--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ব'ৰ্ড বিচিচিআইৰ বৰ্তমানৰ সভাপতি সৌৰভ গাংগুলীৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে। একেলগে দুটাকৈ কাৰ্যকাল বিচিচিআইৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত গাংগুলীয়ে পুনৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে যোৱা মাহতে কাৰ্যকাল অন্ত পৰাৰ পাছত গাংগুলীয়ে এইবাৰ আইচিচিৰ অধ্যক্ষ পদৰ বাবে ভাৰতৰ প্ৰতিনিধি হিচাপে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

ইফালে বিচিচিআইৰ সভাপতি পদত গাংগুলীৰ উত্তৰাধিকাৰী কোন হ’ব, সেই লৈও ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। এই ক্ষেত্ৰত শেহতীয়াকৈ সৰ্বাধিক উচ্চাৰিত হৈছে ভাৰতীয় দলৰ এগৰাকী প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ তথা ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যৰ নাম। 

এসময়ৰ ভাৰতীয় দলৰ পেচ আক্ৰমণৰ অন্যতম সদস্য ৰ’জাৰ বিন্নীৰ নাম চৰ্চাৰ শীৰ্ষত আছে। বিচিচিআইৰ সূত্ৰ অনুসৰি সৌৰভ গাংগুলীৰ ঠাইত বিন্নী বিচিচিআইৰ পৰৱৰ্তী সভাপতি হোৱাৰ সম্ভাৱনা আছে। সম্প্ৰতি বিন্নীয়ে কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাৰ কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখ্য যে বিন্নীয়ে ইয়াৰ পূৰ্বে বিচিচিআইৰ বাছনি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

অৱশ্যে বিন্নীৰ লগতে বিচিচিআইৰ বৰ্তমানৰ সচিব জয় শ্বাহৰ নামো চৰ্চালৈ আহিছে যদিও শ্বাহে সচিব হিচাপেই দায়িত্ব পালন কৰিব বুলিব বিচিচিআইৰ এক সূত্ৰই প্ৰকাশ কৰিছে। বিচিচিআইৰ এই সূত্ৰ অনুসৰি বিচিচিআইৰ পৰৱৰ্তী উপ-সভাপতি দৌৰত ৰাজীৱ শুক্লা সকলোতকৈ আগত আছে। ইফালে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ লগতে দিল্লী ক্ৰিকেট সংস্থাৰ মুৰব্বী ৰোহন জেটলী যুটীয়া সম্পাদক পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ 

আনহাতে বিচিচিআইৰ বৰ্তমানৰ কোষাধ্যক্ষ অৰুণ ধুমাল আৰু আশীষ চেলাৰে কোষাধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে৷ সূত্ৰ অনুসৰি অৰুণ ধুমালৰ নাম আই পি এলৰ পৰৱৰ্তী অধ্যক্ষ হিচাপেও চৰ্চিত হৈছে।

১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিচিচিআইৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে ১১ আৰু ১২ অক্টোবৰত মনোনয়ন দাখিলৰ দিন ধাৰ্য কৰা হৈছে। আনহাতে ১৩ অক্টোবৰত মনোনয়নৰ পৰীক্ষণ হ'ব আৰু প্ৰাৰ্থীসকলে ১৪ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক