--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ এগৰাকী ধৰ্মগুৰু, প্ৰায় ৪ বছৰ ধৰি ধৰ্ষণ কৰি আহিছিল দুই কিশোৰীক। অভিযোগ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্মগুৰুৰ লগতে আন ৪জন অভিযুক্তক।

পোস্কো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় লোককেইজনক। বৰ্তমানেও আৰক্ষীৰ জিম্মাত ৰখা হৈছে অভিযুক্তকেইজনক। কৰ্ণাটকৰ অতি প্ৰভাৱশালী হিন্দু লিংগায়ত ধৰ্মীয় শিক্ষানুষ্ঠানৰ জগতগুৰু মুৰুঘাৰাজেন্দ্ৰ বিদ্যাপীঠৰ প্ৰধান ধৰ্মগুৰু শিৱমূৰ্তি মুৰুঘা ছাৰানাৰুসহ পাঁচজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনা অনুসৰি হোষ্টেলত থকা ১৫ আৰু ১৬ বছৰীয়া দুই কিশোৰীক বিগত ৪ বছৰ ধৰি ধৰ্ষণ কৰি আহিছিল ধৰ্মগুৰুগৰাকীয়ে। দুই কিশোৰীয়ে ধৰ্মগুৰুৰ লগতে হোষ্টেলৰ ৱাৰ্ডেনসহ অন্য তিনিগৰাকীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে।

জানিব পৰা মতে দুই নিৰ্যাতিতা কিশোৰী ধৰ্মীয় শিক্ষানুষ্ঠানখনৰে ছাত্ৰী আছিল। তাৰেই সুযোগ লৈছিল ধৰ্মগুৰুজনে। পাছত দুয়ো কিশোৰী তাৰ পৰা কোনোমতে পলায়ন কৰি এটা এন জি অৰ সহায় লয় আৰু সমগ্ৰ ঘটনা পোহৰলৈ আনে।

উল্লেখ্য যে, এইখন মঠতে কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আশিস লৈছিল। কৰ্ণাটকৰো বহু নেতা-পলিনেতাৰ সঘন আহ-যাহ এই মঠলৈ। কৰ্ণাটক ৰাজনীতিত ধৰ্মগুৰুগৰাকীৰ যথেষ্ট প্ৰভাৱ থকা দেখিবলৈ পোৱা যায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু