--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ এগৰাকী ধৰ্মগুৰু, প্ৰায় ৪ বছৰ ধৰি ধৰ্ষণ কৰি আহিছিল দুই কিশোৰীক। অভিযোগ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্মগুৰুৰ লগতে আন ৪জন অভিযুক্তক।

পোস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় লোককেইজনক। বৰ্তমানেও আৰক্ষীৰ জিম্মাত ৰখা হৈছে অভিযুক্তকেইজনক। কৰ্ণাটকৰ অতি প্ৰভাৱশালী হিন্দু লিংগায়ত ধৰ্মীয় শিক্ষানুষ্ঠানৰ জগতগুৰু মুৰুঘাৰাজেন্দ্ৰ বিদ্যাপীঠৰ প্ৰধান ধৰ্মগুৰু শিৱমূৰ্তি মুৰুঘা ছাৰানাৰুসহ পাঁচজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনা অনুসৰি হোষ্টেলত থকা ১৫ আৰু ১৬ বছৰীয়া দুই কিশোৰীক বিগত ৪ বছৰ ধৰি ধৰ্ষণ কৰি আহিছিল ধৰ্মগুৰুগৰাকীয়ে। দুই কিশোৰীয়ে ধৰ্মগুৰুৰ লগতে হোষ্টেলৰ ৱাৰ্ডেনসহ অন্য তিনিগৰাকীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে।

জানিব পৰা মতে দুই নিৰ্যাতিতা কিশোৰী ধৰ্মীয় শিক্ষানুষ্ঠানখনৰে ছাত্ৰী আছিল। তাৰেই সুযোগ লৈছিল ধৰ্মগুৰুজনে। পাছত দুয়ো কিশোৰী তাৰ পৰা কোনোমতে পলায়ন কৰি এটা এন জি অৰ সহায় লয় আৰু সমগ্ৰ ঘটনা পোহৰলৈ আনে।

উল্লেখ্য যে, এইখন মঠতে কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আশিস লৈছিল। কৰ্ণাটকৰো বহু নেতা-পলিনেতাৰ সঘন আহ-যাহ এই মঠলৈ। কৰ্ণাটক ৰাজনীতিত ধৰ্মগুৰুগৰাকীৰ যথেষ্ট প্ৰভাৱ থকা দেখিবলৈ পোৱা যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী