--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীৰ্ঘ বিৰতিৰ অন্তত শ্বাহৰূখ খান উভটি আহিছে অনুৰাগীসকলৰ সম্পৰ্কলৈ। সম্পূৰ্ণ চাৰি মাহৰ বিৰতি। ২০২১ চনৰ ছেপ্তেম্বৰ মাহৰ পাছত শ্বাহৰূখ খান উভটি আহিছে সামাজিক মাধ্যমলৈ। ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই বিৰতি ভংগ কৰিছে অভিনেতাজনে। উল্লেখ্য যে, এই পোষ্টটো ২০২২ চনত অভিনেতাজনে পোষ্ট কৰা প্ৰথম পোষ্টেই নহয়, আৰিয়ান খানক এনচিবিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এইটো সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে দিয়া পোষ্ট। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ ছেপ্তেম্বৰ মাহত গণেশ চতুৰ্থী উপলক্ষে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল শ্বাহৰূখ খানে। চাৰি মাহৰ মূৰত পুনৰ সামাজিক মাধ্যমত সক্ৰিয় হোৱা বাবে উচ্ছসিত অভিনেতাজনৰ অনুৰাগীমহল। শ্বাহৰূখ খানে এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত তেওঁক এটা ইলেক্ট্ৰনিক ব্ৰেণ্ডৰ বিজ্ঞাপনত অংশ লোৱা দেখা গৈছে। ভিডিঅ’টোত তেওঁৰ পত্নী তথা জনপ্ৰিয় ইণ্টেৰিঅ’ৰ ডিজাইনাৰ গৌৰী খানৰ সৈতে দেখিবলৈ পোৱা গৈছে। ভিডিঅ'টোত, শ্বাহৰূখ খানক এখন বিলাসী গাড়ী চলাই এখন আড়ম্বৰপূৰ্ণ বাংলোত উপস্থিত হোৱা দেখা গৈছে। তাৰ পাছতেই ভিতৰত উপস্থিত হৈ এখন চোফাত বহি টেলিভিছন অন কৰে। সচৰাচৰ টেলিভিছনতকৈ এইটোক যথেষ্ট পৃথক দেখা গৈছিল। টিভিটো লাহে লাহে এটা বাকচৰ পৰা স্বয়ংক্ৰিয়ভাৱে ওলাই আহিছিল। এই টিভিটোক অভিনেতাজনে ৰোলেবোল টিভি বুলি উল্লেখ কৰিছে। ঠিক পিছতে তেওঁৰ পত্নী গৌৰী খানো উপস্থিত হয় আৰু দুয়ো একেলগে বহি টিভি চাই থকা দেখিবলৈ পোৱা গৈছিল। পোষ্টটোৱে শ্বাহৰূখৰ অনুৰাগীসকলক সুখী কৰি তুলিছে কিয়নো তেওঁলোকে অভিনেতাজনক সামাজিক মাধ্যমৰ বহু দিনৰ মূৰত ঘূৰাই পাইছে। স্মৰ্তব্য যে, শ্বাহৰূখ খানে বৰ্তমান 'পাঠান' নামৰ এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত আছে। চিনেমাখনত দীপিকা পাডুকনক মহিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব। শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান খানক ২০২১ চনৰ ২ অক্টোবৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা আৰিয়ানক শ্বাহৰূখ খানে এবাৰ লগ কৰাও দেখা গৈছিল। আৰিয়ান খানক নিষিদ্ধ ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁক চৰ্ত সাপেক্ষে জামিন দিয়াৰ পূৰ্বে দুবাৰকৈ তেওঁৰ জামিন আবেদন নাকচ হৈছিল। আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ পাছৰে পৰা সামাজিক মাধ্যমত যথেষ্ট মৌনতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছিল বলিউডৰ কিং খান খ্যাত অভিনেতাজনক। তাৰ পাছতেই পুনৰ সক্ৰিয়তাৰ বাবে অনুৰাগী মহলত সৃষ্টি হৈছে অনন্য সুখানুভূতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু