--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে সিদ্ধান্ত লয় যে মহেন্দ্ৰ সিং ধোনীৰ ৭ নম্বৰ জাৰ্চি আন কোনোৱে কেতিয়াও পিন্ধিব নোৱাৰিব। আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনেও একেধৰণৰ সিদ্ধান্ত ল’বলৈ ওলাইছে। লিয়নেল মেছিৰ ১০ নম্বৰৰ জাৰ্চি কাকো পিন্ধিবলৈ দিয়া নহ’ব বুলি সিদ্ধান্ত ল’বলৈ ওলাইছে। যেতিয়া মেছিয়ে অৱসৰ ল’ব তেতিয়া তেওঁৰ জাৰ্চি নম্বৰো অৱসৰ লোৱা হ’ব। মন কৰিবলগীয়া যে আৰ্জেণ্টিনাৰ হৈ ডিয়েগো মাৰাডোনাইও ১০ নম্বৰৰ জাৰ্চি পিন্ধিছিল।

আৰ্জেণ্টিনাৰ ফুটবল ফেডাৰেচনৰ মুৰব্বী ক্লাউডিঅ’ টাপিয়াই সংবাদমেলত কয় যে যেতিয়া মেছিয়ে জাতীয় দলৰ পৰা অৱসৰ ল’ব তেতিয়া কাকো দেশখনৰ বাবে ১০ নম্বৰৰ জাৰ্চি পিন্ধিব নোৱাৰিব। আৰ্জেণ্টিনাৰ ১০ নম্বৰৰ জাৰ্চিখন অৱসৰ লোৱা হ’ব, যিদৰে গোটেই জীৱন অৱসৰ গ্ৰহণ কৰি আহিছে। মেছিক সন্মান জনোৱাৰ বাবে আমি এইটোৱেই কৰিব পাৰো।’

কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়। ২০০২ চনত আৰ্জেণ্টিনাৰ ফুটবল ফেডাৰেচনে ১০ নম্বৰৰ জাৰ্চিখন অৱসৰ ল’বলৈ চেষ্টা কৰিছিল। সেই সময়ত মাৰাডোনাক সন্মান জনোৱাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত ল’ব বিচাৰিছিল। কিন্তু বাধা হৈছে ফিফা। তেওঁলোকৰ নিয়ম অনুসৰি প্ৰতিযোগিতাত ১ৰ পৰা ২৩ নম্বৰৰ জাৰ্চি পৰিধান কৰিব লাগিব। ২০০২ চনত আৰ্জেণ্টিনাৰ হৈ ১০ নম্বৰৰ জাৰ্চি পিন্ধিছিল এৰিয়েল অৰ্টেগাই।

২০২২ চনত কাটাৰত আৰ্জেণ্টিনাৰ হৈ মেছিয়ে বিশ্বকাপ জয় কৰিছিল। মাৰাডোনাৰ পিছত তেওঁ দেশলৈ লৈ আহিছিল বিশ্বকাপ। আনহাতে, কপিল দেৱৰ পাছত ধোনীয়ে ভাৰতক ৫০ অভাৰৰ বিশ্বকাপলৈ আগবঢ়াই লৈ যায়। দুয়োখন দেশৰ বিশ্ব বিজয়ী অধিনায়ক দুগৰাকীক একেদৰেই সন্মান জনোৱাৰ পৰিকল্পনা। কিন্তু মেছিৰ ক্ষেত্ৰত ফিফাৰ নিয়ম বাধা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু