--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত মন্দিৰ নিৰ্মাণৰ পূৰ্বে বাস্তুৰ কেতবোৰ বিধান মানি চলিব লাগে। তেনে বিধানসমূহৰ বিষয়ে জানো আহক-

 মন্দিৰৰ দ্বাৰ পূবমুখী বা উত্তৰমুখী হ'ব লাগে

মন্দিৰৰ দ্বাৰ দক্ষিণমুখী হ'লে ভক্তই বাঞ্চিত ফল লাভ কৰিব নোৱাৰে । সেইবাবে মন্দিৰৰ দ্বাৰ দক্ষিণমুখে স্থাপন কৰিব নালাগে ।

স্থলস্থুলেৰে পৰিপূৰ্ণ অঞ্চলত মন্দিৰ স্থাপন কৰিব নালাগে । মন্দিৰৰ দেৱ বিগ্ৰহৰ মুখ পশ্চিম পিনে থাকিব লাগে। ভক্তই পূব পিনে মুখ কৰি বহি পূজা কৰিব লাগে ৷

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটি বর্গাকৃতিৰ বা আয়তাকাৰ হ'ব লাগে
মন্দিৰৰ পশ্চিম, দক্ষিণ অথবা দক্ষিণ-পশ্চিম অংশত কোনো পাহাৰ অথবা ওখ টিলা থাকিলে ভাল।

মন্দিৰ যদি উত্তৰ, পূব অথবা উত্তৰ-পূব মুখে প্রবাহিত নদীৰ কাষত স্থাপন কৰিব পাৰি তেন্তে সেয়া অতি উত্তম হ'ব।

মন্দিৰৰ বাবে নিৰ্বাচন কৰা মাটিৰ প্ৰধান দুৱাৰৰ বিপৰীত দিশৰ দক্ষিণ পিনৰ পৰা উত্তৰ পিনে যোৱা অথবা পশ্চিমৰ পৰা পূব পিনে যোৱা পথ থাকিলে সেই ভূমিক মন্দিৰ নিৰ্মাণৰ উত্তম ভূমি হিচাপে গণ্য কৰিব পাৰি।

পুৰুষ দেৱতাৰ মন্দিৰ সমকোণী আকাৰত নিৰ্মাণ কৰিলে ভাল। মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে সেই ভূমি দোষমুক্ত কৰি ল'ব লাগে। মন্দিৰৰ পুখুৰী বর্গাকৃতিৰ হ'ব লাগে আৰু সেই পুখুৰী মন্দিৰৰ উত্তৰ-পূব দিশে থাকিলে বেছি ভাল।

মন্দিৰৰ উচ্চতা ইয়াৰ প্ৰস্থৰ দুগুণ হোৱাটো উচিত। ইয়াৰ উপৰি মন্দিৰৰ বিগ্ৰহৰ উচ্চতা দুৱাৰৰ ১/৮ অংশতকৈ বেছি ওখ হোৱা উচিত।

মন্দিৰৰ মূল অংশত গর্ভগৃহ স্থাপন কৰিব লাগে। মন্দিৰৰ চাৰিওপিনে সমান মুকলি ঠাই থাকিব লাগে। অৱশ্যে পূব দিশে যিমান ঠাই মুকলিকৈ ৰখা হয় তাৰ তুলনাত দক্ষিণৰ মুকলি ঠাই কম হ'ব লাগে।

মন্দিৰৰ সৈতে সজা আন সৰু মন্দিৰসমূহ দক্ষিণ-পশ্চিম, দক্ষিণ-পূব,উত্তৰ

পশ্চিম, উত্তৰ-পূব আদি দিশত নিৰ্মাণ কৰিব নালাগে ।

মন্দিৰ নিৰ্মাণৰ শুভ তিথি হ'ল শুক্ল পক্ষৰ প্ৰথমা, দ্বিতীয়, চতুর্থী, পঞ্চমী, দশমী, ত্ৰয়োদশী আৰু পূর্ণিমা তিথি । শুভ লগ্ন হৈছে কুম্ভ, সিংহ, কন্যা, মিথুন, ধনু আৰু মীন । শুভ বাৰ হৈছে সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ, বৃহস্পতিবাৰ ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে