--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ ছবিজগতৰ জনপ্ৰিয় তাৰকা ধনুষ আৰু ঐশ্বৰ্য ৰজনীকান্তৰ বিবাহ বিচ্ছেদৰ খবৰে সকলোকে হতভম্ব কৰি তুলিলে। ঐশ্বৰ্য ৰজনীকান্ত হৈছে দক্ষিণৰ ছবিজগতৰ কিংবদন্তি অভিনেতা ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা। ধনুষে প্ৰথমে তেওঁৰ পত্নী ঐশ্বৰ্যৰ সৈতে বিবাহ বিচ্ছেদৰ খবৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে অনুৰাগীসকলক জনায়। ৩৮ বছৰীয়া অভিনেতা ধনুষে লিখিছিল, “১৮ বছৰৰ সংগ, বন্ধুত্ব, দম্পতী, অভিভাৱক আৰু ইজনে সিজনৰ শুভাকাংক্ষী হৈ আমি বিকাশ, বুজাবুজি, অংশীদাৰীত্বৰ যাত্ৰা একেলগে কৰিছিলো। বৰ্তমান আমি য'ত থিয় হৈ আছোঁ তাৰপৰা আমাৰ পথবোৰ পৃথক হৈছে। ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি ইজনে সিজনৰ পৰা পৃথক হ’ম আৰু নিজকে বিচাৰিম। অনুগ্ৰহ কৰি আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু আমাৰ গোপনীয়তা ৰক্ষা কৰি এই সিদ্ধান্ত প্ৰয়োগ কৰিবলৈ দিয়ক। ঔম নমঃ শিৱায়… প্ৰেম বিয়পাই ৰাখক..ধনুষ।” ইয়াৰ পাছত প্ৰায় একেখিনি কথাকে লিখি ঐশ্বৰ্য ৰজনীকান্তেও বিবাহ বিচ্ছেদৰ কথা ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে জনায়। বিবাহৰ ১৮ বছৰৰ পাছত এই চেলিব্ৰিটি দম্পতীয়ে পৃথক হোৱাৰ সিদ্ধান্ত লয় আৰু তেওঁলোকৰ আনুষ্ঠানিক বিবৃতিত গোপনীয়তা ৰক্ষা কৰাটো বিচাৰে। ধনুষৰ পিতৃ তথা চলচ্চিত্ৰ নিৰ্মাতা কস্তুৰী ৰাজাইয়েও ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু কৈছিল যে "এয়া বিবাহ বিচ্ছেদ নহয়, এয়া কেৱল এক পাৰিবাৰিক কাজিয়া।পতি-পত্নীৰ মাজত কাজিয়া লাগেই। ধনুষ আৰু ঐশ্বৰ্যৰ বিচ্ছেদ কেৱল কিছুমান কথাৰ মাজত থকা পাৰ্থক্য আৰু মতবিৰোধৰ বাবেহে হৈছে। এয়া এক পাৰিবাৰিক কাজিয়া যি সাধাৰণতে সকলো বিবাহিত দম্পতীৰ মাজত সংঘটিত হয়। এয়া বিবাহ বিচ্ছেদ নহয়। সংসাৰ চলাবলৈ ধৈৰ্য লাগে।" ধনুষৰ পিতৃয়ে লগতে কয়, "ধনুষ আৰু ঐশ্বৰ্য বৰ্তমান চেন্নাইত নাই। দুয়ো হায়দৰাবাদত আছে। মই দুয়োৰে সৈতে ফোনত কথা পাতিছিলো আৰু তেওঁলোকক কিছু পৰামৰ্শ দিছোঁ, চাওঁচোন কি হয়গৈ। উল্লেখ্য যে ঐশ্বৰ্যৰ সৈতে ২০০৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল ধনুষ। তেওঁলোকৰ সংসাৰত যাত্ৰা আৰু লিংগা নামেৰে আছে দুটি সন্তান। ডেৰ বছৰ ডাঙৰ ঐশ্বৰ্য্যৰ সৈতে প্ৰেম বিবাহ হৈছিল ধনুষৰ। তেওঁলোকৰ অনুৰাগীসকলে দুয়ো যাতে পুনৰ এক হৈ থাকে তাকেই কামনা কৰিছে। আৰু পঢ়কঃ জোঁৱাইলৈ মৰম! ৩৬৫ বিধ ব্যঞ্জনৰে জোঁৱাইক আদৰ-সাদৰ কৰি খুৱালে শাহুৱে

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ