--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ড দলৰ প্ৰাক্তন অ’পেনাৰ মাৰ্টিন গাপ্টিলে এটা ডাঙৰ কথা প্ৰকাশ কৰিছে। কিৱি কিংবদন্তিগৰাকীয়ে প্ৰকাশ কৰিছে যে বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত এম এছ ধোনীৰ ৰান আউটৰ বাবে তেওঁক এতিয়াও ঘৃণাৰ ইমেইল প্ৰেৰণ কৰা হয়। মাৰ্টিন গাপ্টিলৰ এই আঘাতৰ বাবে এম এছ ধোনী গুৰুত্বপূৰ্ণ সময়ত ৰান আউট হৈছিল আৰু সেই মেচত পৰাস্ত হোৱাৰ পাছত ভাৰত বিশ্বকাপ ২০১৯ৰ পৰা বাহিৰ হৈছিল।ইতিমধ্যে গাপ্টিলে অৱসৰ লোৱাৰ কথাও জনাইছে।বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াক জয়ী হ’বলৈ ১০টা বলত ২৫ ৰাণৰ প্ৰয়োজন হৈছিল। এই সময়ত এটা লাকী থ্ৰ’ই ৰাণ আউট হিচাপে ধোনীৰ ইনিংছ শেষ কৰে। মাৰ্টিন গাপ্টিলে এনে এটা কোণৰ পৰা নিক্ষেপ কৰিছিল য’ৰ পৰা মাত্ৰ এটা বা ডেৰটা ষ্টাম্পহে দেখা পাইছিল। ধোনী ক্ৰীজৰ পাছফালে মাত্ৰ কেই ইঞ্চিমান আছিল আৰু ৰাণ আউট হৈছিল। অলপ দিনৰ আগত বৰ্তমান লিজেণ্ডছ লীগ ক্ৰিকেটত খেলা গাপ্টিলে এই সন্দৰ্ভত মতামত ব্যক্ত কৰে।


উল্লেখ্য যে, ২০১১ চনৰ বিশ্বকাপত গাপ্টিলে নিউজিলেণ্ডৰ হৈ দ্বিতীয় সৰ্বাধিক ৰাণ কৰা খেলুৱৈ আৰু ২০১৫ চনৰ সংস্কৰণত  পুনৰ উন্নত প্ৰদৰ্শন কৰে৷ কোৱাৰ্টাৰ ফাইনেলত অপৰাজিত ২৩৭ ৰাণ সংগ্ৰহ কৰি তেওঁ এদিনীয়াত ডাবল হাণ্ড্ৰেড লাভ কৰা প্ৰথমজন কিৱি বেটছমেন হিচাপে পৰিগণিত হয়। আনকি মাৰ্টিনে ২০১৫ চনৰ বিশ্বকাপত নিজেই ভংগ কৰাৰ পূৰ্বে তেতিয়াৰ কিৱিদলৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ (১৮৯) লাভ কৰিছিল।


এদিনীয়া মেচত মাৰ্টিন গাপ্টিলৰ গড় ৪৩.৫১ হোৱাৰ বিপৰীতে বিশ্বকাপৰ মেচত গড় আছিল ৫৭ । একমাত্ৰ অসুবিধাটো হ’ল যে অ’পেনাৰজনে এই ৰাণসমূহ যথেষ্ট দুৰ্বল বলিং লাইন আপ থকা দলৰ বিৰুদ্ধে কৰিছে। অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে তেওঁ সংগ্ৰাম কৰি আহিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক