--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ড দলৰ প্ৰাক্তন অ’পেনাৰ মাৰ্টিন গাপ্টিলে এটা ডাঙৰ কথা প্ৰকাশ কৰিছে। কিৱি কিংবদন্তিগৰাকীয়ে প্ৰকাশ কৰিছে যে বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত এম এছ ধোনীৰ ৰান আউটৰ বাবে তেওঁক এতিয়াও ঘৃণাৰ ইমেইল প্ৰেৰণ কৰা হয়। মাৰ্টিন গাপ্টিলৰ এই আঘাতৰ বাবে এম এছ ধোনী গুৰুত্বপূৰ্ণ সময়ত ৰান আউট হৈছিল আৰু সেই মেচত পৰাস্ত হোৱাৰ পাছত ভাৰত বিশ্বকাপ ২০১৯ৰ পৰা বাহিৰ হৈছিল।ইতিমধ্যে গাপ্টিলে অৱসৰ লোৱাৰ কথাও জনাইছে।বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াক জয়ী হ’বলৈ ১০টা বলত ২৫ ৰাণৰ প্ৰয়োজন হৈছিল। এই সময়ত এটা লাকী থ্ৰ’ই ৰাণ আউট হিচাপে ধোনীৰ ইনিংছ শেষ কৰে। মাৰ্টিন গাপ্টিলে এনে এটা কোণৰ পৰা নিক্ষেপ কৰিছিল য’ৰ পৰা মাত্ৰ এটা বা ডেৰটা ষ্টাম্পহে দেখা পাইছিল। ধোনী ক্ৰীজৰ পাছফালে মাত্ৰ কেই ইঞ্চিমান আছিল আৰু ৰাণ আউট হৈছিল। অলপ দিনৰ আগত বৰ্তমান লিজেণ্ডছ লীগ ক্ৰিকেটত খেলা গাপ্টিলে এই সন্দৰ্ভত মতামত ব্যক্ত কৰে।


উল্লেখ্য যে, ২০১১ চনৰ বিশ্বকাপত গাপ্টিলে নিউজিলেণ্ডৰ হৈ দ্বিতীয় সৰ্বাধিক ৰাণ কৰা খেলুৱৈ আৰু ২০১৫ চনৰ সংস্কৰণত  পুনৰ উন্নত প্ৰদৰ্শন কৰে৷ কোৱাৰ্টাৰ ফাইনেলত অপৰাজিত ২৩৭ ৰাণ সংগ্ৰহ কৰি তেওঁ এদিনীয়াত ডাবল হাণ্ড্ৰেড লাভ কৰা প্ৰথমজন কিৱি বেটছমেন হিচাপে পৰিগণিত হয়। আনকি মাৰ্টিনে ২০১৫ চনৰ বিশ্বকাপত নিজেই ভংগ কৰাৰ পূৰ্বে তেতিয়াৰ কিৱিদলৰ হৈ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ (১৮৯) লাভ কৰিছিল।


এদিনীয়া মেচত মাৰ্টিন গাপ্টিলৰ গড় ৪৩.৫১ হোৱাৰ বিপৰীতে বিশ্বকাপৰ মেচত গড় আছিল ৫৭ । একমাত্ৰ অসুবিধাটো হ’ল যে অ’পেনাৰজনে এই ৰাণসমূহ যথেষ্ট দুৰ্বল বলিং লাইন আপ থকা দলৰ বিৰুদ্ধে কৰিছে। অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে তেওঁ সংগ্ৰাম কৰি আহিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement