--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুঃস্বপ্নৰ দুসপ্তাহ পাৰ হ'ল। কিন্তু এতিয়াও অন্ধকাৰ সুৰংগতে আবদ্ধ হৈ আছে ৪১ জনকৈ শ্ৰমিক। , উত্তৰাখণ্ডত  সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকৰ ভৱিষ্যতকলৈ এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটিছে। আমেৰিকাৰ পৰা অনা মেচিন ব্যৰ্থ হোৱাৰ পিছত এইবাৰ ভাৰতীয় সেনাই শ্ৰমিকসকলৰ  উদ্ধাৰ অভিযানত হাত মিলাইছে। সেনাই আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰাৰ বাবে  মেনুৱেল ড্ৰিলিংতো নিয়োজিত হৈছে।   ইফালে,  ড্ৰিলিঙৰ কাম  দ্ৰুত কৰাৰ বাবে হায়দৰাবাদৰ পৰা মেগমা প্লাজমা কাটাৰো  অনা হৈছে।

বহু আশা থকা স্বত্বেও  সুৰংগটোৰ ভিতৰত আমেৰিকাৰ পৰা অনা 'অগাৰ' যন্ত্ৰটো ধ্বংসপ্ৰাপ্ত হয়।  এতিয়া যন্ত্ৰটো কাটি বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা চলিছে। যন্ত্ৰটো বাহিৰলৈ উলিয়াই আনিবই লাগিব। অন্যথা, সুৰংগটোৰ শেষৰ কেইমিটাৰমান  কাটিব পৰা নাযাব।  হায়দৰাবাদৰ পৰা উত্তৰকাশীলৈ মেগমা কাটাৰ যন্ত্ৰ  অনা হৈছে। যাৰ দ্বাৰা সুৰংগৰ ভিতৰত অগাৰ মেচিনটো কটা হৈছে। আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে কয় : "অগাৰ যন্ত্ৰটোৰ  ভঙা অংশবোৰ উলিয়াই আনিবলৈ পলম হ’ব পাৰে। মেগমা যন্ত্ৰটোৱেসঠিকভাবে কাম কৰিছে।  পাইপৰ মাজেৰে প্ৰৱেশ কৰোৱা যন্ত্ৰটোৰ এটা অংশ কাটি পেলোৱা হৈছে। কামটো সম্পূৰ্ণ হোৱাৰ পিছত মেনুৱেল ড্ৰিলিং আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।’’

আনহাতে, আজি পুৱাৰ পৰা পুনৰ সুৰংগ খননৰ কাম আৰম্ভ হৈছে। ভাৰতীয় সেনাৰ জোৱানসকলে এই কামত সহায় কৰি আছে। এই পৰ্যায়ত, ছাতিৰ দৰে বিশেষ ব্যৱস্থা কৰা হৈছে, যাতে সুৰংগটোৰ চালৰ পৰা কোনো বস্তু সৰি পৰি আঘাত কৰিব নোৱাৰে। বিএছএনএলৰ লেণ্ডলাইনো সুৰংগৰ ভিতৰলৈ প্ৰেৰণ কৰা হৈছে। যাতে আৱদ্ধ শ্ৰমিকসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে কথা পাতিব পাৰে। অৱশ্যে, আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকে কেতিয়া বাহিৰৰ  পোহৰ দেখিব সেয়া এতিয়াও অজ্ঞাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক