--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনুষ আৰু ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ। ১৮ বছৰীয়া যুগ্মজীৱনৰ ইতিৰেখা টনা বুলি টুইটাৰ আৰু ইনষ্টাগ্ৰামত তাৰকা দম্পতীয়ে স্বেচ্ছাই ঘোষণা কৰিছিল। দুয়োজনৰ লেখাত একেই ভাবৰ প্ৰকাশ। তেওঁলোকে লিখিছে, ‘ ১৮ বছৰ ধৰি একেলগে আছো। বন্ধু, দম্পতি আৰু অভিভাৱক হিচাপে। ইজনে সিজনৰ শুভাকাংক্ষী হিচাপে। এই যাত্ৰা আছিল কেৱল ইজনে সিজনৰ সৈতে সংগ দিয়া, বুজাৰ আৰু আগুৱাই যোৱাৰ। আহি আহি আজি এনে এটা অৱস্থাত উপনীত হৈছো য'ত আমাৰ পথ এতিয়া সম্পূৰ্ণ পৃথক। আমি এতিয়া পৃথকে থকাৰ সিদ্ধান্ত লৈছো।’ ধনুষ-ঐশ্বৰ্যৰ বিচ্ছেদৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই যদিও আজিৰ পৰা কেইবা বছৰ পূৰ্বে এটা গুজৱ শুনিবলৈ পোৱা গৈছিল। কামাল হাছানৰ জীয়ৰী শ্ৰুতি হাছানৰ সৈতে ধনুষৰ মাজত সম্পৰ্কৰ গোন্ধ পাইছিল হেনো একাংশই। এনেধৰণৰ কথাৰ গুঞ্জনৰ ফলশ্ৰুতিত তেতিয়াই ধনুষ-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ হোৱাৰ কথা আছিল। অৱশ্যে সেই সময়ত ভবামতে নহ’ল কথাবোৰ। দিন গ’ল, দুয়োৰে সংসাৰ চলি থাকিল। কিন্তু হঠাত্‍ ধনুষ-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। এই বিচ্ছেদৰ আঁৰত শ্ৰুতি হাছানৰেই হাত আছে নেকি? তাৰো চলিছে চৰ্চা। উল্লেখ্য যে, ২০১২ চনত পোন প্ৰথমবাৰৰ বাবে ছবি পৰিচালনাত হাত দিছিল ঐশ্বৰ্যই। ছবিখনৰ নাম আছিল '৩'। ঐশ্বৰ্যই তেওঁৰ স্বামীৰ সৈতে শৈশৱৰ বন্ধু শ্ৰুতিকো ছবিখনত অভিনেত্ৰী হিচাপে লৈছিল। ধনুষে একেখন চলচ্চিত্ৰৰ 'কোলাৱৰী ডি' গীতটোত কন্ঠ নিগৰাই গায়ক হিচাপে বিপুল খ্যাতি অৰ্জন কৰিছিল। শ্ৰুতি আৰু ধনুষে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়তে বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হৈ পৰা বুলি উঠিছিল গুঞ্জন। এই প্ৰসংগত এটি সাক্ষাৎকাৰত শ্ৰুতিয়ে কৈছিল, 'কাৰো হৈ মই কৈফিয়ত্‍ নিদিও। ধনুষ মোৰ ভাল বন্ধু।’ শ্ৰুতিয়ে লগতে কয়, ‘৩ ছবিখনত অভিনয় কৰিবলৈ সাহস যোগাইছিল ধনুষে। যিটো সময়ত মোৰ প্ৰতি মানুহৰ বিশ্বাস নোহোৱা হৈছিল সেই সময়তে ধনুষে মোক বিশ্বাসী বুলি লৈছিল। তেনেক্ষেত্ৰত, কেইজনমান মানুহৰ কটুবাক্যই আমাৰ সম্পৰ্কত আঁচোৰ মাৰিব খুজিলেও মই এইক্ষেত্ৰত কোনোপধ্যে ৰাজি নহয়।’ অৱশ্যে, ঐশ্বৰ্যৰ মন্তব্যই তেতিয়া সকলো সমালোচকৰে মুখ বন্ধ কৰি দিছিল। তেওঁ কৈছিল , ‘ধনুষ আৰু শ্ৰুতিৰ বিষয়ে মানুহে কৈ থকা কথাবোৰ ভিত্তিহীন।’ এতিয়া পুনৰ একে কথাৰে উঠিছে গুঞ্জন। প্ৰশ্ন উঠিছে ধনুষ আৰু ঐশ্বৰ্যৰ বিবাহ-বিচ্ছেদ কোনো তৃতীয় ব্যক্তিৰ বাবেই নে তেওঁলোকৰ মাজত বুজাবুজিৰ অভাৱৰ বাবে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু