--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমানে টকা-পইচাৰ প্ৰৱঞ্চনা কৰে, কিছুমানে প্ৰেমৰ প্ৰৱঞ্চনা কৰে আৰু কিছুমানে বিয়া পাতি প্ৰৱঞ্চনা কৰে। এগৰাকী, দুগৰাকী নহয় ১৪ গৰাকী মহিলাক বিয়া পাতি প্ৰৱঞ্চনা কৰিছে এজন ৬০ বছৰীয়া লোকে। ৰমেশ নামৰ লোকজনে ৭খন ৰাজ্যৰ পৰা ১৪গৰাকীকৈ মহিলাক বিয়া পাতিছে।পিছে এইবাৰ তেওঁ আৰক্ষীৰ জালত পৰিল। ৰমেশ নামৰ অভিযুক্তগৰাকী ওড়িশাৰ কেন্দ্রপাৰা জিলাৰ বাসিন্দা।সোমবাৰে ভুৱনেশ্বৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰমেশক। আৰক্ষীয়ে জনোৱা মতে তেওঁ প্ৰতিগৰাকী পত্নীৰ পৰা মোটা অংকৰ ধন লৈ অন্তৰ্ধান হয়। ভুৱনেশ্বৰ আৰক্ষীৰ উপ আয়ুক্ত উমাশংকৰ দাসে জনোৱা মতে প্ৰৱঞ্চক ৰমেশে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল ১৯৮২ চনত; দ্বিতীয়বাৰ বিয়া পাতিছে ২০০২ চনত। দুই বিবাহৰ পৰা ৫ সন্তানৰ পিতৃ ৰমেশ। তাৰ পিছত Matrimonial Websiteত মিছা তথ্যৰে নাম পঞ্জীয়ন কৰি এজনীৰ পিছত আনজনী বিয়া পাতি আছিল। আৰু পঢ়কঃ ভাগ্যৰ পৰিৱৰ্তন! ৬০ বছৰত মডেল হ’ল দিন-হাজিৰা কৰা মজদুৰ নিজকে চিকিৎসক বুলি পৰিচয় দি অধিবক্তা, চিকিৎসক, অৰ্ধসামৰিক বাহিনীত কৰ্মৰত বিষয়া আদিক জালত পেলাইছিল ৰমেশে। তেওঁ দিল্লী, পঞ্জাৱ, অসম, ঝাৰখণ্ড আৰু উৰিষ্যাকে ধৰি সাতখন ৰাজ্যৰ মহিলাক প্ৰতাৰণা কৰিছে। ২০১৮ চনত দিল্লীৰ এগৰাকী শিক্ষয়িত্ৰীৰে অন্তিমখন বিবাহপাশত আৱদ্ধ হৈছিল ব্যক্তিজন। অন্তিম গৰাকী পত্নীৰ সৈতে তেওঁ ভূৱেনশ্বৰত বাস কৰিছিল। এইগৰাকী পত্নীয়ে কেনেবাকৈ ৰমেশৰ পূৰ্বৰ বিয়াবোৰৰ উমান পাবলৈ সক্ষম হৈ আৰক্ষী কাষ চাপে। পত্নীৰ গোচৰৰ ভিত্তিত ৰমেশক ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ওড়িশা আৰক্ষীয়ে। আৰক্ষীৰ তদন্ত গম পোৱা যায় যে প্ৰতিগৰাকী ভুক্তভোগীৰ পৰা মোটা অংকৰ পইচা লৈ অন্তৰ্ধান হয় ব্যক্তিজন। প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে ১১খন এটিএম কাৰ্ড আৰু ৪খন আধাৰ কাৰ্ডো জব্দ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁক নিবনুৱা যুৱকসকলক প্ৰৱঞ্চনা কৰা আৰু হায়দৰাবাদ আৰু এৰ্নাকুলামত ঋণ জালিয়াতিৰ বাবে দুবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি ওড়িশা আৰক্ষীয়ে সদৰী কৰিছে। আৰু পঢ়কঃ পুনৰ জে’ললৈ লালু প্ৰসাদ যাদৱ! পশুখাদ্য কেলেংকাৰীৰ অন্তিমটো গোচৰত ৰায় চি বি আইৰ আদালতৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
AIয়ে দিব বানপানীৰ আগজাননী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০