--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে সিদ্ধান্ত লয় যে মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্চি আন কোনোৱে কেতিয়াও পিন্ধিব নোৱাৰিব। আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনেও একেধৰণৰ সিদ্ধান্ত ল’বলৈ ওলাইছে। লিয়নেল মেছিৰ ১০ নম্বৰৰ জাৰ্চি কাকো পিন্ধিবলৈ দিয়া নহ’ব বুলি সিদ্ধান্ত ল’বলৈ ওলাইছে। যেতিয়া মেছিয়ে অৱসৰ ল’ব তেতিয়া তেওঁৰ জাৰ্চি নম্বৰো অৱসৰ লোৱা হ’ব। মন কৰিবলগীয়া যে আৰ্জেণ্টিনাৰ হৈ ডিয়েগো মাৰাডোনাইও ১০ নম্বৰৰ জাৰ্চি পিন্ধিছিল।

আৰ্জেণ্টিনাৰ ফুটবল ফেডাৰেচনৰ মুৰব্বী ক্লাউডিঅ’ টাপিয়াই সংবাদমেলত কয় যে যেতিয়া মেছিয়ে জাতীয় দলৰ পৰা অৱসৰ ল’ব তেতিয়া কাকো দেশখনৰ বাবে ১০ নম্বৰৰ জাৰ্চি পিন্ধিব নোৱাৰিব। আৰ্জেণ্টিনাৰ ১০ নম্বৰৰ জাৰ্চিখন অৱসৰ লোৱা হ’ব, যিদৰে গোটেই জীৱন অৱসৰ গ্ৰহণ কৰি আহিছে। মেছিক সন্মান জনোৱাৰ বাবে আমি এইটোৱেই কৰিব পাৰো।’

কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। ২০০২ চনত আৰ্জেণ্টিনাৰ ফুটবল ফেডাৰেচনে ১০ নম্বৰৰ জাৰ্চিখন অৱসৰ ল’বলৈ চেষ্টা কৰিছিল। সেই সময়ত মাৰাডোনাক সন্মান জনোৱাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত ল’ব বিচাৰিছিল। কিন্তু বাধা হৈছে ফিফা। তেওঁলোকৰ নিয়ম অনুসৰি প্ৰতিযোগিতাত ১ৰ পৰা ২৩ নম্বৰৰ জাৰ্চি পৰিধান কৰিব লাগিব। ২০০২ চনত আৰ্জেণ্টিনাৰ হৈ ১০ নম্বৰৰ জাৰ্চি পিন্ধিছিল এৰিয়েল অৰ্টেগাই।

২০২২ চনত কাটাৰত আৰ্জেণ্টিনাৰ হৈ মেছিয়ে বিশ্বকাপ জয় কৰিছিল। মাৰাডোনাৰ পিছত তেওঁ দেশলৈ লৈ আহিছিল বিশ্বকাপ। আনহাতে, কপিল দেৱৰ পাছত ধোনীয়ে ভাৰতক ৫০ অভাৰৰ বিশ্বকাপলৈ আগবঢ়াই লৈ যায়। দুয়োখন দেশৰ বিশ্ব বিজয়ী অধিনায়ক দুগৰাকীক একেদৰেই সন্মান জনোৱাৰ পৰিকল্পনা। কিন্তু মেছিৰ ক্ষেত্ৰত ফিফাৰ নিয়ম বাধা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক