--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছে কেনেদৰে সমগ্ৰ বিশ্ববাসীকে আতংকিত কৰি তুলিছে সেয়া সকলোৰে অৱগত। এই মহামাৰীয়ে মানুহৰ জীৱনশৈলী সম্পূৰ্ণ সলনি কৰিবলৈ বাধ্য কৰাইছে। লাখ লাখ লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱালে। আনহাতে, সঘনাই সলনি হোৱা কৰ’না ভাইৰাছৰ প্ৰকাৰেও আতংকিত কৰিছে সকলোকে। বিশেষকৈ কৰ’না ভাইৰাছৰ ‘ডেল্টা’ প্ৰকাৰক লৈ চিন্তা বৃদ্ধি পাইছে। কিয়নো, ‘ডেল্টা’ই শিশুসকলক অধিক অসুস্থ কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ বিশেষজ্ঞসকলে জনাইছে যে, কৰ’না ভাইৰাছৰ আন প্ৰকাৰতকৈ ‘ডেল্টা’ই শিশু আৰু কিশোৰ-কিশোৰীসকলক অধিক অসুস্থ কৰিব বুলি চৰ্চিত খবৰৰ কোনো প্ৰমাণ নাই।

অৱশ্যে, ‘ডেল্টা’ৰ বাবে শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে। ফ্লৰিডাৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ জনছ হপকিন্স অল চিলড্ৰেনছ হাস্পতালৰ শিশুৰ সংক্ৰামক ৰোগৰ চিকিৎসক ডাঃ জুয়ান ডুম’ইছে কয় যে, অতি সহজে সংক্ৰমণ ঘটাব পৰা ক্ষমতা থকা বাবে ‘ডেল্টা’ শিশুসকলৰ বাবে এক বিপদ সদৃশ হৈ পৰিছে। সেয়ে, বিদ্যালয়ত মাস্ক পৰিধান কৰা আৰু টিকাকৰণৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব আৰোপ কৰা হৈছে। আমেৰিকান একাডেমী অব্ পেডিয়াট্ৰিক্স এণ্ড চিলড্ৰেনছ হাস্পতাল এছ'চিয়েশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত মাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰত মাত্ৰ এটা সপ্তাহত ২,৫০,০০০গৰাকী শিশু মহামাৰীত আক্ৰান্ত হৈছিল। মহামাৰী আৰম্ভ হোৱাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ নিযুতৰো অধিক শিশুৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে, বিশ্বৰ প্ৰায় ১৮০খন দেশত ‘ডেল্টা’ৰ দ্বাৰা সংক্ৰমিত ৰোগী চিনাক্ত কৰা হৈছে। এওঁলোকৰ ভিতৰত অধিকাংশ কণ কণ শিশু আৰু কিশোৰ-কিশোৰীৰ । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত আগষ্ট মাহৰ শেষৰ ফালে আৰু ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে মহামাৰীত আক্ৰান্ত শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও কোনো শিশুৰ স্বাস্থ্যৰ অৱস্থা জটিল হোৱা নাই। ডেল্টাৰ পৰা হোৱা সংক্ৰমণৰ বাবে শিশু আক্ৰান্ত হোৱাৰ সংখ্যা বৃ্দ্ধি পাইছে যদিও অধিকাংশ শিশুৰ দেহত ৰোগৰ সাধাৰণ লক্ষণহে দেখা পোৱা গৈছে। গতিকে, অধিক শিশু আক্ৰান্ত হোৱাটোৱে এয়া প্ৰমাণিত নকৰে যে, শিশুসকলক ‘ডেল্টা’ই জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু