--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃধৰ্ষণকাৰীক হত্যা কৰি  ধৰ্ষণৰ প্ৰতিশোধ ল’লে এগৰাকী মহিলাই।  মহিলাগৰাকীয়ে ধৰ্ষণৰ প্ৰতিশোধ ল'বলৈ অভিযুক্ত ব্যক্তিজনক  হত্যা ককৰাৰ পৰিকল্পনা কৰিছিল। সেই মৰ্মে মহিলাগৰাকীয়ে   তেওঁৰ ধৰ্ষণকাৰী যুৱকজনক চুৰিৰে হত্যা কৰে। 

আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। ঘটনাটো উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্ক অঞ্চলত সংঘটিত হৈছে। ঘটনাটো সোমবাৰে পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা অনুসৰি ১৬ জুনৰ পুৱা শাস্ত্ৰী পাৰ্কৰ বেলা ফাৰ্মৰ ওচৰত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।  যুৱকজনৰ পেট আৰু ডিঙিত তীক্ষ্ণ অস্ত্ৰৰ আঘাতৰ চিহ্ন আছিল। আৰক্ষীয়ে পিছত যুৱকজনৰ পৰিচয় বিচাৰি উলিয়াইছিল। মৃতব্যক্তিজনৰ নাম আবুজাৰ । তেওঁ  ২০ বছৰীয়া যুৱক। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে অঞ্চলটোৰ প্ৰায় ২০ টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীক  গ্ৰেপ্তাৰ কৰা হৈছিল।

মহিলাগৰাকীৰ স্বামীৰ এই বছৰৰ জানুৱাৰীত অসুস্থতাৰ ফলত মৃত্যু হৈছিল।  মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত আবুজাৰে তেওঁক কেইবাবাৰো ধৰ্ষণ কৰা হৈছিল। আৰক্ষীয়ে কৈছে  যে মহিলাগৰাকীয়ে প্ৰতিশোধ স্বৰূপে আবুজাৰক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

মহিলাগৰাকীয়ে আবুজাক হত্যা কৰিবলৈ এজন বন্ধুৰ সহায় লৈছিল। আৰক্ষীয়ে এইবুলিও কৈছে যে মহিলাগৰাকীয়ে তেতিয়া যমুনা নদীৰ জোৱাৰৰ ঢৌ চাবলৈ যোৱাৰ অজুহাতত আবুজাক বেলা ফাৰ্মলৈ লৈ গৈছিল।

তাত দুয়োজনে মিলি  আবুজাৰক চুৰিৰে হত্যা কৰিছিল আৰু তেওঁৰ শৰীৰটো বেলা ফাৰ্মৰ পিছফালে  পেলাই দিছিল। আৰক্ষীয়ে হত্যাত ব্যৱহৃত চুৰিখন  উদ্ধাৰ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস