--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই বহু হাজাৰ বছৰ পূৰ্বে মানুহৰ কামত অহাকৈ নানান কথা কৈ গৈছে। মানুহৰ মনৰ ভিতৰত অনবৰতে অধিক ধন আহৰণ কৰাৰ বাসনাই ক্ৰিয়া কৰি থাকে। সেই বাবেই বহু মানুহে নাখাই হ'লেও ধন সঞ্চয় কৰে। ধন সঞ্চয় কৰিলেও পিছে তেনে বহু লোকে ধন দান কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে।

 কিন্তু সেই ধন এদিন তেনে লোকৰ বাবে অর্থহীন হৈ পৰে। চকুত লগোৱা কাজল একে সময়তে বেছিকৈ লগোৱা নহয়। চকুত অলপ অলপকৈ কাজল সদায় লগোৱাৰ ফলত এদিন কাজল শেষ হৈ যায়। উই পোকে মাটিত এদিনতে উই হাফলু সৃষ্টি নকৰে। লাহে লাহে উই পোকে মাটিত বৃহৎ উই হাফলুৰ সৃষ্টি কৰে আৰু তাৰ মাজতেই আবদ্ধ হৈ বাহিৰলৈ ওলাব নোৱাৰা হৈ পৰে। 

সেয়ে উই পোকে উই হাফলু সৃষ্টি কৰা কাৰ্যও এক বৃথা কাৰ্যৰ বাদে আন একো নহয়। চাণক্যই এই শ্লোকৰ জৰিয়তে সেয়ে উই হাফলু আৰু কাজলৰ অৱস্থা প্ৰত্যক্ষ কৰি মানুহৰ সঞ্চিত ধন কিছু পৰিমাণে হ'লেও দান- ধ্যানত ব্যয় কৰিবলৈ কৈছে। লগতে চাণক্যই তেওঁৰ  শ্লোকৰ জৰিয়তে আঠুৱা চাই ঠেং মেলাৰ কথাও কৈছে।  আঠুৱা চাই ঠেং মেলা বুলি আমাৰ মাজত এষাৰি প্ৰবচন প্ৰচলন কৈছে। অর্থাৎ মানুহে সদায় উপাৰ্জনৰ সৈতে সংগতি ৰাখি খৰচ কৰিব লাগে। এক টকা উপার্জন কৰি দহ টকা খৰচ কৰা মানুহজন এটা সময়ত বিপদত পৰিবই। 

ধনৰ বলত একাধিক নাৰীৰ সৈতে অবৈধ সম্পর্ক ৰক্ষা কৰা লোক এজন মানসিকভাবে বিষাক্ত হৈ পৰাৰ লগতে নানান ৰোগতো আক্ৰান্ত হোৱাৰ ভয় থাকে বুলি চাণক্যই কৈছে। সেয়ে তেওঁ সৎ কামত ধন ব্যয় কৰাৰ লগতে সাধ্যনুসৰি দান কৰাৰ কথাও কৈ গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ