--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীৰ্ঘ বিৰতিৰ অন্তত শ্বাহৰূখ খান উভটি আহিছে অনুৰাগীসকলৰ সম্পৰ্কলৈ। সম্পূৰ্ণ চাৰি মাহৰ বিৰতি। ২০২১ চনৰ ছেপ্তেম্বৰ মাহৰ পাছত শ্বাহৰূখ খান উভটি আহিছে সামাজিক মাধ্যমলৈ। ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই বিৰতি ভংগ কৰিছে অভিনেতাজনে। উল্লেখ্য যে, এই পোষ্টটো ২০২২ চনত অভিনেতাজনে পোষ্ট কৰা প্ৰথম পোষ্টেই নহয়, আৰিয়ান খানক এনচিবিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এইটো সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে দিয়া পোষ্ট। ইয়াৰ পূৰ্বে ২০২১ বৰ্ষৰ ছেপ্তেম্বৰ মাহত গণেশ চতুৰ্থী উপলক্ষে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল শ্বাহৰূখ খানে। চাৰি মাহৰ মূৰত পুনৰ সামাজিক মাধ্যমত সক্ৰিয় হোৱা বাবে উচ্ছসিত অভিনেতাজনৰ অনুৰাগীমহল। শ্বাহৰূখ খানে এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত তেওঁক এটা ইলেক্ট্ৰনিক ব্ৰেণ্ডৰ বিজ্ঞাপনত অংশ লোৱা দেখা গৈছে। ভিডিঅ’টোত তেওঁৰ পত্নী তথা জনপ্ৰিয় ইণ্টেৰিঅ’ৰ ডিজাইনাৰ গৌৰী খানৰ সৈতে দেখিবলৈ পোৱা গৈছে। ভিডিঅ'টোত, শ্বাহৰূখ খানক এখন বিলাসী গাড়ী চলাই এখন আড়ম্বৰপূৰ্ণ বাংলোত উপস্থিত হোৱা দেখা গৈছে। তাৰ পাছতেই ভিতৰত উপস্থিত হৈ এখন চোফাত বহি টেলিভিছন অন কৰে। সচৰাচৰ টেলিভিছনতকৈ এইটোক যথেষ্ট পৃথক দেখা গৈছিল। টিভিটো লাহে লাহে এটা বাকচৰ পৰা স্বয়ংক্ৰিয়ভাৱে ওলাই আহিছিল। এই টিভিটোক অভিনেতাজনে ৰোলেবোল টিভি বুলি উল্লেখ কৰিছে। ঠিক পিছতে তেওঁৰ পত্নী গৌৰী খানো উপস্থিত হয় আৰু দুয়ো একেলগে বহি টিভি চাই থকা দেখিবলৈ পোৱা গৈছিল। পোষ্টটোৱে শ্বাহৰূখৰ অনুৰাগীসকলক সুখী কৰি তুলিছে কিয়নো তেওঁলোকে অভিনেতাজনক সামাজিক মাধ্যমৰ বহু দিনৰ মূৰত ঘূৰাই পাইছে। স্মৰ্তব্য যে, শ্বাহৰূখ খানে বৰ্তমান 'পাঠান' নামৰ এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত আছে। চিনেমাখনত দীপিকা পাডুকনক মহিলাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব। শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান খানক ২০২১ চনৰ ২ অক্টোবৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। আৰ্থাৰ ৰোড কাৰাগাৰত ৰখা আৰিয়ানক শ্বাহৰূখ খানে এবাৰ লগ কৰাও দেখা গৈছিল। আৰিয়ান খানক নিষিদ্ধ ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁক চৰ্ত সাপেক্ষে জামিন দিয়াৰ পূৰ্বে দুবাৰকৈ তেওঁৰ জামিন আবেদন নাকচ হৈছিল। আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ পাছৰে পৰা সামাজিক মাধ্যমত যথেষ্ট মৌনতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছিল বলিউডৰ কিং খান খ্যাত অভিনেতাজনক। তাৰ পাছতেই পুনৰ সক্ৰিয়তাৰ বাবে অনুৰাগী মহলত সৃষ্টি হৈছে অনন্য সুখানুভূতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ