--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই বহু হাজাৰ বছৰ পূৰ্বে মানুহৰ কামত অহাকৈ নানান কথা কৈ গৈছে। মানুহৰ মনৰ ভিতৰত অনবৰতে অধিক ধন আহৰণ কৰাৰ বাসনাই ক্ৰিয়া কৰি থাকে। সেই বাবেই বহু মানুহে নাখাই হ'লেও ধন সঞ্চয় কৰে। ধন সঞ্চয় কৰিলেও পিছে তেনে বহু লোকে ধন দান কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে।

 কিন্তু সেই ধন এদিন তেনে লোকৰ বাবে অর্থহীন হৈ পৰে। চকুত লগোৱা কাজল একে সময়তে বেছিকৈ লগোৱা নহয়। চকুত অলপ অলপকৈ কাজল সদায় লগোৱাৰ ফলত এদিন কাজল শেষ হৈ যায়। উই পোকে মাটিত এদিনতে উই হাফলু সৃষ্টি নকৰে। লাহে লাহে উই পোকে মাটিত বৃহৎ উই হাফলুৰ সৃষ্টি কৰে আৰু তাৰ মাজতেই আবদ্ধ হৈ বাহিৰলৈ ওলাব নোৱাৰা হৈ পৰে। 

সেয়ে উই পোকে উই হাফলু সৃষ্টি কৰা কাৰ্যও এক বৃথা কাৰ্যৰ বাদে আন একো নহয়। চাণক্যই এই শ্লোকৰ জৰিয়তে সেয়ে উই হাফলু আৰু কাজলৰ অৱস্থা প্ৰত্যক্ষ কৰি মানুহৰ সঞ্চিত ধন কিছু পৰিমাণে হ'লেও দান- ধ্যানত ব্যয় কৰিবলৈ কৈছে। লগতে চাণক্যই তেওঁৰ  শ্লোকৰ জৰিয়তে আঠুৱা চাই ঠেং মেলাৰ কথাও কৈছে।  আঠুৱা চাই ঠেং মেলা বুলি আমাৰ মাজত এষাৰি প্ৰবচন প্ৰচলন কৈছে। অর্থাৎ মানুহে সদায় উপাৰ্জনৰ সৈতে সংগতি ৰাখি খৰচ কৰিব লাগে। এক টকা উপার্জন কৰি দহ টকা খৰচ কৰা মানুহজন এটা সময়ত বিপদত পৰিবই। 

ধনৰ বলত একাধিক নাৰীৰ সৈতে অবৈধ সম্পর্ক ৰক্ষা কৰা লোক এজন মানসিকভাবে বিষাক্ত হৈ পৰাৰ লগতে নানান ৰোগতো আক্ৰান্ত হোৱাৰ ভয় থাকে বুলি চাণক্যই কৈছে। সেয়ে তেওঁ সৎ কামত ধন ব্যয় কৰাৰ লগতে সাধ্যনুসৰি দান কৰাৰ কথাও কৈ গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব