--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: এতিয়া ক্ৰিকেট বিশ্বকাপৰ বতৰ। ইতিমধ্যে অষ্ট্ৰেলিয়াত গৈ উপস্থিত হৈছেগৈ টিম ইণ্ডিয়া।  মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন খেল খেলিব ভাৰতে। সমুখত থাকিব চিৰবৈৰী পাকিস্তান। ২৩ অক্টোবৰলৈ অতি উৎকণ্ঠাৰে বাট চাইছে ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে।

ষ্টাৰ অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়া ভাৰতীয় ক্ৰিকেট বিশ্বকাপৰ দলটোৰ অন্যতম এজন শক্তিশালী সদস্য। ইতিমধ্যে হাৰ্ডিকো গৈ উপস্থিত হৈছে অষ্ট্ৰেলিয়াত। পিছে ইয়াৰ মাজতে হার্ডিকে পত্নী নাটাছা ষ্টেনকভিচক মনত পেলাবলৈ আৰম্ভ কৰিছে। পত্নীলৈ বাৰে বাৰে মনত পৰিছে হাৰ্ডিকৰ।

ইনষ্টাগ্ৰাম ষ্ট’ৰীত পত্নীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিলে হাৰ্ডিকে। কেপচনত লিখিলে ‘miss you’। কেৱল সেয়াই নহয়, তাৰলগতে হাৰ্টৰ এটা ইমজিও দিলে ক্ৰিকেটাৰগৰাকীয়ে। এই বিশেষ ষ্ট’ৰীটোৱে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ। ষ্ট’ৰীটোৱে ইণ্টাৰনেটত লাভ কৰিছে ব্যাপক চৰ্চা।

এই ফটোখন হাৰ্ডিকৰ পত্নী নাতাশাইও ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। এই ফটোখনৰ সৈতে তেওঁ কেপচনত লিখিছে, ‘ডাঙৰ বস্তু এটা নোহোৱা হৈছে’। নাতাছাই ইয়াৰ লগতে আৰু দুখন ফটো শ্বেয়াৰ কৰিছে য’ত  তেওঁলোকৰ পুত্ৰ আগষ্ট্যক হাৰ্ডিকে সাৱটি ধৰা দেখা গৈছে। হাৰ্ডিকৰ ককায়েক কৃণাল  আৰু বায়েক পাংখুৰী শৰ্মাইও নতাশাৰ ফটো সন্দৰ্ভত মন্তব্য কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু