--°C
Loading...
Listen to Article
2 min read
80%
ডিজিজেট ডেস্কঃ কিছুদিনৰ পাছত ডেভিদ ৱাৰ্নাৰে জীৱনৰ শেষৰখন টেষ্ট মেচ খেলিবলৈ ওলাইছে। তাৰ আগতে সি এটা ডাঙৰ সিদ্ধান্ত লৈছিল। অষ্ট্ৰেলিয়াৰ দুবাৰৰ বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰগৰাকীয়ে নতুন বছৰৰ প্ৰথম দিনাই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অৱশ্যে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত যদি তেওঁৰ প্ৰয়োজন হয় তেন্তে অনাগত দিনত এই সিদ্ধান্তৰ বিষয়ে চিন্তা কৰিব পাৰিব বুলিও তেওঁ কয়। একেদিনাই ৱাৰ্নাৰক সংযুক্ত আৰব আমিৰশ্বাহীৰ দল ডুবাই কেপিটেলছে নতুন এচাইনমেণ্ট দিছে। পৰৱৰ্তী ছিজনত তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।

সোমবাৰে এখন সংবাদমেলত ৱাৰ্নাৰে কয় যে ভাৰতে বিশ্বকাপ জয় কৰাৰ আগতেই তেওঁ এদিনীয়া ক্ৰিকেট ত্যাগ কৰাৰ কথা ভাবিছিল। তেওঁ কয়, এইবাৰ পৰিয়ালটোক সময় দিয়াৰ প্ৰয়োজন আছে। সেইবাবেই মই এদিনীয়া ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছো। এই কথা এবাৰ বিশ্বকাপৰ সময়ত কৈছিলো। ভাৰতৰ মাটিত এখন বিশ্বকাপ এক বৃহৎ সাফল্য। গতিকে মই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব বিচাৰো আৰু বিভিন্ন দেশৰ টি-২০ লীগত খেলাত মনোনিৱেশ কৰিব বিচাৰো। আমাৰ এদিনীয়া ক্ৰিকেট দলটোৱেও আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে।’

তেওঁ লগতে কয়, ‘মই জানো যে চেম্পিয়নছ ট্ৰফী সমুখত। তেতিয়ালৈকে যদি মই ভাল ক্ৰিকেট খেলো বা খেলৰ সৈতে জড়িত হৈ থাকোঁ, আৰু যদি সেই সময়ত অষ্ট্ৰেলিয়াক মোৰ প্ৰয়োজন হয়, তেন্তে মই আকৌ এদিনীয়া ক্ৰিকেট খেলিব পাৰিম।”

বিশ্বকাপৰ ফাইনেলখন দেশৰ হৈ ৱাৰ্নাৰৰ অন্তিমখন এদিনীয়া মেচ। ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ১৬১খন এদিনীয়া খেলত ৬৯৩২ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ হাতত আছে ২২ শতক আৰু ৩৩টা পঞ্চাশ। এদিনীয়া ফৰ্মেটত অষ্ট্ৰেলিয়াৰ ষষ্ঠ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে নিজৰ কেৰিয়াৰৰ অন্ত পেলায়। শতক তালিকাত ৰিকি পণ্টিঙৰ পিছতে তেওঁ দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement