--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান এচেন্সিয়েল তেল ব্যৱহাৰ কৰিও ছালখন সুস্থ কৰি ৰাখিব পাৰি। আজিৰ সময়ত প্ৰদূষণ, তেলীয়া খাদ্য আৰু প্ৰচেছড খাদ্যৰ বাবে ছালখন নিস্তেজ হোৱাটো যথেষ্ট সাধাৰণ কথা। ছালৰ যত্নৰ নিয়ম মানি চলাৰ এনে বহু পদক্ষেপ আছে যিবোৰ বেছিভাগ ছোৱালীয়ে পাহৰি যায়। সেই পদক্ষেপসমূহৰ ভিতৰত এটা হ’ল এচেন্সিয়েল তেল ব্যৱহাৰ কৰা।

লেভেণ্ডাৰ তেল, চাহ গছৰ তেল, পদিনা তেল, ইউকেলিপ্টাছ তেল আৰু লেমনগ্ৰাছ অইল আদি এচেন্সিয়েল তেলৰ বিষয়ে আপুনি নিশ্চয় বহুত শুনিছে, কিন্তু ছালৰ বাবে ই কিমান গুৰুত্বপূৰ্ণ হ’ব পাৰে জানেনে?

উদ্ভিদৰ ফুল, পাত, বাকলি আৰু শিপাৰ নিষ্কাশনৰ পৰা এচেন্সিয়েল তেল পোৱা যায়। ই বহু গুণেৰে ভৰপূৰ। উদাহৰণস্বৰূপে, ফুলৰ পৰা লেভেণ্ডাৰ উলিয়াই লোৱা হয় আৰু লেমনগ্ৰাছ গছৰ সতেজ বা আংশিকভাৱে শুকান পাত ভাপত ডিষ্টিলেচন কৰি লেমনগ্ৰাছৰ তেল নিষ্কাশন কৰা হয়।

ইয়াৰ সহায়ত আপুনি শৰীৰৰ বহু সমস্যা যেনে মূৰৰ বিষ আৰু মানসিক চাপৰ পৰা মুক্তি পাব পাৰে। গতিকে কোনবোৰ আৱশ্যকীয় তেলে ছালখনক সুস্থ কৰি ৰাখিব পাৰে সেই বিষয়ে জানো আহক।

এচেন্সিয়েল তেল কেনেকৈ প্ৰয়োগ কৰিব?

এই এচেন্সিয়েল তেল কেইটোপালমান নাৰিকল, জজোবা বা আলমণ্ড অইলৰ লগত মিহলাই ছালত লগাব পাৰি। পানীৰে ভৰা স্প্ৰে বটলত কেইটোপালমান আৱশ্যকীয় তেল দি পৰিষ্কাৰ কৰাৰ পিছত মুখত স্প্ৰে কৰিব। মইশ্ব’ৰাইজাৰ বা ছিৰামত মিহলাইও এচেন্সিয়েল তেল প্ৰয়োগ কৰিব পাৰে। এতিয়া জানি লওক কোনটো এচেন্সিয়েল তেল আপোনাৰ বাবে উপযুক্ত হ’ব।

লেভেণ্ডাৰৰ এচেন্সিয়েল তেল

লেভেণ্ডাৰ তেলে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে, শিথিলতা বৃদ্ধি কৰে আৰু ছালৰ স্বাস্থ্য বজাই ৰাখে।

চাহ গছৰ এচেন্সিয়েল তেল

চাহ গছৰ আৱশ্যকীয় তেল বেক্টেৰিয়া প্ৰতিৰোধী, ভেঁকুৰ প্ৰতিৰোধী আৰু প্ৰদাহ নিবাৰণকাৰী গুণৰ বাবে জনাজাত। ছালৰ ব্ৰণ, উফি আৰু ছাল-মূৰৰ সমস্যাৰ চিকিৎসাত ই সহায়ক হ’ব পাৰে।

পদিনা এচেন্সিয়েল তেল

পদিনা এচেন্সিয়েল তেল শৰীৰক শক্তি আৰু সতেজতা প্ৰদান কৰা গুণৰ বাবে জনাজাত। চুলিৰ বৃদ্ধিৰ লগতে ই মুখখন জিলিকাই ৰাখে।

ৰোজমেৰী এচেন্সিয়েল অইল

ৰোজমেৰী এচেন্সিয়েল অইল এন্টি-ইনফ্লেমেটৰী আৰু এন্টিমাইক্ৰ’বিয়াল। ইয়াৰ উপৰিও ই চুলিৰ স্বাস্থ্য আৰু ঘনত্ব উন্নত কৰাত সহায় কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ