--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মন কি বাত’ৰ ১০৭ সংখ্যক সময়ত বহিঃৰাষ্ট্ৰৰ বিবাহৰ ধাৰাক লৈ প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।মোদীয়ে কয় যে কিছুমান ধনী ভাৰতীয় পৰিয়ালে বিদেশত বিয়াৰ আয়োজন কৰাৰ ধাৰাটোৱে তেওঁক অশান্তি দিছে, আৰু ভাৰতৰ পৰা ধন যাতে ওলাই নাযায় তাৰ বাবে দেশৰ ভিতৰতে এনে বিবাহ অনুষ্ঠান উদ্‌যাপন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে চলি থকা বিবাহৰ বতৰ সন্দৰ্ভত কয় যে এই বছৰ প্ৰায় ৫ লাখ কোটি টকা ব্যৱসায় হ’ব পাৰে বুলি একাংশ বাণিজ্যিক সংস্থাই অনুমান কৰিছে। লগতে বিয়াৰ বাবে বজাৰ কৰাৰ সময়তো ভাৰতত নিৰ্মিত সামগ্ৰী বাছি ল’বলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি বহিঃৰাষ্ট্ৰত বিয়াৰ ধাৰা বন্ধ হয় তেন্তে ভাৰতৰ ৰাইজে এনে অনুষ্ঠানত সেৱা আগবঢ়োৱাৰ সুযোগ পাব।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “বিদেশত বিয়া পতা পছন্দ কৰা লোকসকলে জানে যে এতিয়া ভাৰতত এই ধৰণৰ “ব্যৱস্থা” নাই৷কিন্তু যদি আমি এনে অনুষ্ঠান আয়োজন কৰো তেন্তে সেই ব্যৱস্থাও গঢ় লৈ উঠিব”।লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যদিহে সামগ্ৰিকভাৱে মানুহে অংশগ্ৰহণ কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব লয়, তেন্তে বিশ্বৰ কোনো শক্তিয়ে সেই দেশখনৰ বিকাশত বাধা দিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ