--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব'ৰ্ড বিচিচিআইৰ বৰ্তমানৰ সভাপতি সৌৰভ গাংগুলীৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে। একেলগে দুটাকৈ কাৰ্যকাল বিচিচিআইৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত গাংগুলীয়ে পুনৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে যোৱা মাহতে কাৰ্যকাল অন্ত পৰাৰ পাছত গাংগুলীয়ে এইবাৰ আইচিচিৰ অধ্যক্ষ পদৰ বাবে ভাৰতৰ প্ৰতিনিধি হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ইফালে বিচিচিআইৰ সভাপতি পদত গাংগুলীৰ উত্তৰাধিকাৰী কোন হ’ব, সেই লৈও ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। এই ক্ষেত্ৰত শেহতীয়াকৈ সৰ্বাধিক উচ্চাৰিত হৈছে ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যৰ নাম। 

এসময়ৰ ভাৰতীয় দলৰ পেচ আক্ৰমণৰ অন্যতম সদস্য ৰ’জাৰ বিন্নীৰ নাম চৰ্চাৰ শীৰ্ষত আছে। বিচিচিআইৰ সূত্ৰ অনুসৰি সৌৰভ গাংগুলীৰ ঠাইত বিন্নী বিচিচিআইৰ পৰৱৰ্তী সভাপতি হোৱাৰ সম্ভাৱনা আছে। সম্প্ৰতি বিন্নীয়ে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখ্য যে বিন্নীয়ে ইয়াৰ পূৰ্বে বিচিচিআইৰ বাছনি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

অৱশ্যে বিন্নীৰ লগতে বিচিচিআইৰ বৰ্তমানৰ সচিব জয় শ্বাহৰ নামো চৰ্চালৈ আহিছে যদিও শ্বাহে সচিব হিচাপেই দায়িত্ব পালন কৰিব বুলিব বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে। বিচিচিআইৰ এই সূত্ৰ অনুসৰি বিচিচিআইৰ পৰৱৰ্তী উপ-সভাপতি দৌৰত ৰাজীৱ শুক্লা সকলোতকৈ আগত আছে। ইফালে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ লগতে দিল্লী ক্ৰিকেট সংস্থাৰ মুৰব্বী ৰোহন জেটলী যুটীয়া সম্পাদক পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ 

আনহাতে বিচিচিআইৰ বৰ্তমানৰ কোষাধ্যক্ষ অৰুণ ধুমাল আৰু আশীষ চেলাৰে কোষাধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে৷ সূত্ৰ অনুসৰি অৰুণ ধুমালৰ নাম আই পি এলৰ পৰৱৰ্তী অধ্যক্ষ হিচাপেও চৰ্চিত হৈছে।

১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে ১১ আৰু ১২ অক্টোবৰত মনোনয়ন দাখিলৰ দিন ধাৰ্য কৰা হৈছে। আনহাতে ১৩ অক্টোবৰত মনোনয়নৰ পৰীক্ষণ হ'ব আৰু প্ৰাৰ্থীসকলে ১৪ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক