--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ দেশে পালন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা। কিন্তু আপুনি জানেনে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ তিনিখন গাঁৱত ৰঙৰ উৎসৱ পালন কৰা নহয়। ইয়াৰ আঁৰত গাঁওখনৰ ইষ্ট দেৱীৰ উপাসনাৰ সৈতে সম্পৰ্কিত এক কাহিনী আছে। গাঁওখনৰ মানুহে কৈছিল যে এই গাঁওবোৰত মানুহে বসতি স্থাপন কৰাৰ পিছৰে পৰা এই পৰম্পৰা চলি আহিছে। এই গাঁৱৰ আশে-পাশে থকা গাঁওবোৰত সম্পূৰ্ণ আনন্দ আৰু উৎসাহেৰে হোলী উদযাপন কৰা হয়। হোলীৰ ৰং ইজনে সিজনৰ গাত সানে। আনহাতে এই তিনিখন গাঁৱত হোলীক লৈ সম্পূৰ্ণ নীৰৱতা পালন কৰা হয়। উত্তৰাখণ্ডৰ এই গাঁও তিনিখনৰ নাম কুইলি, কুৰ্ঝান আৰু জৌন্দলা। গাওঁবাসীৰ মতে তেওঁলোকৰ কুলদেৱী ত্ৰিপুৰা সুন্দৰীৱে কোলাহল আৰু ৰং ভাল নাপায় আৰু যদি কোনোবাই উৎসৱ উদযাপন কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে দেৱীৰ অভিশাপত ভুগিব লগা হয়। সেই সময়ৰ পৰা এই তিনিখন গাঁৱৰ গাওঁবাসীয়ে হোলী উদযাপন নকৰে। ৪০০ বছৰৰ পূৰ্বে এই তিনিখন গাঁৱৰ পূৰ্বপুৰুষ জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু ইয়ালৈ আহিছিল। কিছুমান লোকে হোলী উদযাপন নকৰাৰ এই নিয়ম ভংগ কৰিবলৈ চেষ্টা কৰিছিল, যিটোৱে সেই বছৰ গাওঁখনত মহামাৰী বিয়পাইছিল। বৃহৎ পৰিমাণত মানুহ মৃত্যুমুখত পৰিছিল। তেওঁলোকে ভাবিছিল যে নিয়ম ভংগ কৰা কাৰণে কুলদেৱী ত্ৰিপুৰা সুন্দৰীৰ অভিশাপৰ কবলত পৰিছিল গাঁওকেইখন। ইয়াৰ পাছৰে পৰা কোনোৱে এই নিয়ম ভংগ কৰিবলৈ সাহস কৰা নাই। এই নিয়ম এটা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আন এটালৈ চলি আহিছে। এই গাঁওবোৰৰ মানুহে গাঁৱৰ বাহিৰত থাকিলেও হোলী উদযাপন নকৰে। আৰু পঢ়কঃ ভাৰতীয়সকলে কিয় পালন কৰে ফাকুৱা…আঁৰত আছে কি কাহিনী? Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান