--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ ধনতেৰাছ। ২ নৱেম্বৰত উদযাপন হব ধনতেৰাছ আৰু তাৰ দুদিন পিছত সমগ্ৰ দেশতে উদযাপিত হব পোহৰৰ উৎসৱ দীপাৱলী। ধনতেৰাছৰ দিনটোত ধন্বন্তৰী, কুবেৰ আৰু ধনৰ দেৱী লক্ষ্মীৰ উপাসনা কৰাৰ নিয়ম আছে। ধনতেৰাছত নতুন বস্তুৰ বাবে বজাৰ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই উৎসৱৰ আগতে ঘৰৰ কিছু অংশ পৰিষ্কাৰ কৰাটোও অতি লাভজনক বুলি কোৱা হৈছে। এনে কৰিলে ভগৱান ধন্বন্তৰীৰ আশীৰ্বাদত আপোনাৰ ভাগ্য উজলিব পাৰে। গোটেই বছৰলৈ পাব লক্ষ্মী-কুবেৰৰ আশীৰ্বাদ।

আপুনি জানেনে যে ধনতেৰাছৰ ৰাতিপুৱা ঘৰৰ এইকেইটা মুখ্য স্থান পৰিষ্কাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। সেই দিনটোত, আপুনি আপোনাৰ ঘৰৰ উত্তৰ-পূব দিশ অৰ্থাৎ ঈশান কোণ, পূব দিশ, উত্তৰ দিশ পৰিষ্কাৰ কৰা উচিত। ঘৰৰ মাজৰ পৰা অনাৱশ্যকীয় বস্তুবোৰ আঁতৰাই ভালদৰে পৰিষ্কাৰ কৰক। গংগাৰ পানী সমগ্ৰ ঘৰটোতে ছটিয়াই দিয়ক। গংগাৰ পানী এটা পাত্ৰত লৈ আপোনাৰ ঘৰৰ উত্তৰ দিশত বেছিকৈ ছটিয়াই দিয়ক আৰু লগতে আপুনি যত টকা-পইচা ৰাখে তাতো গংগাৰ পানী ছটিয়াই দিয়ক। এনে কৰাৰ ফলত ঘৰখনলৈ ধনৰ দেৱতা কুবেৰৰ আগমন ঘটে বুলি ভবা হয়।

আৰু পঢ়কঃ কন্যাৰ প্ৰেম বিবাহ! পিতৃৱে নদীত ডুবাই, জুঠা খোৱাই, চুলি কাটি শুদ্ধি কৰিলে কন্যাক

ঘৰটো পৰিষ্কাৰ কৰাৰ পাছত ঝাড়ুটো সদায় লুকুৱাই ৰাখিব। ইয়াক এনে ঠাইত ৰাখিব যাতে কোনেও সহজে লক্ষ্য কৰিব নোৱাৰে। থিয় আৰু মুকলিকৈ ৰখা ঝাড়ুক সম্পত্তি ধ্বংসৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি আপোনাৰ ঘৰত মাছৰ একুৰিয়াম আছে তেন্তে ধনতেৰাচৰ দিনটোত ইয়াক পৰিষ্কাৰ কৰিব লাগিব। ধনতেৰাছৰ সন্ধিয়া ঘৰত পাঁচটা চাকি জ্বলাওক। এটা ঘৰৰ প্ৰাৰ্থনা গৃহত, এটা তুলসী তলত, এটা পানীৰ পাত্ৰৰ কাষত আৰু মুখ্য দুৱাৰত দুটা চাকি ৰাখক। ধনতেৰাচৰ দিনা ধনৰ দেৱতা কুবেৰক স্মৰণ কৰি তেওঁৰ নামতো এটা চাকি জ্বলালে শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া