--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত প্ৰশ্ন বিতৰ্কক লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰ ওপৰত আহি পৰিছে  অধিক চাপ। শেহতীয়াকৈ জানিব পৰা মতে লোকপালে মহুৱাৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিছে। মহুৱা মৈত্ৰৰ বিৰুদ্ধে মুখ্য অভিযোগকাৰী বিজেপি সাংসদ নিশিকান্ত দুবেই এই দাবী কৰিছে। 

বুধবাৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিশিকান্ত দুবেই দাবী কৰে যে লোকপালে মহুৱা মৈত্ৰৰ বিৰুদ্ধে তেওঁৰ অভিযোগৰ ভিত্তিত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ  সৃষ্টি কৰাৰ অভিযোগত চিবিআই তদন্তৰ নিৰ্দেশ দিছে। যদি বিজেপি সাংসদগৰাকীৰ অভিযোগ সঁচা হয় তেন্তে ধনৰ বিনিময়ত সংসদত প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগত  মহুৱাৰ ওপৰত অধিক  চাপ বৃদ্ধি পাব। সংসদৰ এথিকছ সমিতিয়ে ইতিমধ্যে টিএমচি সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি আছে।  অৱশ্যে  লোকপাল অথবা চিবিআইয়ে এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো কথা অৱগত কৰা নাই।

মন কৰিব পাৰি যে নিশিকান্ত দুবেই মহুৱাৰ বিৰুদ্ধে  প্ৰথম ধনৰ বিনিময়ত  প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ এই বিষয়ত লোকপাললৈও এখন পত্ৰও লিখিছিল। তেওঁৰ অভিযোগৰ ভিত্তিত অধ্যক্ষ ওম বিৰলাই মহুয়াৰ বিৰুদ্ধে এথিকছ্ সমিতিৰ দ্বাৰা তদন্তৰ নিৰ্দেশ দিছে। এথিকছ্ সমিতিয়ে বিষয়টো সন্দৰ্ভত দুখন বৈঠক অনুষ্ঠিত কৰিছে। সমিতিয়ে বৃহস্পতিবাৰে পুনৰ বৈঠক মিলিত হ'ব। 
অৱশ্যে, এথিকছ্ সমিতিয়ে  মহুৱাৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ  অধিকাৰ নাই। লোকপালেহে সেয়া কৰিব পাৰে। দুবেই দাবী কৰিছে যে লোকপালেহে টিএমচি সাংসদগৰাকীৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিছে।


ইয়াৰ প্ৰত্যুত্তৰত মহুৱই কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয়  "এয়া  জানি ভাল লাগিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো লোকপাল আছে। মোৰ বিৰুদ্ধে চিবিআই তদন্তৰ আদেশক স্বাগতম জনাইছো। চিবিআইক আহি মোৰ জোতা গণনা কৰিবলৈ দিয়ক। "।
 টিএমচিৰ সাংসদ মহুৱা মৈত্ৰই সংসদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই শনিবাৰে এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰিছিল যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।  

মহুৱাৰ হৈ তেওঁৱেই গৌতম আদানি আৰু আদানি উদ্যোগৰ বিৰুদ্ধে লোকসভাৰ ৱেবছাইটত প্ৰশ্ন পোষ্ট কৰিছিল বুলি অভিযোগ উঠি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু