--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধৰ্ষণকাৰীক হত্যা কৰি  ধৰ্ষণৰ প্ৰতিশোধ ল’লে এগৰাকী মহিলাই।  মহিলাগৰাকীয়ে ধৰ্ষণৰ প্ৰতিশোধ ল'বলৈ অভিযুক্ত ব্যক্তিজনক  হত্যা ককৰাৰ পৰিকল্পনা কৰিছিল। সেই মৰ্মে মহিলাগৰাকীয়ে   তেওঁৰ ধৰ্ষণকাৰী যুৱকজনক চুৰিৰে হত্যা কৰে। 

আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলত সংঘটিত হৈছে। ঘটনাটো সোমবাৰে পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা অনুসৰি ১৬ জুনৰ পুৱা শাস্ত্ৰী পাৰ্কৰ বেলা ফাৰ্মৰ ওচৰত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।  যুৱকজনৰ পেট আৰু ডিঙিত তীক্ষ্ণ অস্ত্ৰৰ আঘাতৰ চিহ্ন আছিল। আৰক্ষীয়ে পিছত যুৱকজনৰ পৰিচয় বিচাৰি উলিয়াইছিল। মৃতব্যক্তিজনৰ নাম আবুজাৰ । তেওঁ  ২০ বছৰীয়া যুৱক। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোৰ প্ৰায় ২০ টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীক  গ্ৰেপ্তাৰ কৰা হৈছিল।

মহিলাগৰাকীৰ স্বামীৰ এই বছৰৰ জানুৱাৰীত অসুস্থতাৰ ফলত মৃত্যু হৈছিল।  মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত আবুজাৰে তেওঁক কেইবাবাৰো ধৰ্ষণ কৰা হৈছিল। আৰক্ষীয়ে কৈছে  যে মহিলাগৰাকীয়ে প্ৰতিশোধ স্বৰূপে আবুজাৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

মহিলাগৰাকীয়ে আবুজাক হত্যা কৰিবলৈ এজন বন্ধুৰ সহায় লৈছিল। আৰক্ষীয়ে এইবুলিও কৈছে যে মহিলাগৰাকীয়ে তেতিয়া যমুনা নদীৰ জোৱাৰৰ ঢৌ চাবলৈ যোৱাৰ অজুহাতত আবুজাক বেলা ফাৰ্মলৈ লৈ গৈছিল।

তাত দুয়োজনে মিলি  আবুজাৰক চুৰিৰে হত্যা কৰিছিল আৰু তেওঁৰ শৰীৰটো বেলা ফাৰ্মৰ পিছফালে  পেলাই দিছিল। আৰক্ষীয়ে হত্যাত ব্যৱহৃত চুৰিখন  উদ্ধাৰ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ