--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী  ব্যক্তিৰ তালিকা শেহতীয়াকৈ প্ৰকাশ পাইছে৷ দেশৰ আগশাৰীৰ সংবাদ গোষ্ঠী ইণ্ডিয়ান এক্সপ্ৰেছে চলোৱা সমীক্ষাৰ ভিত্তিত প্ৰকাশিত তালিকাত এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম স্থানত আছে৷ একেদৰে দ্বিতীয় স্থানত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷

তালিকাৰ তৃতীয় স্থান আছে দেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয় শংকৰ৷ এইবাৰ তালিকাৰ ১৫ সংখ্যক স্থানলৈ উধাবলৈ সক্ষম হৈছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী৷ পূৰ্বে  তালিকাত ৰাহুলৰ স্থান আছিল ৫১ ৷জে পি নাড্ডাৰ তালিকাত স্থান হৈছে ৭৷ একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান হৈছে ১৭৷ 

এছ জয়শংকৰে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত আৰু বিজেপি সভাপতি জে পি নাড্ডাতকৈ তালিকাত ওপৰত  আছে।হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ ৩২ ৰ পৰা ১৭ নম্বৰলৈ উধাবলৈ সক্ষম হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ  ১৯ নম্বৰ স্থানত আছে । উল্লেখ্য অসমকে ধৰি উত্তৰ পূব ভাৰতত বিজেপিৰ স্থিতি মজবুত কৰাত হিমন্ত বিশ্ব শৰ্মাৰ অৱদানৰ কথা এতিয়া দেশত চৰ্চা হৈছে৷ এনে কাৰণতে হয়তো পূৰ্বে ভাৰতৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ৩২ সংখ্যক স্থানত থকা হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ১৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক