--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অমিতাভ বচ্চন আৰু জয়া বচ্চন দম্পতীয়ে বলীউডত এক শক্তিশালী ভেটি স্থাপন কৰিছে। নিপুণ অভিনয় আৰু ব্যক্তিত্বৰে তেওঁ দৰ্শকৰ হৃদয় জয় কৰিছিল। দীঘলীয়া অভিনয় জীৱনতো তেওঁলোকৰ উপাৰ্জন যথেষ্ট আছিল। এই দুই তাৰকাৰ মুঠ সম্পত্তি ৩ হাজাৰ ৪৫৬ কোটি টকা।

 জয়া বচ্চনৰ ঘড়ীটোৰ দাম ৫১ লাখ টকা। অমিতাভৰ ঘড়ীৰ মূল্য মুঠ ৩ কোটি ৪০ লাখ টকা। ২০১৮ চনত জয়া বচ্চনে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত দুয়োৰে মুঠ সম্পত্তি হাজাৰ কোটি টকাৰ পৰিমাণ দেখুওৱা হৈছিল। স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫৪০ কোটি। ৪৬০ কোটি অস্থাৱৰ সম্পত্তিৰ কথা উল্লেখ কৰা হৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অমিতাভে প্ৰতিমাহে ৩০ কোটি টকা উপাৰ্জন কৰে। জয়াৰ মাহিলী আয় ৩৫ লাখ।

 'কৌন বনেগা কৌৰোপতি' অনুষ্ঠানৰ প্ৰতিটো খণ্ডৰ বাবে অমিতাভে লয় ৪ কোটি টকা। প্ৰতিখন ছবিত কাম কৰাৰ বাবে তেওঁ লাভ কৰে ৬ কোটি টকা। ‘ব্ৰহ্মস্ত্ৰত অভিনয় কৰি তেওঁ ১০ কোটি টকা উপাৰ্জন কৰিছিল। মুম্বাইৰ ‘জলছাৰ উপৰি বচ্চন দম্পতীৰ আন পাঁচটা বাংলো আছে। প্ৰতিটো বাংলোৰ দাম প্ৰায় ৩২ কোটি টকা।

 অমিতাভৰ আন্ধেৰীত থকা বিলাসী ফ্লেটটো শেহতীয়াকৈ অভিনেত্ৰী কৃতী শ্বেননক ভাড়াত দিয়া হৈছে। অভিনেত্ৰীগৰাকীয়ে প্ৰতিমাহে ভাড়া হিচাপে দিব লাগিব ১০ লাখ টকা। দিল্লীৰ গুলমোহৰ পাৰ্কতো অমিতাভৰ এটা ঘৰ আছিল। ২০২২ চনৰ আৰম্ভণিতে তেওঁ ২৩ কোটি টকাত বিক্ৰী কৰিছিল ঘৰটো।

 তদুপৰি অমিতাভ আৰু জয়াই ভূপাল, দিল্লী, গুজৰাট, পুণে, মুম্বাইত মাটি ক্ৰয় কৰিছে। উত্তৰ প্ৰদেশৰ দৌলতপুৰ অঞ্চলৰ তিনি একৰ মাটি ক্ৰয় কৰিছিল অমিতাভে। এই মাটিৰ মূল্য ৫.৭ কোটি টকা। লক্ষ্ণৌৰ কাকোৰী অঞ্চলত জয়া বচ্চনৰ কৃষিযোগ্য মাটি আছে। এই ১.২২ একৰ মাটিৰ মূল্য ২.২২ কোটি টকা।

 কেৱল ভাৰততে নহয়, ফ্ৰান্সৰ Brignogne-Plageতো ‘বিগ-বিত আছে ৩১৭৫ বৰ্গমিটাৰ মূল্যৰ এটা বিলাসী বাংলো। তদুপৰি অমিতাভৰ পত্নীৰ হাতত আছে ৬২ কোটি টকাৰ সোণৰ গহনা। বচ্চন দম্পতীৰ সংগ্ৰহত আছে ৯ লাখ টকাৰ এটা কলম।

 অমিতাভ আৰু জয়াৰ আছে বিখ্যাত ব্ৰেণ্ডৰ দামী গাড়ীও। মাৰ্চিডিজ বেঞ্জ, পৰ্ছে, ৰলছ ৰয়ছকে ধৰি ১২ কোটিৰ গাড়ী। পাঁচ দশক পূৰ্বে বলীউডৰ ডাঙৰ পৰ্দাত ‘বিগ বি অমিতাভ বচ্চন আৰু জয়াক একেলগে দেখা গৈছিল। ১৯৭২ চনত মুক্তি পোৱা ‘বাংছি ঔৰ বীৰজু ছবিখনত দুয়োজনে ব্যতিক্ৰমীভাৱে ভাল অভিনয় কৰিছিল।

 অমিতাভ আৰু জয়া দুয়োজনেই অভিনয় জগতৰ শীৰ্ষস্থানীয় বলীউডৰ তাৰকাসকলৰ ভিতৰত আছে। 'চিলচিলা', 'শোলে', 'অভিমান'ৰ পৰা 'কবি খুশি কভি গম'লৈকে প্ৰতিখন ছবিতে দম্পতীহালে মহান অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছে। দুয়োকে শেষবাৰৰ বাবে ‘কি এণ্ড কা ছবিখনত অভিনয় কৰা দেখা গৈছিল। ২০১৬ চনৰ পাছত ডাঙৰ পৰ্দাত অমিতাভ আৰু জয়াক একেলগে অভিনয় কৰা দেখা পোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী