--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ বিনিময়ত সংসদত আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ অভিযোগত অৱশেষত সাংসদ পদ বাতিল হ’ল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ।  শুকুৰবাৰে এঘণ্টা ধৰি চলা আলোচনাৰ অন্তত   মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে, আজি  মহুৱাক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া হোৱা নাছিল।  

লোকসভাৰ এথিক্স সমিতিৰ মুৰব্বী আৰু বিজেপি সাংসদ বিজয় সোণকাৰে শুকুৰবাৰে  দুপৰীয়া ১২ বজাত টিএমচিৰ সাংসদগৰাকীৰ  বিৰুদ্ধে সংসদত  প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখনত  পৰামৰ্শ দিয়া হয় যে মহুৱাক এগৰাকী সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা উচিত। এথিক্স সমিতিৰ প্ৰতিবেদন  দাখিলৰ পিছতে সংদত তীব্ৰ হুলস্থূল আৰম্ভ হয়। বিৰোধীৰ প্ৰতিবাদৰ বাবে   সদন দিনৰ ২  বজালৈ স্থগিত ৰাখিবলগীয়া হয়।   অৱশ্যে সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষই মহুৱাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে সংসদৰ সন্মান হানি কৰিব পৰা কোনো বিষয়ক প্ৰশ্ৰয় দিয়া নহ’ব।   ওম বিৰলাই এই বিষয়ে আলোচনা কৰিবলৈ আধা ঘণ্টা সময় দিয়ে। 

 
অধ্যক্ষৰ ঘোষণাৰ পিছতে  সুদীপ বন্দোপাধ্যায়ে  এই বিষয়ত আলোচনা কৰিবলৈ অধিক সময়ৰ বাবে অনুৰোধ জনাইছিল । টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে পুনৰ মহুৱাক আত্মপক্ষ সমৰ্থন কৰাৰ  সুযোগ দিবলৈ আহ্বান জনাইছিল। অৱশ্যেঅধ্যক্ষই তেনে অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, মনীষ তিৱাৰী, টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ  সাংসদসকলে মৈত্ৰৰ সমৰ্থনত থিয় দিয়ে যদিও অধ্যক্ষই কোনো কথাই শুনিবলৈ অস্বীকাৰ কৰে। বিৰোধী সাংসদসকলে  মহুৱাৰ  মৌলিক অধিকাৰ উলংঘা  অভিযোগ উত্থাপন কৰে।  বিপৰীতে বিজেপিৰ সাংসদসকলেও বিৰোধীৰ দাবীৰ  প্ৰত্যুত্তৰ দিয়ে। 

সংসদৰ নিয়ম অনুসৰণ কৰি ধ্বনি ভোটৰ জড়িয়তে  সিদ্ধান্ত লোৱা হয়  যে মহুয়া মৈত্ৰৰ সাংসদ পদ অযোগ্য ঘোষণা কৰাৰ লগতে সেয়া বাতিল কৰা  হৈছে। লক্ষ্যণীয় কথাটো ’ল  বেছিভাগ বিৰোধী সাংসদেই ধ্বনি ভোটৰ সময়ত সদনৰ পৰা ওলাই যায়।
 সদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই  এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰে যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।  

মহুৱাৰ হৈ তেওঁৱেই গৌতম আদানি আৰু আদানি উদ্যোগৰ বিৰুদ্ধে লোকসভাৰ ৱেবছাইটত প্ৰশ্ন পোষ্ট কৰিছিল বুলি অভিযোগ উঠিছিল। বিষয়টো শেষত সংসদৰ এথিক্স সমিতিলৈ ঠেলি দিয়া হৈছিল আৰু এথিক্স সমিতিয়ে শুকুৰবাৰে সংসদত এই সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰাৰ পিছতে মহুৱাৰ সাংসদ পদ খাৰিজ কৰা হয়।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement