--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জোৰাম পিপ’লছ মুভমেণ্টৰ নেতা লালডুহোমাই আজি মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। আইজলৰ ৰাজভৱন চৌহদত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত আন কেইবাজনো জেডপিএম নেতাই মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে৷

মঙলবাৰে জেডপিএম বিধায়িনী দলে লালডুহোমাক বিধায়িনী দলৰ নেতা আৰু কে চাপদংগাক উপনেতা হিচাপে নিৰ্বাচিত কৰে।
জেডপিএম মিডিয়া চেলৰ সাধাৰণ সম্পাদক এডি জোচাংলিয়ানাই কৈছিল যে দলটোৰ পৰামৰ্শদাতা সংস্থা Val Upa Councilএ বুধবাৰে মন্ত্ৰী পৰিষদ গঠনৰ সিদ্ধান্ত ল’বলৈ লালডুহোমাক সাক্ষাৎ কৰে।

লালৰিনপুই হৈছে ১২জনীয়া মন্ত্ৰী পৰিষদৰ একমাত্ৰ মহিলা মন্ত্ৰী। ১২গৰাকী মন্ত্ৰীৰ ভিতৰত ৭গৰাকী প্ৰথমবাৰৰ বাবে বিজয়ী।
শুকুৰবাৰে শপত গ্ৰহণ কৰা আন মন্ত্ৰীসকলৰ ভিতৰত আছে, কে. চাপডাংগা, ভানলালহলানা, চি. লালচাৱিভুংগা, লালথানচাংগা, ড° ভানলালথলানা, পি.চি. ভানলালৰুয়াটা, লালৰিনপুই, ৰোডিংলিয়ানা, বি. লালছানজোভা, অধ্যাপক লালনিলাৱমা আৰু লালংমাৰা৷

কেৱল ২০১৯ত ৰাজনৈতিক দল হিচাপে পঞ্জীয়ন কৰা জেডপিএমে বিধানসভা নিৰ্বাচনত ২৭খন আসন লাভ কৰি বিজয়ী হৈছিল, যাৰ ফলত ২০১৮ৰ নিৰ্বাচনত দলটোৰ সংখ্যা ৮ৰ পৰা বৃদ্ধি পাইছিল।

বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগাৰ নেতৃত্বত মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ)ক সিংহাসনচ্যুত কৰে জেডপিএম-এ৷ ২০১৮ৰ নিৰ্বাচনত ২৬খন আসন লাভ কৰা এমএনএফ-এ এইবাৰ মাত্ৰ ১০খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে