--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অমিতাভ বচ্চন আৰু জয়া বচ্চন দম্পতীয়ে বলীউডত এক শক্তিশালী ভেটি স্থাপন কৰিছে। নিপুণ অভিনয় আৰু ব্যক্তিত্বৰে তেওঁ দৰ্শকৰ হৃদয় জয় কৰিছিল। দীঘলীয়া অভিনয় জীৱনতো তেওঁলোকৰ উপাৰ্জন যথেষ্ট আছিল। এই দুই তাৰকাৰ মুঠ সম্পত্তি ৩ হাজাৰ ৪৫৬ কোটি টকা।

 জয়া বচ্চনৰ ঘড়ীটোৰ দাম ৫১ লাখ টকা। অমিতাভৰ ঘড়ীৰ মূল্য মুঠ ৩ কোটি ৪০ লাখ টকা। ২০১৮ চনত জয়া বচ্চনে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত দুয়োৰে মুঠ সম্পত্তি হাজাৰ কোটি টকাৰ পৰিমাণ দেখুওৱা হৈছিল। স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫৪০ কোটি। ৪৬০ কোটি অস্থাৱৰ সম্পত্তিৰ কথা উল্লেখ কৰা হৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অমিতাভে প্ৰতিমাহে ৩০ কোটি টকা উপাৰ্জন কৰে। জয়াৰ মাহিলী আয় ৩৫ লাখ।

 'কৌন বনেগা কৌৰোপতি' অনুষ্ঠানৰ প্ৰতিটো খণ্ডৰ বাবে অমিতাভে লয় ৪ কোটি টকা। প্ৰতিখন ছবিত কাম কৰাৰ বাবে তেওঁ লাভ কৰে ৬ কোটি টকা। ‘ব্ৰহ্মস্ত্ৰ’ত অভিনয় কৰি তেওঁ ১০ কোটি টকা উপাৰ্জন কৰিছিল। মুম্বাইৰ ‘জলছা’ৰ উপৰি বচ্চন দম্পতীৰ আন পাঁচটা বাংলো আছে। প্ৰতিটো বাংলোৰ দাম প্ৰায় ৩২ কোটি টকা।

 অমিতাভৰ আন্ধেৰীত থকা বিলাসী ফ্লেটটো শেহতীয়াকৈ অভিনেত্ৰী কৃতী শ্বেননক ভাড়াত দিয়া হৈছে। অভিনেত্ৰীগৰাকীয়ে প্ৰতিমাহে ভাড়া হিচাপে দিব লাগিব ১০ লাখ টকা। দিল্লীৰ গুলমোহৰ পাৰ্কতো অমিতাভৰ এটা ঘৰ আছিল। ২০২২ চনৰ আৰম্ভণিতে তেওঁ ২৩ কোটি টকাত বিক্ৰী কৰিছিল ঘৰটো।

 তদুপৰি অমিতাভ আৰু জয়াই ভূপাল, দিল্লী, গুজৰাট, পুণে, মুম্বাইত মাটি ক্ৰয় কৰিছে। উত্তৰ প্ৰদেশৰ দৌলতপুৰ অঞ্চলৰ তিনি একৰ মাটি ক্ৰয় কৰিছিল অমিতাভে। এই মাটিৰ মূল্য ৫.৭ কোটি টকা। লক্ষ্ণৌৰ কাকোৰী অঞ্চলত জয়া বচ্চনৰ কৃষিযোগ্য মাটি আছে। এই ১.২২ একৰ মাটিৰ মূল্য ২.২২ কোটি টকা।

 কেৱল ভাৰততে নহয়, ফ্ৰান্সৰ Brignogne-Plageতো ‘বিগ-বি’ত আছে ৩১৭৫ বৰ্গমিটাৰ মূল্যৰ এটা বিলাসী বাংলো। তদুপৰি অমিতাভৰ পত্নীৰ হাতত আছে ৬২ কোটি টকাৰ সোণৰ গহনা। বচ্চন দম্পতীৰ সংগ্ৰহত আছে ৯ লাখ টকাৰ এটা কলম।

 অমিতাভ আৰু জয়াৰ আছে বিখ্যাত ব্ৰেণ্ডৰ দামী গাড়ীও। মাৰ্চিডিজ বেঞ্জ, পৰ্ছে, ৰ’লছ ৰয়ছকে ধৰি ১২ কোটিৰ গাড়ী। পাঁচ দশক পূৰ্বে বলীউডৰ ডাঙৰ পৰ্দাত ‘বিগ বি’ অমিতাভ বচ্চন আৰু জয়াক একেলগে দেখা গৈছিল। ১৯৭২ চনত মুক্তি পোৱা ‘বাংছি ঔৰ বীৰজু’ ছবিখনত দুয়োজনে ব্যতিক্ৰমীভাৱে ভাল অভিনয় কৰিছিল।

 অমিতাভ আৰু জয়া দুয়োজনেই অভিনয় জগতৰ শীৰ্ষস্থানীয় বলীউডৰ তাৰকাসকলৰ ভিতৰত আছে। 'চিলচিলা', 'শোলে', 'অভিমান'ৰ পৰা 'কবি খুশি কভি গম'লৈকে প্ৰতিখন ছবিতে দম্পতীহালে মহান অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছে। দুয়োকে শেষবাৰৰ বাবে ‘কি এণ্ড কা’ ছবিখনত অভিনয় কৰা দেখা গৈছিল। ২০১৬ চনৰ পাছত ডাঙৰ পৰ্দাত অমিতাভ আৰু জয়াক একেলগে অভিনয় কৰা দেখা পোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু