--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আয়ুৰ্বেদ অৰ্থাৎ জীৱনৰ বিজ্ঞান যি প্ৰায় পাঁচ হাজাৰ বছৰ পূৰণি৷ প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতি হিচাপে হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা আয়ুৰ্বেদৰ প্ৰতি সন্মান তথা সম্প্ৰসাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰখি ২০১৬ চনৰ পৰা প্ৰত্যেক বছৰে ২৯ অক্টোবৰত আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰি অহা হৈছে৷

আয়ুৰ্বেদিক ঔষধ ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা আয়ুৰ্বেদৰ আটাইতকৈ পুৰণি গ্ৰন্থ।ঔষধৰ এই প্ৰাচীন বিশ্বকোষ দুখনেই আয়ুৰ্বেদীয় ব্যৱস্থাৰ প্ৰতিষ্ঠাপক আৰু সম্পূৰক৷

উল্লেখনীয় যে পৰীক্ষণমূলক আধুনিক চিকিৎসা বিজ্ঞানৰ বিপৰীতে আয়ুৰ্বেদ এক অভিজ্ঞাতালব্ধ থলুৱা চিকিৎসা জ্ঞান। মধ্যযুগত আযুৰ্বেদ চিকিৎসক সকলে নানান ৰোগৰ নিৰাময়ৰ অৰ্থে ভালেমান চিকিৎসা উপযোগী আৰু অস্ত্ৰোপচাৰৰ কৌশল উদ্ভাৱন কৰিছিল।যিবিলাক বৰ্তমান ‘পৰম্পৰাগত তথা বিকল্প ঔষধি ব্যৱস্থা’ ৰ এক অংশ হিচাপে গণ্য কৰা হয়।

আয়ুৰ্বেদত শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক আৰু আধ্যাত্মিকতাৰ প্ৰতিও উৎসৰ্গিত।ভৰতত আধুনিক চিকিৎসা বিজ্ঞানৰ প্ৰসাৰৰ আগতে এই প্ৰাচীন পদ্ধতিৰে চিকিৎসা চলিছিল৷ আয়ুৰ্বেদ প্ৰধান তিনিটা সিদ্ধান্ত বাত, পিত্ত, আৰু কফৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে৷ আয়ুৰ্বেদীয় সিদ্ধান্ত মতে প্ৰতিজন মানুহৰ শৰীৰত এই ত্ৰিদোষৰ এক নিৰ্দিষ্ট অনুপাত থাকে যিয়ে তেওঁৰ স্বাস্থ্য তথা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে অৰ্থাৎ ই শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰে।  

আজি অৰ্থাৎ ২৯ অক্টোবৰ তাৰিখে নৱম আয়ুৰ্বেদ দিৱস পালন কৰা হৈছে৷এইবাৰ আয়ুৰ্বেদ দিৱসৰ বিষয়বস্তু হৈছে ‘বিশ্ব স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ উদ্ভাৱন’৷ওপৰত আধাৰিত বিষয়বস্তুৰ ওপৰত উদযাপন কৰা হৈছে। মূলত আয়ুৰ্বেদৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস উদ্‌যাপন কৰি অহা হৈছে৷

আয়ুষ মন্ত্ৰালয়ে এই উদ্যোগসমূহৰ নেতৃত্ব প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ মাজত আয়ুৰ্বেদৰ সুফলৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠান, কর্মশালা, আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰি আহিছে৷ সম্প্ৰতি আয়ুৰ্বেদৰ জনপ্ৰিয়তা ভাৰতৰ বাহিৰলৈও সম্প্ৰসাৰিত হোৱাৰ লগতে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ