--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পিছৰে পৰা মহম্মদ ছামি চৰ্চালৈ আহিছে। ক্ৰিকেট জগতৰ আগ্ৰহ শিখৰত উপনীত হৈছে পশ্চিম বংগৰ বলিষ্ঠ বলাৰগৰাকীক। কিন্তু ছামি আচলতে বংগৰ নহয়। আচলতে তেওঁ উত্তৰ প্ৰদেশৰ আমৰোহাৰ বাসিন্দা। ঘৰুৱা ক্ৰিকেট খেলিবলৈ তেওঁ আৰম্ভণিৰে পৰাই বংগক বাছি লৈছিল। কিয়? ভাৰতীয় বলিং আক্ৰমণৰ অন্যতম মূল ভেটিয়ে ক’লে অপমান আৰু অপমানৰ কাহিনী।

উত্তৰ প্ৰদেশত ক্ৰিকেট খেলিও ছামিয়ে ক্লাব ক্ৰিকেট খেলিবলৈ বাছি লৈছিল কলিকতা ময়দানক। তেওঁ বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। কলিকতা মৈদান, ইডেন গাৰ্ডেন সকলো তেওঁৰ হাতৰ তলুৱাৰ দৰে চিনাকি। এনে নহয় যে উত্তৰ প্ৰদেশত ক্ৰিকেটাৰ উৎপাদন নহয়। কিন্তু উত্তৰ প্ৰদেশৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ কৰে ছামীয়ে।

বলাৰগৰাকীয়ে কয়, ‘মই দুবছৰ ধৰি উত্তৰ প্ৰদেশৰ ট্ৰাইলত অংশ লৈছিলো। আৰম্ভণিতে সকলো ঠিকেই আছিল। সকলো ঠিকেই যেন লাগিল। কিন্তু ফাইনেল ৰাউণ্ড আহিলে  মোক বাহিৰ কৰি দিছিল। মোক কোৱা হৈছিল, 'ইয়াত তোমাৰ প্ৰয়োজন নাই।''

পিছৰ বছৰত ছামিৰ আৰু বেয়া অভিজ্ঞতা হ’ল। বিশ্বকাপৰ সৰ্বোচ্চ উইকেট দখলকাৰীগৰাকীয়ে কয় যে- ''পাছৰ বছৰো একেই ঘটনা ঘটিছিল। প্ৰায় ১৬০০ ল’ৰা আহিছিল ট্ৰায়েললৈ। তিনিদিনত সকলোকে চোৱাৰ পিছত ৰঞ্জী ট্ৰফীৰ বাবে দল গঠন হোৱাৰ কথা আছিল। মোৰ দাদা সেইবাৰ মোৰ লগত আছিল। দাদাইও এজন মুখ্য বিষয়াৰ লগত কথা পাতিলে। দাদাক সেই বিষয়াই এনেকুৱা এটা কথা কৈছিল যিটো আমি আমাৰ জীৱনত কেতিয়াও ভাবিব নোৱাৰো। তেওঁ ক’লে, ‘মোৰ চকীখন যদি লৰচৰ কৰিব পাৰে, তেন্তে তোমাৰ ভাইটিয়ে সুযোগ পাব পাৰে। নহলে কোনো সুযোগ নাই। মই দুঃখিত।’ দাদাই তেওঁক উত্তৰ দিলে, ‘মোৰ ভাইটিয়ে তোমাৰ চকীখন লৰচৰ কৰিব পাৰে, প্ৰয়োজন হ’লে তোমাৰ চকীখন ওলোটাও কৰিব পাৰে। ইমান শক্তি আছে তেওঁৰ। কিন্তু মোৰ ভাইটিয়ে এনেকৈ সুযোগ পোৱাটো নিবিচাৰো। মোৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ পালে মই সুখী হম। বিষয়াগৰাকীয়ে ক’লে, ‘তেন্তে আপোনাৰ ভাইটিৰ ইয়াত ঠাই নাই। ইয়াত প্ৰতিভাই একো নকৰে।’ দাদাইও মুখত উত্তৰ দিলে, ‘তেন্তে মোৰ ভাইটিয়ে কেতিয়াও উত্তৰ প্ৰদেশৰ হৈ খেলিব নোৱাৰে।’’’

ছামীয়ে দুবছৰ বেয়া বছৰৰ পাছত উত্তৰ প্ৰদেশৰ হৈ খেলাৰ কথা কেতিয়াও ভবা নাছিল। বাছি লৈছিল বংগক। ২০১০ চনৰ ১৭ নৱেম্বৰত ইডেনত অসমৰ বিৰুদ্ধে তেওঁ ৰাজ্যৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। তেতিয়াৰ পৰা ছামী বংগৰ। এইবাৰ বিশ্বকাপত সফলতা লাভ কৰাৰ পিছত উত্তৰ প্ৰদেশতো স্বীকৃতি লাভ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ গাঁৱত এখন সৰু ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিশ্বকাপৰ ফাইনেলৰ পিছত ছামীক সান্ত্বনা দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক