--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুঃস্বপ্নৰ দুসপ্তাহ পাৰ হ'ল। কিন্তু এতিয়াও অন্ধকাৰ সুৰংগতে আবদ্ধ হৈ আছে ৪১ জনকৈ শ্ৰমিক। , উত্তৰাখণ্ডত  সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকৰ ভৱিষ্যতকলৈ এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটিছে। আমেৰিকাৰ পৰা অনা মেচিন ব্যৰ্থ হোৱাৰ পিছত এইবাৰ ভাৰতীয় সেনাই শ্ৰমিকসকলৰ  উদ্ধাৰ অভিযানত হাত মিলাইছে। সেনাই আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰাৰ বাবে  মেনুৱেল ড্ৰিলিংতো নিয়োজিত হৈছে।   ইফালে,  ড্ৰিলিঙৰ কাম  দ্ৰুত কৰাৰ বাবে হায়দৰাবাদৰ পৰা মেগমা প্লাজমা কাটাৰো  অনা হৈছে।

বহু আশা থকা স্বত্বেও  সুৰংগটোৰ ভিতৰত আমেৰিকাৰ পৰা অনা 'অগাৰ' যন্ত্ৰটো ধ্বংসপ্ৰাপ্ত হয়।  এতিয়া যন্ত্ৰটো কাটি বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা চলিছে। যন্ত্ৰটো বাহিৰলৈ উলিয়াই আনিবই লাগিব। অন্যথা, সুৰংগটোৰ শেষৰ কেইমিটাৰমান  কাটিব পৰা নাযাব।  হায়দৰাবাদৰ পৰা উত্তৰকাশীলৈ মেগমা কাটাৰ যন্ত্ৰ  অনা হৈছে। যাৰ দ্বাৰা সুৰংগৰ ভিতৰত অগাৰ মেচিনটো কটা হৈছে। আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞ আৰ্নল্ড ডিক্সে কয় : "অগাৰ যন্ত্ৰটোৰ  ভঙা অংশবোৰ উলিয়াই আনিবলৈ পলম হ’ব পাৰে। মেগমা যন্ত্ৰটোৱেসঠিকভাবে কাম কৰিছে।  পাইপৰ মাজেৰে প্ৰৱেশ কৰোৱা যন্ত্ৰটোৰ এটা অংশ কাটি পেলোৱা হৈছে। কামটো সম্পূৰ্ণ হোৱাৰ পিছত মেনুৱেল ড্ৰিলিং আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।’’

আনহাতে, আজি পুৱাৰ পৰা পুনৰ সুৰংগ খননৰ কাম আৰম্ভ হৈছে। ভাৰতীয় সেনাৰ জোৱানসকলে এই কামত সহায় কৰি আছে। এই পৰ্যায়ত, ছাতিৰ দৰে বিশেষ ব্যৱস্থা কৰা হৈছে, যাতে সুৰংগটোৰ চালৰ পৰা কোনো বস্তু সৰি পৰি আঘাত কৰিব নোৱাৰে। বিএছএনএলৰ লেণ্ডলাইনো সুৰংগৰ ভিতৰলৈ প্ৰেৰণ কৰা হৈছে। যাতে আৱদ্ধ শ্ৰমিকসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে কথা পাতিব পাৰে। অৱশ্যে, আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকে কেতিয়া বাহিৰৰ  পোহৰ দেখিব সেয়া এতিয়াও অজ্ঞাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা