--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ধনতেৰাছ। ২ নৱেম্বৰত উদযাপন হব ধনতেৰাছ আৰু তাৰ দুদিন পিছত সমগ্ৰ দেশতে উদযাপিত হব পোহৰৰ উৎসৱ দীপাৱলী। ধনতেৰাছৰ দিনটোত ধন্বন্তৰী, কুবেৰ আৰু ধনৰ দেৱী লক্ষ্মীৰ উপাসনা কৰাৰ নিয়ম আছে। ধনতেৰাছত নতুন বস্তুৰ বাবে বজাৰ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই উৎসৱৰ আগতে ঘৰৰ কিছু অংশ পৰিষ্কাৰ কৰাটোও অতি লাভজনক বুলি কোৱা হৈছে। এনে কৰিলে ভগৱান ধন্বন্তৰীৰ আশীৰ্বাদত আপোনাৰ ভাগ্য উজলিব পাৰে। গোটেই বছৰলৈ পাব লক্ষ্মী-কুবেৰৰ আশীৰ্বাদ।

আপুনি জানেনে যে ধনতেৰাছৰ ৰাতিপুৱা ঘৰৰ এইকেইটা মুখ্য স্থান পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। সেই দিনটোত, আপুনি আপোনাৰ ঘৰৰ উত্তৰ-পূব দিশ অৰ্থাৎ ঈশান কোণ, পূব দিশ, উত্তৰ দিশ পৰিষ্কাৰ কৰা উচিত। ঘৰৰ মাজৰ পৰা অনাৱশ্যকীয় বস্তুবোৰ আঁতৰাই ভালদৰে পৰিষ্কাৰ কৰক। গংগাৰ পানী সমগ্ৰ ঘৰটোতে ছটিয়াই দিয়ক। গংগাৰ পানী এটা পাত্ৰত লৈ আপোনাৰ ঘৰৰ উত্তৰ দিশত বেছিকৈ ছটিয়াই দিয়ক আৰু লগতে আপুনি যত টকা-পইচা ৰাখে তাতো গংগাৰ পানী ছটিয়াই দিয়ক। এনে কৰাৰ ফলত ঘৰখনলৈ ধনৰ দেৱতা কুবেৰৰ আগমন ঘটে বুলি ভবা হয়।

আৰু পঢ়কঃ কন্যাৰ প্ৰেম বিবাহ! পিতৃৱে নদীত ডুবাই, জুঠা খোৱাই, চুলি কাটি শুদ্ধি কৰিলে কন্যাক

ঘৰটো পৰিষ্কাৰ কৰাৰ পাছত ঝাড়ুটো সদায় লুকুৱাই ৰাখিব। ইয়াক এনে ঠাইত ৰাখিব যাতে কোনেও সহজে লক্ষ্য কৰিব নোৱাৰে। থিয় আৰু মুকলিকৈ ৰখা ঝাড়ুক সম্পত্তি ধ্বংসৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপোনাৰ ঘৰত মাছৰ একুৰিয়াম আছে তেন্তে ধনতেৰাচৰ দিনটোত ইয়াক পৰিষ্কাৰ কৰিব লাগিব। ধনতেৰাছৰ সন্ধিয়া ঘৰত পাঁচটা চাকি জ্বলাওক। এটা ঘৰৰ প্ৰাৰ্থনা গৃহত, এটা তুলসী তলত, এটা পানীৰ পাত্ৰৰ কাষত আৰু মুখ্য দুৱাৰত দুটা চাকি ৰাখক। ধনতেৰাচৰ দিনা ধনৰ দেৱতা কুবেৰক স্মৰণ কৰি তেওঁৰ নামতো এটা চাকি জ্বলালে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ