--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন বিতৰ্কক লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰ ওপৰত আহি পৰিছে  অধিক চাপ। শেহতীয়াকৈ জানিব পৰা মতে লোকপালে মহুৱাৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিছে। মহুৱা মৈত্ৰৰ বিৰুদ্ধে মুখ্য অভিযোগকাৰী বিজেপি সাংসদ নিশিকান্ত দুবেই এই দাবী কৰিছে। 

বুধবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিশিকান্ত দুবেই দাবী কৰে যে লোকপালে মহুৱা মৈত্ৰৰ বিৰুদ্ধে তেওঁৰ অভিযোগৰ ভিত্তিত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ  সৃষ্টি কৰাৰ অভিযোগত চিবিআই তদন্তৰ নিৰ্দেশ দিছে। যদি বিজেপি সাংসদগৰাকীৰ অভিযোগ সঁচা হয় তেন্তে ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত  মহুৱাৰ ওপৰত অধিক  চাপ বৃদ্ধি পাব। সংসদৰ এথিকছ সমিতিয়ে ইতিমধ্যে টিএমচি সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি আছে।  অৱশ্যে  লোকপাল অথবা চিবিআইয়ে এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো কথা অৱগত কৰা নাই।

মন কৰিব পাৰি যে নিশিকান্ত দুবেই মহুৱাৰ বিৰুদ্ধে  প্ৰথম ধনৰ বিনিময়ত  প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ এই বিষয়ত লোকপাললৈও এখন পত্ৰও লিখিছিল। তেওঁৰ অভিযোগৰ ভিত্তিত অধ্যক্ষ ওম বিৰলাই মহুয়াৰ বিৰুদ্ধে এথিকছ্ সমিতিৰ দ্বাৰা তদন্তৰ নিৰ্দেশ দিছে। এথিকছ্ সমিতিয়ে বিষয়টো সন্দৰ্ভত দুখন বৈঠক অনুষ্ঠিত কৰিছে। সমিতিয়ে বৃহস্পতিবাৰে পুনৰ বৈঠক মিলিত হ'ব। 
অৱশ্যে, এথিকছ্ সমিতিয়ে  মহুৱাৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ  অধিকাৰ নাই। লোকপালেহে সেয়া কৰিব পাৰে। দুবেই দাবী কৰিছে যে লোকপালেহে টিএমচি সাংসদগৰাকীৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিছে।


ইয়াৰ প্ৰত্যুত্তৰত মহুৱই কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয়  "এয়া  জানি ভাল লাগিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো লোকপাল আছে। মোৰ বিৰুদ্ধে চিবিআই তদন্তৰ আদেশক স্বাগতম জনাইছো। চিবিআইক আহি মোৰ জোতা গণনা কৰিবলৈ দিয়ক। "।
 টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই সংসদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই শনিবাৰে এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰিছিল যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।  

মহুৱাৰ হৈ তেওঁৱেই গৌতম আদানি আৰু আদানি উদ্যোগৰ বিৰুদ্ধে লোকসভাৰ ৱেবছাইটত প্ৰশ্ন পোষ্ট কৰিছিল বুলি অভিযোগ উঠি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ