--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবিজগতৰ জনপ্ৰিয় তাৰকা ধনুষ আৰু ঐশ্বৰ্য ৰজনীকান্তৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে হতভম্ব কৰি তুলিলে। ঐশ্বৰ্য ৰজনীকান্ত হৈছে দক্ষিণৰ ছবিজগতৰ কিংবদন্তি অভিনেতা ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা। ধনুষে প্ৰথমে তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক জনায়। ৩৮ বছৰীয়া অভিনেতা ধনুষে লিখিছিল, “১৮ বছৰৰ সংগ, বন্ধুত্ব, দম্পতী, অভিভাৱক আৰু ইজনে সিজনৰ শুভাকাংক্ষী হৈ আমি বিকাশ, বুজাবুজি, অংশীদাৰীত্বৰ যাত্ৰা একেলগে কৰিছিলো। বৰ্তমান আমি য'ত থিয় হৈ আছোঁ তাৰপৰা আমাৰ পথবোৰ পৃথক হৈছে। ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি ইজনে সিজনৰ পৰা পৃথক হ’ম আৰু নিজকে বিচাৰিম। অনুগ্ৰহ কৰি আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তা ৰক্ষা কৰি এই সিদ্ধান্ত প্ৰয়োগ কৰিবলৈ দিয়ক। ঔম নমঃ শিৱায়… প্ৰেম বিয়পাই ৰাখক..ধনুষ।” ইয়াৰ পাছত প্ৰায় একেখিনি কথাকে লিখি ঐশ্বৰ্য ৰজনীকান্তেও বিবাহ বিচ্ছেদৰ কথা ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে জনায়। বিবাহৰ ১৮ বছৰৰ পাছত এই চেলিব্ৰিটি দম্পতীয়ে পৃথক হোৱাৰ সিদ্ধান্ত লয় আৰু তেওঁলোকৰ আনুষ্ঠানিক বিবৃতিত গোপনীয়তা ৰক্ষা কৰাটো বিচাৰে। ধনুষৰ পিতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা কস্তুৰী ৰাজাইয়েও ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু কৈছিল যে "এয়া বিবাহ বিচ্ছেদ নহয়, এয়া কেৱল এক পাৰিবাৰিক কাজিয়া।পতি-পত্নীৰ মাজত কাজিয়া লাগেই। ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদ কেৱল কিছুমান কথাৰ মাজত থকা পাৰ্থক্য আৰু মতবিৰোধৰ বাবেহে হৈছে। এয়া এক পাৰিবাৰিক কাজিয়া যি সাধাৰণতে সকলো বিবাহিত দম্পতীৰ মাজত সংঘটিত হয়। এয়া বিবাহ বিচ্ছেদ নহয়। সংসাৰ চলাবলৈ ধৈৰ্য লাগে।" ধনুষৰ পিতৃয়ে লগতে কয়, "ধনুষ আৰু ঐশ্বৰ্য বৰ্তমান চেন্নাইত নাই। দুয়ো হায়দৰাবাদত আছে। মই দুয়োৰে সৈতে ফোনত কথা পাতিছিলো আৰু তেওঁলোকক কিছু পৰামৰ্শ দিছোঁ, চাওঁচোন কি হয়গৈ। উল্লেখ্য যে ঐশ্বৰ্যৰ সৈতে ২০০৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল ধনুষ। তেওঁলোকৰ সংসাৰত যাত্ৰা আৰু লিংগা নামেৰে আছে দুটি সন্তান। ডেৰ বছৰ ডাঙৰ ঐশ্বৰ্য্যৰ সৈতে প্ৰেম বিবাহ হৈছিল ধনুষৰ। তেওঁলোকৰ অনুৰাগীসকলে দুয়ো যাতে পুনৰ এক হৈ থাকে তাকেই কামনা কৰিছে। আৰু পঢ়কঃ জোঁৱাইলৈ মৰম! ৩৬৫ বিধ ব্যঞ্জনৰে জোঁৱাইক আদৰ-সাদৰ কৰি খুৱালে শাহুৱে

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু