--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছে কেনেদৰে সমগ্ৰ বিশ্ববাসীকে আতংকিত কৰি তুলিছে সেয়া সকলোৰে অৱগত। এই মহামাৰীয়ে মানুহৰ জীৱনশৈলী সম্পূৰ্ণ সলনি কৰিবলৈ বাধ্য কৰাইছে। লাখ লাখ লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱালে। আনহাতে, সঘনাই সলনি হোৱা কৰ’না ভাইৰাছৰ প্ৰকাৰেও আতংকিত কৰিছে সকলোকে। বিশেষকৈ কৰ’না ভাইৰাছৰ ‘ডেল্টা’ প্ৰকাৰক লৈ চিন্তা বৃদ্ধি পাইছে। কিয়নো, ‘ডেল্টা’ই শিশুসকলক অধিক অসুস্থ কৰিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু শেহতীয়াকৈ বিশেষজ্ঞসকলে জনাইছে যে, কৰ’না ভাইৰাছৰ আন প্ৰকাৰতকৈ ‘ডেল্টা’ই শিশু আৰু কিশোৰ-কিশোৰীসকলক অধিক অসুস্থ কৰিব বুলি চৰ্চিত খবৰৰ কোনো প্ৰমাণ নাই

অৱশ্যে, ‘ডেল্টা’ৰ বাবে শিশুসকলৰ মাজত সংক্ৰমণ বৃদ্ধি পাইছে। ফ্লৰিডাৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ জনছ হপকিন্স অল চিলড্ৰেনছ হাস্পতালৰ শিশুৰ সংক্ৰামক ৰোগৰ চিকিৎসক ডাঃ জুয়ান ডুম’ইছে কয় যে, অতি সহজে সংক্ৰমণ ঘটাব পৰা ক্ষমতা থকা বাবে ‘ডেল্টা’ শিশুসকলৰ বাবে এক বিপদ সদৃশ হৈ পৰিছে। সেয়ে, বিদ্যালয়ত মাস্ক পৰিধান কৰা আৰু টিকাকৰণৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব আৰোপ কৰা হৈছে। আমেৰিকান একাডেমী অব্ পেডিয়াট্ৰিক্স এণ্ড চিলড্ৰেনছ হাস্পতাল এছ'চিয়েশ্যনে প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত মাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰত মাত্ৰ এটা সপ্তাহত ২,৫০,০০০গৰাকী শিশু মহামাৰীত আক্ৰান্ত হৈছিল। মহামাৰী আৰম্ভ হোৱাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ নিযুতৰো অধিক শিশুৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে, বিশ্বৰ প্ৰায় ১৮০খন দেশত ‘ডেল্টা’ৰ দ্বাৰা সংক্ৰমিত ৰোগী চিনাক্ত কৰা হৈছে। এওঁলোকৰ ভিতৰত অধিকাংশ কণ কণ শিশু আৰু কিশোৰ-কিশোৰীৰ । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত আগষ্ট মাহৰ শেষৰ ফালে আৰু ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে মহামাৰীত আক্ৰান্ত শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও কোনো শিশুৰ স্বাস্থ্যৰ অৱস্থা জটিল হোৱা নাই। ডেল্টাৰ পৰা হোৱা সংক্ৰমণৰ বাবে শিশু আক্ৰান্ত হোৱাৰ সংখ্যা বৃ্দ্ধি পাইছে যদিও অধিকাংশ শিশুৰ দেহত ৰোগৰ সাধাৰণ লক্ষণহে দেখা পোৱা গৈছে। গতিকে, অধিক শিশু আক্ৰান্ত হোৱাটোৱে এয়া প্ৰমাণিত নকৰে যে, শিশুসকলক ‘ডেল্টা’ই জটিল পৰিস্থিতিৰ মাজলৈ ঠেলি দিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ