--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ ঢাকাত পুনৰ হিন্দু মন্দিৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷ দুই শতাধিক লোকে লণ্ডভণ্ড কৰিলে ইস্কনৰ ৰাধাকান্ত মন্দিৰ৷ জানিব পৰামতে, বাংলাদেশৰ ঢাকাৰ ইস্কন মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত বহু লোক আহত হয়। বাতৰি অনুসৰি, ঢাকাৰ ৱাৰীত থকা ২২২, লাল মোহন সাহা ষ্ট্ৰীটৰ মন্দিৰৰ বহু সদস্য এই আক্ৰমণত আহত হৈছিল। দুই শতাধিক লোকৰ দুৰ্বৃত্তৰ দলটোক নেতৃত্ব দিছিল হাজী শফিউল্লাহে৷ বিগত বৰ্ষতো বাংলাদেশৰ কুমিল্লা চহৰৰ নানুৰ দিঘি হ্ৰদৰ ওচৰৰ দুৰ্গা পূজাৰ পেণ্ডেলত কোৰাণ ৰখাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷ যি ঘটনাত তিনিজন লোক নিহত হৈছিল। ইয়াৰ পূৰ্বে, ঢাকাৰ টিপু চুলতান ৰোড আৰু চিটাগঙৰ কোতৱালীতো একে ধৰণৰ ঘটনা সংঘটিত হৈছিল। ইফালে, ইস্কন ইণ্ডিয়াৰ উপ-সভাপতি ৰাধাৰমন দাসে টুইটাৰযোগে আজিৰ ঘটনকক গৰিহণা দিয়ে। তেওঁ কয়, এইটো এটা অতি দুৰ্ভাগ্যজনক ঘটনা যিটো দৌল যাত্ৰা আৰু হোলী উদযাপনৰ প্ৰাকমুহূৰ্তত সংঘটিত হৈছিল। মাত্ৰ কেইদিনমান আগতে ৰাষ্ট্ৰসংঘই ১৫ মাৰ্চ দিনটোক ইছলামোফোবিয়াৰ বিৰুদ্ধে যুঁজিবলৈ আন্তৰ্জাতিক দিৱস হিচাপে ঘোষণা কৰি এক প্ৰস্তাৱ গৃহীত কৰিছিল। তেওঁ লগতে কয়, আমি আচৰিত যে একেখন ৰাষ্ট্ৰসংঘই হাজাৰ হাজাৰ অসহায় বাংলাদেশী আৰু পাকিস্তানী সংখ্যালঘুৰ দুখ-কষ্টৰ ওপৰত মৌন হৈ আছে। সেয়েহে বহুতো হিন্দু সংখ্যালঘুই প্ৰাণ হেৰুৱাইছে, সম্পত্তি হেৰুৱাইছে, ধৰ্ষিতা হৈছে৷ কিন্তু হায়! ৰাষ্ট্ৰসংঘই কৰিব পৰা সকলোবোৰ হৈছে ইছলামোফোবিয়াৰ ওপৰত চিন্তা কৰা। এনেদৰে, এতিয়া বাংলাদেশত সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী লোকৰ জীৱনলৈ নামি আহিছে সংশয়৷ ধৰ্মীয় উপাসনাস্থলীতো চলিছে দমন-উৎপীড়ন৷ পৰৱৰ্তী সময়ত বাংলাদেশৰ ইস্কন মন্দিৰ আক্ৰমণৰ ঘটনাই কি মোৰ লয়, সেয়া লক্ষ্যণীয় হ’ব৷ BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান