--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানে টকা-পইচাৰ প্ৰৱঞ্চনা কৰে, কিছুমানে প্ৰেমৰ প্ৰৱঞ্চনা কৰে আৰু কিছুমানে বিয়া পাতি প্ৰৱঞ্চনা কৰে। এগৰাকী, দুগৰাকী নহয় ১৪ গৰাকী মহিলাক বিয়া পাতি প্ৰৱঞ্চনা কৰিছে এজন ৬০ বছৰীয়া লোকে। ৰমেশ নামৰ লোকজনে ৭খন ৰাজ্যৰ পৰা ১৪গৰাকীকৈ মহিলাক বিয়া পাতিছে।পিছে এইবাৰ তেওঁ আৰক্ষীৰ জালত পৰিল। ৰমেশ নামৰ অভিযুক্তগৰাকী ওড়িশাৰ কেন্দ্রপাৰা জিলাৰ বাসিন্দা।সোমবাৰে ভুৱনেশ্বৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰমেশক। আৰক্ষীয়ে জনোৱা মতে তেওঁ প্ৰতিগৰাকী পত্নীৰ পৰা মোটা অংকৰ ধন লৈ অন্তৰ্ধান হয়। ভুৱনেশ্বৰ আৰক্ষীৰ উপ আয়ুক্ত উমাশংকৰ দাসে জনোৱা মতে প্ৰৱঞ্চক ৰমেশে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল ১৯৮২ চনত; দ্বিতীয়বাৰ বিয়া পাতিছে ২০০২ চনত। দুই বিবাহৰ পৰা ৫ সন্তানৰ পিতৃ ৰমেশ। তাৰ পিছত Matrimonial Websiteত মিছা তথ্যৰে নাম পঞ্জীয়ন কৰি এজনীৰ পিছত আনজনী বিয়া পাতি আছিল। আৰু পঢ়কঃ ভাগ্যৰ পৰিৱৰ্তন! ৬০ বছৰত মডেল হ’ল দিন-হাজিৰা কৰা মজদুৰ নিজকে চিকিৎসক বুলি পৰিচয় দি অধিবক্তা, চিকিৎসক, অৰ্ধসামৰিক বাহিনীত কৰ্মৰত বিষয়া আদিক জালত পেলাইছিল ৰমেশে। তেওঁ দিল্লী, পঞ্জাৱ, অসম, ঝাৰখণ্ড আৰু উৰিষ্যাকে ধৰি সাতখন ৰাজ্যৰ মহিলাক প্ৰতাৰণা কৰিছে। ২০১৮ চনত দিল্লীৰ এগৰাকী শিক্ষয়িত্ৰীৰে অন্তিমখন বিবাহপাশত আৱদ্ধ হৈছিল ব্যক্তিজন। অন্তিম গৰাকী পত্নীৰ সৈতে তেওঁ ভূৱেনশ্বৰত বাস কৰিছিল। এইগৰাকী পত্নীয়ে কেনেবাকৈ ৰমেশৰ পূৰ্বৰ বিয়াবোৰৰ উমান পাবলৈ সক্ষম হৈ আৰক্ষী কাষ চাপে। পত্নীৰ গোচৰৰ ভিত্তিত ৰমেশক ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ওড়িশা আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত গম পোৱা যায় যে প্ৰতিগৰাকী ভুক্তভোগীৰ পৰা মোটা অংকৰ পইচা লৈ অন্তৰ্ধান হয় ব্যক্তিজন। প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে ১১খন এটিএম কাৰ্ড আৰু ৪খন আধাৰ কাৰ্ডো জব্দ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁক নিবনুৱা যুৱকসকলক প্ৰৱঞ্চনা কৰা আৰু হায়দৰাবাদ আৰু এৰ্নাকুলামত ঋণ জালিয়াতিৰ বাবে দুবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি ওড়িশা আৰক্ষীয়ে সদৰী কৰিছে। আৰু পঢ়কঃ পুনৰ জে’ললৈ লালু প্ৰসাদ যাদৱ! পশুখাদ্য কেলেংকাৰীৰ অন্তিমটো গোচৰত ৰায় চি বি আইৰ আদালতৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব: লুৰিণজ্যোতি গগৈ
দিল্লীৰ ২০খন মহাবিদ্যালয়ত বোমাৰ ভাবুকি, ভাবুকিপূৰ্ণ ই-মেইলে টোপনি কাঢ়িছে প্ৰশাসনৰ
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড