--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘মন কি বাত’ৰ ১০৭ সংখ্যক সময়ত বহিঃৰাষ্ট্ৰৰ বিবাহৰ ধাৰাক লৈ প্ৰশ্ন উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।মোদীয়ে কয় যে কিছুমান ধনী ভাৰতীয় পৰিয়ালে বিদেশত বিয়াৰ আয়োজন কৰাৰ ধাৰাটোৱে তেওঁক অশান্তি দিছে, আৰু ভাৰতৰ পৰা ধন যাতে ওলাই নাযায় তাৰ বাবে দেশৰ ভিতৰতে এনে বিবাহ অনুষ্ঠান উদ্‌যাপন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে চলি থকা বিবাহৰ বতৰ সন্দৰ্ভত কয় যে এই বছৰ প্ৰায় ৫ লাখ কোটি টকা ব্যৱসায় হ’ব পাৰে বুলি একাংশ বাণিজ্যিক সংস্থাই অনুমান কৰিছে। লগতে বিয়াৰ বাবে বজাৰ কৰাৰ সময়তো ভাৰতত নিৰ্মিত সামগ্ৰী বাছি ল’বলৈ আহ্বান জনায়।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যদি বহিঃৰাষ্ট্ৰত বিয়াৰ ধাৰা বন্ধ হয় তেন্তে ভাৰতৰ ৰাইজে এনে অনুষ্ঠানত সেৱা আগবঢ়োৱাৰ সুযোগ পাব।

তদুপৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “বিদেশত বিয়া পতা পছন্দ কৰা লোকসকলে জানে যে এতিয়া ভাৰতত এই ধৰণৰ “ব্যৱস্থা” নাই৷কিন্তু যদি আমি এনে অনুষ্ঠান আয়োজন কৰো তেন্তে সেই ব্যৱস্থাও গঢ় লৈ উঠিব”।লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যদিহে সামগ্ৰিকভাৱে মানুহে অংশগ্ৰহণ কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব লয়, তেন্তে বিশ্বৰ কোনো শক্তিয়ে সেই দেশখনৰ বিকাশত বাধা দিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক