--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনুষ আৰু ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ। ১৮ বছৰীয়া যুগ্মজীৱনৰ ইতিৰেখা টনা বুলি টুইটাৰ আৰু ইনষ্টাগ্ৰামত তাৰকা দম্পতীয়ে স্বেচ্ছাই ঘোষণা কৰিছিল। দুয়োজনৰ লেখাত একেই ভাবৰ প্ৰকাশ। তেওঁলোকে লিখিছে, ‘ ১৮ বছৰ ধৰি একেলগে আছো। বন্ধু, দম্পতি আৰু অভিভাৱক হিচাপে। ইজনে সিজনৰ শুভাকাংক্ষী হিচাপে। এই যাত্ৰা আছিল কেৱল ইজনে সিজনৰ সৈতে সংগ দিয়া, বুজাৰ আৰু আগুৱাই যোৱাৰ। আহি আহি আজি এনে এটা অৱস্থাত উপনীত হৈছো য'ত আমাৰ পথ এতিয়া সম্পূৰ্ণ পৃথক। আমি এতিয়া পৃথকে থকাৰ সিদ্ধান্ত লৈছো।’ ধনুষ-ঐশ্বৰ্যৰ বিচ্ছেদৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই যদিও আজিৰ পৰা কেইবা বছৰ পূৰ্বে এটা গুজৱ শুনিবলৈ পোৱা গৈছিল। কামাল হাছানৰ জীয়ৰী শ্ৰুতি হাছানৰ সৈতে ধনুষৰ মাজত সম্পৰ্কৰ গোন্ধ পাইছিল হেনো একাংশই। এনেধৰণৰ কথাৰ গুঞ্জনৰ ফলশ্ৰুতিত তেতিয়াই ধনুষ-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ হোৱাৰ কথা আছিল। অৱশ্যে সেই সময়ত ভবামতে নহ’ল কথাবোৰ। দিন গ’ল, দুয়োৰে সংসাৰ চলি থাকিল। কিন্তু হঠাত্‍ ধনুষ-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। এই বিচ্ছেদৰ আঁৰত শ্ৰুতি হাছানৰেই হাত আছে নেকি? তাৰো চলিছে চৰ্চা। উল্লেখ্য যে, ২০১২ চনত পোন প্ৰথমবাৰৰ বাবে ছবি পৰিচালনাত হাত দিছিল ঐশ্বৰ্যই। ছবিখনৰ নাম আছিল '৩'। ঐশ্বৰ্যই তেওঁৰ স্বামীৰ সৈতে শৈশৱৰ বন্ধু শ্ৰুতিকো ছবিখনত অভিনেত্ৰী হিচাপে লৈছিল। ধনুষে একেখন চলচ্চিত্ৰৰ 'কোলাৱৰী ডি' গীতটোত কন্ঠ নিগৰাই গায়ক হিচাপে বিপুল খ্যাতি অৰ্জন কৰিছিল। শ্ৰুতি আৰু ধনুষে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়তে বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হৈ পৰা বুলি উঠিছিল গুঞ্জন। এই প্ৰসংগত এটি সাক্ষাৎকাৰত শ্ৰুতিয়ে কৈছিল, 'কাৰো হৈ মই কৈফিয়ত্‍ নিদিও। ধনুষ মোৰ ভাল বন্ধু।’ শ্ৰুতিয়ে লগতে কয়, ‘৩ ছবিখনত অভিনয় কৰিবলৈ সাহস যোগাইছিল ধনুষে। যিটো সময়ত মোৰ প্ৰতি মানুহৰ বিশ্বাস নোহোৱা হৈছিল সেই সময়তে ধনুষে মোক বিশ্বাসী বুলি লৈছিল। তেনেক্ষেত্ৰত, কেইজনমান মানুহৰ কটুবাক্যই আমাৰ সম্পৰ্কত আঁচোৰ মাৰিব খুজিলেও মই এইক্ষেত্ৰত কোনোপধ্যে ৰাজি নহয়।’ অৱশ্যে, ঐশ্বৰ্যৰ মন্তব্যই তেতিয়া সকলো সমালোচকৰে মুখ বন্ধ কৰি দিছিল। তেওঁ কৈছিল , ‘ধনুষ আৰু শ্ৰুতিৰ বিষয়ে মানুহে কৈ থকা কথাবোৰ ভিত্তিহীন।’ এতিয়া পুনৰ একে কথাৰে উঠিছে গুঞ্জন। প্ৰশ্ন উঠিছে ধনুষ আৰু ঐশ্বৰ্যৰ বিবাহ-বিচ্ছেদ কোনো তৃতীয় ব্যক্তিৰ বাবেই নে তেওঁলোকৰ মাজত বুজাবুজিৰ অভাৱৰ বাবে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ