছে। একাংশই ঘটনাটোৰ সন্দৰ্ভত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত দাবী জনাইছে। দুখজনক ঘটনাটোক লৈ ‘ৰাস্তা’ৰ প্ৰতিষ্ঠাপক অংশীদাৰ গৌমতেশ সিঙে টুইটাৰযোগে ক্ষমা বিচাৰে। গৌমতেশ সিঙে সমগ্ৰ বিষয়টোৰ নিজাববীয়াকৈ তদন্ত কৰি দোষী কৰ্মচাৰীৰ প্ৰতি বিহিত ব্যৱস্থা লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ৰেষ্টুৰেণ্টখনৰ এই অসংবেদনশীল কাৰ্যই মানৱ সমাজক লজ্জানত কৰিছে। বহুতে এনে কাৰ্যক একমুখে ধিক্কাৰ জনাইছে। আৰু পঢ়কঃ মহা প্ৰৱঞ্চক! ৭ ৰাজ্যৰ পৰা ১৪গৰাকী বিয়া পাতি জে’লত সোমাল ৬০ বছৰীয়া ব্যক্তি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ