--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এগৰাকী কিশোৰী ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নেপালৰ ক্ৰিকেট তাৰকা সন্দীপ লামিচানেক আজি সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে কাঠমাণ্ডু জিলা আদালতে।  কাঠমাণ্ডু আৰক্ষীয়ে লামিচানেৰ বিৰুদ্ধে অধিক তদন্তৰ বাবে তাৰকাগৰাকীৰ ৰিমাণ্ড বিচাৰি আদালতক আবেদন জনায় আৰু আদালতে এই আবেদন মঞ্জুৰ কৰি সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।  নেপাল ক্ৰিকেটৰ আটাইতকৈ বিখ্যাত আৰু সফল ক্ৰিকেটাৰগৰাকীক যোৱা ৬ অক্টোবৰত ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে নেপাল আৰক্ষীয়ে আটক কৰিছিল।

ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰাৰ এমাহ পাছত অৱশেষত দেশৰ মাটিত ভৰি দিয়েই গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল লামিচানে। এগৰাকী ১৭ বছৰীয়া কিশোৰী ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ৱাৰেণ্ট জাৰি কৰাৰ প্ৰায় এমাহ পিছত ন্যায়িক ব্যৱস্থাৰ সন্মুখীন হ'বলৈ নেপাললৈ উভতি আহিছিল তাৰকাগৰাকী আৰু নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অস্বীকাৰ কৰিলেও লামিচানেক লগে লগে জিম্মাত লোৱা হৈছিল। 

ইয়াৰ পূৰ্বে লামিচানেই নিজৰ ফেচবুক পেজত উত্থাপিত অভিযোগৰ বিৰুদ্ধে আহনী যুঁজত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে স্বদেশলৈ উভতি আহিছে বুলি অনুৰাগীসকলক জানিবলৈ দিছিল। পোষ্টটোত তেওঁ লিখে, "মই তদন্তৰ সকলো পৰ্যায়ত সম্পূৰ্ণ সহযোগিতা কৰিম আৰু মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ আইনী যুঁজ দিম। ন্যায়ৰ জয় হওঁক।”

এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে আগষ্টত কাঠমাণ্ডুৰ হোটেলৰ কোঠাত লামিচানেই ধৰ্ষণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে ৮ ছেপ্টেম্বৰত নেপালৰ এখন আদালতে গ্ৰেপ্তাৰ পাৰোৱানা জাৰি কৰিছিল। পিছত লামিচানেক নেপালৰ ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা নিলম্বিত কৰা হৈছিল।

কিন্তু কেৰিবিয়ান টি-২০ লীগত ভাগ লৈ থকাৰ বাবে লামিচানে পলমকৈ নেপালত উপস্থিত হয়। বিগত দেওবাৰে ছ'চিয়েল মিডিয়াত এক বিবৃতি জাৰি কৰি লামিচানেই পুনৰ তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছিল। 

পোষ্টটোত লামিচানেই লিখিছিল, “মোৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰ ৱাৰেণ্টৰ বাতৰিয়ে মোক মানসিকভাৱে বিচলিত কৰি তুলিছিল। মই কি কৰিব লাগে আৰু কি নকৰিব ভাবিব পৰা নাছিলো। মোৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে উন্নত হৈ আহিছে আৰু অভিযোগৰ বিৰুদ্ধে যুঁজাৰ বাবে মই যিমান সম্ভৱ সোনকালে নেপাললৈ উভতি যাবলৈ পৰিকল্পনা কৰিছো।"

উল্লেখ্যে যে লামিচানেৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ পিছতে নেপাল আৰক্ষীয়ে ক্ৰিকেটাৰ গৰাকীক আটক কৰাৰ বাবে ইণ্টাৰপ’লৰ পৰা সহায় বিচাৰিছিল আৰু নেপাল আৰক্ষীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইণ্টাৰপ'লে লামিচানেৰ নামত এক জাননী জাৰি কৰিছিল। ইয়াৰ পিছতে ২২ বছৰীয়া তাৰকাগৰাকীয়ে সামাজিক মাধ্যম যোগে এক আবেগিক পোষ্ট শ্বেয়াৰ কৰিছিল। অনুৰাগীসকলক উদ্দেশ্যি লামিচানেই পোষ্টটোত তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰটোৱে তেওঁক অসুস্থ কৰি তুলিছে বুলি মন্তব্য কৰে। 

বৰ্তমান বিশ্বৰ সকলো প্ৰধান টি-২০ লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰা লামিচানে ২০১৮ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জৰিয়তে প্ৰথম চৰ্চালৈ আহিছিল। সেইবৰ্ষত দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজীয়ে লামিচানেক চুক্তিবদ্ধ কৰিছিল। তাৰ পাছতে লামিচানেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী তাৰকা হিচাপে খ্যাতি লাভ কৰে। সম্প্ৰতি নেপাল ক্ৰিকেটৰ ‘পোষ্টাৰ বয়’ হৈ পৰা লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক