--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনৰ লোভত নিজ দেশমাতৃকো প্ৰতাৰণা কৰিলে এজন যুৱকে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক ভাৰতীয় সেনাৰ গোপন তথ্য প্ৰদান কৰা বাবে উত্তৰ প্ৰদেশৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে এণ্টি টেৰৰিষ্ট স্কোৱাডে। চোৰাংচোৱা সূত্ৰৰ মতে, যুৱকজনে বৃহৎ ধনৰ বিনিময়ত ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ তথ্য পাকিস্তানলৈ যোগান কৰিছিল।  অভিযুক্ত যুৱকজনৰ নাম মহম্মদ ৰায়ছ। উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ তাৰাবগঞ্জ অঞ্চলৰ বাসিন্দা যুৱকজন। 

জেৰাৰ সময়ত অভিযুক্তই চোৰাংচোৱাগিৰি কৰা কথা সত্য বুলি স্বীকাৰ কৰে। আৰক্ষীৰ জেৰাত ৰায়েছে কয় যে তেওঁ কাম বিচাৰি মুম্বাইলৈ গৈছিল। তাতে তেওঁ অৰমান নামৰ এজন যুৱকক লগ পায়।  

এই যুৱকজনৰ জৰিয়তে মহম্মদ ৰায়ছে আই এছ আইক সেনাৰ গোপন তথ্য যোগান ধৰিবলৈ আৰম্ভ কৰে। প্ৰতিটো খবৰৰ বাবদত পাকিস্তানী আইএছআইয়ে মহম্মদ ৰায়ছক ১৫ হাজাৰ টকা প্ৰদান কৰিছিল। ধৃত মহম্মদ ৰায়ছক মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস