--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আয়ুৰ্বেদ অৰ্থাৎ জীৱনৰ বিজ্ঞান যি প্ৰায় পাঁচ হাজাৰ বছৰ পূৰণি৷ প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতি হিচাপে হাজাৰ হাজাৰ বছৰ ধৰি চলি অহা আয়ুৰ্বেদৰ প্ৰতি সন্মান তথা সম্প্ৰসাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰখি ২০১৬ চনৰ পৰা প্ৰত্যেক বছৰে ২৯ অক্টোবৰত আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰি অহা হৈছে৷

আয়ুৰ্বেদিক ঔষধ ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা আয়ুৰ্বেদৰ আটাইতকৈ পুৰণি গ্ৰন্থ।ঔষধৰ এই প্ৰাচীন বিশ্বকোষ দুখনেই আয়ুৰ্বেদীয় ব্যৱস্থাৰ প্ৰতিষ্ঠাপক আৰু সম্পূৰক৷

উল্লেখনীয় যে পৰীক্ষণমূলক আধুনিক চিকিৎসা বিজ্ঞানৰ বিপৰীতে আয়ুৰ্বেদ এক অভিজ্ঞাতালব্ধ থলুৱা চিকিৎসা জ্ঞান। মধ্যযুগত আযুৰ্বেদ চিকিৎসক সকলে নানান ৰোগৰ নিৰাময়ৰ অৰ্থে ভালেমান চিকিৎসা উপযোগী আৰু অস্ত্ৰোপচাৰৰ কৌশল উদ্ভাৱন কৰিছিল।যিবিলাক বৰ্তমান ‘পৰম্পৰাগত তথা বিকল্প ঔষধি ব্যৱস্থা’ ৰ এক অংশ হিচাপে গণ্য কৰা হয়।

আয়ুৰ্বেদত শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক আৰু আধ্যাত্মিকতাৰ প্ৰতিও উৎসৰ্গিত।ভৰতত আধুনিক চিকিৎসা বিজ্ঞানৰ প্ৰসাৰৰ আগতে এই প্ৰাচীন পদ্ধতিৰে চিকিৎসা চলিছিল৷ আয়ুৰ্বেদ প্ৰধান তিনিটা সিদ্ধান্ত বাত, পিত্ত, আৰু কফৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে৷ আয়ুৰ্বেদীয় সিদ্ধান্ত মতে প্ৰতিজন মানুহৰ শৰীৰত এই ত্ৰিদোষৰ এক নিৰ্দিষ্ট অনুপাত থাকে যিয়ে তেওঁৰ স্বাস্থ্য তথা ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে অৰ্থাৎ ই শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰাৰ লগতে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰে।  

আজি অৰ্থাৎ ২৯ অক্টোবৰ তাৰিখে নৱম আয়ুৰ্বেদ দিৱস পালন কৰা হৈছে৷এইবাৰ আয়ুৰ্বেদ দিৱসৰ বিষয়বস্তু হৈছে ‘বিশ্ব স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ উদ্ভাৱন’৷ওপৰত আধাৰিত বিষয়বস্তুৰ ওপৰত উদযাপন কৰা হৈছে। মূলত আয়ুৰ্বেদৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস উদ্‌যাপন কৰি অহা হৈছে৷

আয়ুষ মন্ত্ৰালয়ে এই উদ্যোগসমূহৰ নেতৃত্ব প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ মাজত আয়ুৰ্বেদৰ সুফলৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠান, কর্মশালা, আৰু স্বাস্থ্য শিবিৰৰ আয়োজন কৰি আহিছে৷ সম্প্ৰতি আয়ুৰ্বেদৰ জনপ্ৰিয়তা ভাৰতৰ বাহিৰলৈও সম্প্ৰসাৰিত হোৱাৰ লগতে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক