--°C
Loading...
Listen to Article
2 min read
80%
ডিজিজেট ডেস্কঃ কিছুদিনৰ পাছত ডেভিদ ৱাৰ্নাৰে জীৱনৰ শেষৰখন টেষ্ট মেচ খেলিবলৈ ওলাইছে। তাৰ আগতে সি এটা ডাঙৰ সিদ্ধান্ত লৈছিল। অষ্ট্ৰেলিয়াৰ দুবাৰৰ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰগৰাকীয়ে নতুন বছৰৰ প্ৰথম দিনাই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অৱশ্যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত যদি তেওঁৰ প্ৰয়োজন হয় তেন্তে অনাগত দিনত এই সিদ্ধান্তৰ বিষয়ে চিন্তা কৰিব পাৰিব বুলিও তেওঁ কয়। একেদিনাই ৱাৰ্নাৰক সংযুক্ত আৰব আমিৰশ্বাহীৰ দল ডুবাই কেপিটেলছে নতুন এচাইনমেণ্ট দিছে। পৰৱৰ্তী ছিজনত তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।

সোমবাৰে এখন সংবাদমেলত ৱাৰ্নাৰে কয় যে ভাৰতে বিশ্বকাপ জয় কৰাৰ আগতেই তেওঁ এদিনীয়া ক্ৰিকেট ত্যাগ কৰাৰ কথা ভাবিছিল। তেওঁ কয়, এইবাৰ পৰিয়ালটোক সময় দিয়াৰ প্ৰয়োজন আছে। সেইবাবেই মই এদিনীয়া ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছো। এই কথা এবাৰ বিশ্বকাপৰ সময়ত কৈছিলো। ভাৰতৰ মাটিত এখন বিশ্বকাপ এক বৃহৎ সাফল্য। গতিকে মই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বিচাৰো আৰু বিভিন্ন দেশৰ টি-২০ লীগত খেলাত মনোনিৱেশ কৰিব বিচাৰো। আমাৰ এদিনীয়া ক্ৰিকেট দলটোৱেও আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে।’

তেওঁ লগতে কয়, ‘মই জানো যে চেম্পিয়নছ ট্ৰফী সমুখত। তেতিয়ালৈকে যদি মই ভাল ক্ৰিকেট খেলো বা খেলৰ সৈতে জড়িত হৈ থাকোঁ, আৰু যদি সেই সময়ত অষ্ট্ৰেলিয়াক মোৰ প্ৰয়োজন হয়, তেন্তে মই আকৌ এদিনীয়া ক্ৰিকেট খেলিব পাৰিম।”

বিশ্বকাপৰ ফাইনেলখন দেশৰ হৈ ৱাৰ্নাৰৰ অন্তিমখন এদিনীয়া মেচ। ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ১৬১খন এদিনীয়া খেলত ৬৯৩২ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ হাতত আছে ২২ শতক আৰু ৩৩টা পঞ্চাশ। এদিনীয়া ফৰ্মেটত অষ্ট্ৰেলিয়াৰ ষষ্ঠ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে নিজৰ কেৰিয়াৰৰ অন্ত পেলায়। শতক তালিকাত ৰিকি পণ্টিঙৰ পিছতে তেওঁ দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক